অ-কৃষকৰ মুক্তিপন


শ্ৰদ্ধেয় ৰাইজ,
অসমৰৰ এজন আন্দোলনকাৰী নেতা যিজনে নিজকে কৃষকৰ মুক্তি (?) কৰিম বুলি দাবী কৰে অথচ তেখেতে অসমত কৰ্ম্ম সংস্কৃতি গঢ়ি তুলিবলৈ কোনো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ নকৰি বৰং চান্দা সংস্কৃতিহে গঢ়ি তুলিছে। হকে বিহকে আন্দোলন কৰাৰ নামত সমগ্ৰ অসমৰ বাবে বহু অপেক্ষিত উন্নয়নৰ কামবোৰ স্থৱিৰ কৰিবলৈ সদায় তৎপৰ হৈ পৰে। এই গৰাকী স্বয়ুম্ভূ কৃষক নেতাই "এডেও দুডেও লোটা নিয়াৰ চেও" ধৰি ভৱিষ্যতলৈ ৰাজনীতি কৰাৰ পথ সুগম কৰিবলৈ অহোপূৰুষাৰ্থ কৰি থকাটো চবেই জানে।
সাম্প্ৰতিক সময়ত নীতিবিহীন দোদূল্যমান স্থিতি গ্ৰহণ কৰি নিজৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ স্বাৰ্থতেই, এই গৰাকী মহাশয়ে এতিয়ালৈকে নিজ আদৰ্শ, স্থিতি আৰু পক্ষ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান তেখেতে তোষামোদৰ ৰাজনীতি আৰু লগতে আবেগৰ জোৱাঁৰেৰে আকৌ এবাৰ অসম তথা অসমবাসীক ঠগিবলৈ যো-জা কৰি আছে। "পাব্লিক মেম'ৰী ইজ ভেৰী শ্বৰ্ট" এই কথাটোৰ বাবেই একেখিনি মানুহক বেলেগে-বেলেগে, বাৰে-বাৰে ঠগিবলৈ সম্ভৱ হয়। সেয়ে নেতা জনে ঘৃণনীয় ভাবে এইবাৰ প্ৰতিবাদৰ নামত আত্মজাহৰ দৰে মাৰাত্মক পদক্ষেপ লবলৈ নিৰীহ তথা সাধাৰণ যুৱকসকলক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে প্ৰৰোচিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিবলৈও কুন্ঠাবোধ কৰা নাই।
অসমৰ অস্তিত্ব ৰক্ষাৰ ছবছৰীয়া আন্দোলনৰ ফলত ৮৫৫ জন নিৰীহ যুৱক শ্বহীদ হৈছিল। এই আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। শ্বহীদসকলৰ আত্মত্যাগৰ কোনো মূল্যাঙ্কন নহ'ল। নেতাসকলৰ একো ক্ষতি নহ', মাথোঁ শ্বহীদসকলৰ পৰিয়াল সমূহৰ বাবেহে এক অপূৰণীয় ক্ষতি 'ল।
পিছলৈ শ্বহীদ সকলৰ কেঁচা তেজৰ বিনিময়ত ক্ষমতালৈ অহা অসম গণ পৰিষদৰ কোনো এগৰাকী নেতাই আনকি নিজৰ 'ৰাৰ নামটোও খৰ্গেশ্বৰ বা অন্য কোনো শ্বহীদৰ নাম ৰাখি নাপালে।
এই মাত্ৰ পোৱা বাতৰি মতে জানিব পৰা গৈছে যে আকৌ ১৯৭৯ চনৰ দৰে অসমৰ ৰাইজক আৱেগিক কৰি ৰাজনীতিত সফল হবলৈ বিচৰা এই -কৃষক নেতাগৰাকীক, এক অজ্ঞাত সন্ত্ৰাসবাদী গোটে অপহৰণ কৰি লৈ গৈছে। সন্ত্ৰাসবাদী সকলে ১০০ কৌটি টকা তেখেতৰ মুক্তিপন হিচাবে দাবী কৰিছে।
সময়মতে মুক্তিপন আদায় নিদিলে সন্ত্ৰাসবাদী সকলে নেতাগৰাকীক পেট্ৰোল ঢালি জ্বলাই দিয়াৰ ভাবুকিও প্ৰদান কৰিছে
যদি বাতৰিটো সঁচা হয় তেনেহ'লে, এনে এক সংকটময় পৰিস্থিতিত আমাৰো নিশ্চয় কিছু কৰণীয় আছে। সেয়েহে মই সমূহ ৰাইজক, কৰযোৰে কাকূতি-মিনতি কৰিছো, আপোনালোকেও কিছু দান-বৰঙণি আগবঢ়াই এই ভয়াবহ সংকটৰ পৰা নেতাগৰাকীক মুক্ত কৰাৰ বাবে, অকুন্ঠচিত্তে সহায়ৰ হাত আগবঢ়াওঁক।
ইতিমধ্যে, মই লিটাৰ পেট্ৰোল দান হিচাবে আগবঢ়াইছোঁ। আপোনালোকেওঁ যিমান পাৰে পেট্ৰোল দান কৰক।

সৰ্ব্ব সাধাৰণ ৰাইজৰ হিতাৰ্থে সম্প্ৰচাৰিত।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা