অসমত আন্দোলন আৰু ছাত্ৰ সংগঠন


অসম আন্দোলন চলিছিল ১৯৭৯ পৰা ১৯৮৫ চনলৈ, অসম চুক্তি হোৱালৈকে। আন্দোলনৰ এই সময়ছোৱাত যিসকল কিশোৰ-কিশোৰী, যুৱক-যুৱতী আছিল তেওঁলোক  সুদীৰ্ঘ ৩০-৩৫ বছৰ পিছত একো একোজন দায়িত্বশীল পিতৃ - মাতৃৰ  ভূমিকাত অৱতীৰ্ণ হৈছে নিশ্চয়। 

এইসকল লোকে অসম আন্দোলন আৰু ছাত্ৰ সংগঠন সমূহৰ পৰা অত বছৰে অসমৰ ৰাইজৰ কি লাভ ', কোন ৰজা ', আদি লাভা-লাভৰ বিষয়ে ভালদৰেই জানে সেয়ে নতুনকৈ দোহৰাৰ প্ৰয়োজন আছে বুলি নাভাবো।

অসম আন্দোলনত প্ৰত্যক্ষ ভাবে অংশগ্ৰহণ কৰা বা নিচেই ওচৰৰ পৰা নিৰীক্ষণ কৰা, এই প্ৰজন্মৰ লোকসকলৰ লৰা-ছোৱালী সমূহ, বৰ্তমান স্কুল, কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ। 

বৰ্তমান অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীক আন্দোলন কৰাৰ পৰা বিৰত ৰাখিবলৈ, প্ৰণয়ন কৰিব বিচৰা আইনখনক সমৰ্থন কৰি অসমী আইৰ লগতে নিজৰ লৰা-ছোৱালী কেইটাৰ উপকাৰ কৰক। লগতে নিজৰ নিজৰ 'ৰা-ছোৱালীবোৰক তথাকথিত ছাত্ৰনেতা সকলৰ দ্বাৰা আৱেগিক তথা প্ৰৰোচিত নহবলৈ শিকাওক।

ভাৰত স্বাধীন হোৱাৰ পিছত গুজৰাট আৰু মহাৰাষ্ট্ৰ এই দুখন ৰাজ্য  লগলাগি "বোম্বাই স্টেট" নামেৰে এখন ৰাজ্য হিচাবে লগ লাগি আছিল।

গুজৰাটী সকলে (মাৰাঠী সকলেও) ১৯৫৬ চনৰ পৰা "মহা-গুজৰাট আন্দোলন" কৰি ১৯৬০ চনৰ মে' দিনা সুকীয়া গুজৰাট ৰাজ্য পাবলৈ সক্ষম হৈছিল।

একেদিনাই মাৰাঠী সকলেও মহাৰাষ্ট্ৰ ৰাজ্যৰ মৰ্য্যদা পাইছিল।

১৯৫৬-৬০ লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে একেৰাহে চলা মহা-গুজৰাট আন্দোলনত গুজৰাটৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ প্ৰধান উদ্যোক্তা আছিল মোৰাৰজী দেশাই আৰু ইন্দুলাল যাজ্ঞিক। আন্দোলনৰ নেতৃত্ব দিয়াৰ সময়ত দুয়োজন নেতাৰ বয়স আছিল ক্ৰমে ৬৪ আৰু ৬৮ বছৰ। মনকৰিবলগীয়া কথাটো হৈছে যে এই গণ আন্দোলনত "ছাত্ৰ সন্থা জাতীয়" কোনো সংগঠনৰ, বিশেষ কোনো ভূমিকা নাছিল।

মহা-গুজৰাট আন্দোলনৰ পিছত, গুজৰাটত আজিৰ তাৰিখলৈ কোনো ধৰনৰ উল্লেখনীয় আন্দোলনৰ সূত্ৰপাত হোৱা নাই। 

গুজৰাটী সমাজ ব্যৱস্থাত, আজিৰ তাৰিখতো, পৰিয়ালৰ মূৰব্বী তথা বয়োজ্যেষ্ঠ জনে সকলো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত  লোৱাৰ দৰেই, সমাজ তথা ৰাজনীতিতো বয়োজ্যষ্ঠ লোকেহে অংশগ্ৰহণ কৰে বা সিদ্ধান্ত সমূহ গ্ৰহণ কৰে। ছাত্ৰ সকলে নিজৰ পঢ়াশুনাৰ বাহিৰে বেলেগ কোনো বিষয়ক লৈ মূৰ নঘমায় বা স্বয়ুম্ভূ অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হবলৈ চেষ্টা নকৰে। গুজৰাটৰ ছাত্ৰ সমাজে শোভাযাত্ৰা, পিকেটিং, ধৰ্ণা এইবোৰ কি বস্তু একো নাজানে। "চান্দা" আৰু "বন্ধ" কি বস্তু আজি দহবছৰে দেখি নাপালো। সাধাৰন শ্ৰেণীৰ মানুহবোৰৰ দৰেই ছাত্ৰসকলোৰো ৰাজনীতিৰ প্ৰতি অহেতুক প্ৰীতি নাই। 

গুজৰাট ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত তথা বিকশিত ৰাজ্য। কাৰন অসমৰ দৰে গুজৰাটত কোনো ছাত্ৰ সংগঠন নাই।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা