কাৰ্গিলৰ যুদ্ধ
১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধৰ সময়ত তদানীন্তন বি এল টি এফ (বড়ো লিবাৰেশ্বন টাইগাৰ ফোৰ্চ) সংক্ষেপে বি এল টি নামৰ উগ্ৰপন্থী সংগঠনটো অসমত অতি সক্ৰিয় হৈ আছিল। পৃথক বড়োলেণ্ড ৰাজ্য দাবী কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰিছিল। পিছলৈ আত্মসমৰ্পন কৰি "বি পি পি এফ" নামেৰে ৰাজনৈতিক দল হিচাবে আত্মপ্ৰকাশ কৰে। এই সংগঠনটো বহুতো কূটাঘাত তথা মানুহৰ অকাল মৃত্যুৰ বাবে দায়ী আৰু তাৰ বাবে ইতিহাসে নিশ্চয় ক্ষমা নকৰে, কিন্তু পাকিস্তানৰ লগত কাৰ্গিলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত সংগঠনটোৰ মূৰব্বী (প্ৰেম সিং ব্ৰহ্ম নে হাগ্ৰামা আছিল, নে অইন কোনোবা আছিল নামটো পাহৰিলোঁ) জনে ভাৰতৰ হৈ পাকিস্থানৰ বিৰুদ্ধে নিজ সশস্ত্ৰ শক্তিৰে যুঁজিবলৈ চৰকাৰ ওচৰত আবেদন কৰিছিল।
মই ভাবো ইয়াতকৈ দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন হবই নোৱাৰে।
আনহাতে সততে মহাবীৰ লাচিত তথা শৰাইঘাটৰ ৰণৰ কথা কোৱা আলফাৰ নেতৃত্ব অৰ্থাৎ বুঢ়া শগুণটোৱে পাকিস্থানৰ সমৰ্থনত বিবৃতি দি ভাৰতৰ পৰাজয় কামনা কৰিছিল।
আজিও কিছুমান ১৮২৬ চনৰ আগৰ ইতিহাস নজনা/ জানিব নিবিচৰা অথচ লাচিতৰ কথা কোৱা, হেংদানৰ কথা কোৱা, কথাই কথাই ভলূকা বাহঁৰ কথা কোৱা, মুৰ্খবোৰে পাকে প্ৰকাৰে ৪০ জন শ্বহীদৰ আত্ম বলিদানক উপহাস কৰিব বিচাৰিছে।
এটা কথা সকলোৱে মনত ৰখা উচিত যে "বালীলৈ যিপাত, সুগ্ৰীৱলৈয়ো সেইপাত।"
অসম যদি কেতিয়াবা কাশ্মীৰ হয় তেনেহ'লে এই সকল অতি ভণ্ড জাতীয়তাবাদী বোৰৰ বাবেহে হ'ব।
Comments
Post a Comment