ভাৰত-ৰত্ন ভূপেনদা
অসমৰ এটা অঞ্চলত এগৰাকী মানুহ আছিল। মানুহজনৰ বিশেষত্ব আছিল যে তেখেত কোনো কথাতেই সন্তুষ্ট নহৈছিল আৰু কোনো কাৰনতেই কিবা এটা ভাল হৈছে বুলি মুখ ফুটাই কব নোৱাৰিছিল। বহুতো ভাল ভাল কথা, কাম, বিশেষকৈ খাদ্যৰ খূঁত উলিয়াই তেওঁ বৰ ৰঙ পাইছিল।
ৰাজহুৱা ভোজ, বিয়া আদিৰ অভ্যৰ্থনা বা ব্যক্তিগত নিমন্ত্ৰণ আদিত বিশেষকৈ খোৱা বোৱাৰ ওপৰত তেখেতে বৰকৈ খূঁত ধৰিছিল। পিছলৈ সেই মানুহজনৰ আত্মীয় স্বজন, প্ৰতিবেশী তথা চুবুৰীটোৰ লোকে মানুহগৰাকীক নিমন্ত্ৰণ জনাবলৈ ভয়েই কৰা হৈছিল। নিমন্ত্ৰণ কৰি মাতিলেও মাছৰ তৰকাৰী, দাইল খন কেনে হৈছে বুলি কব বা ভাল হোৱা নাই বুলি কব নেকি, এই আশঙ্কাত গৃহস্থৰ তত নাইকিয়া হৈছিল।
মুঠৰ ওপৰত মানুহজনে মাথোঁ সমালোচনা কৰিবহে জানিছিল, কোনোদিন কাকো প্ৰশংসা কৰি পোৱা নাছিল।
এদিনাখন গাৱঁৰেই এগৰাকী মহিলাই মনৰ ভিতৰত চ্যালেঞ্জ এটা ল'লে। মহিলাগৰাকীয়ে মানুহজনক মাংস ভাত খাবলৈ নিমন্ত্ৰন কৰিলে। মহিলাগৰাকীয়ে যথেষ্ট ধৈৰ্য্য, নিষ্ঠা আৰু আন্তৰিকতাৰে মাংসখন ৰান্ধিলে যাতে সেই সমালোচনা কৰা মানুহজনে একো খূঁত ধৰিব নোৱাৰে। মানুহজন আহিল, মাংস-ভাত খাই বৈ উঠাৰ পিছত মহিলাগৰাকীয়ে সুধিলে,
"বৰদেউতা, খাই কেনে পালে নো? বিশেষকৈ মাংসখন ভাল হৈছিল।"
প্ৰশ্নটো শুনি মানুহজন কিছুপৰ ৰৈ দিলে যেন মাংস খনৰ সোঁৱাদ মনত হে পেলাইছে। তাৰ পিছত দাঁত খৰকিয়াই ক'লে,
"তুমি বনোৱা মাংসৰ তৰকাৰীখনত নিমখ অকণ বেছি হোৱা হ'লে, মাংসখন কিন্তু চোকা হৈ খাব পৰা নগ'লহেঁতেন।"
অস্বীকৰণঃ ভূপেনদাক ভাৰত-ৰত্ন দিয়া কথাটোক কিছুমানে সহজভাবে নোলোৱা কথাটোৰ সতে ওপৰোক্ত কাহিনীৰ কোনো মিল নাই।
Comments
Post a Comment