জুবিনৰ অডিঅ' "ভাইৰেল
অসমৰ ভ্ৰাম্যমান থিয়েটাৰবোৰৰ দৰে বিহাৰত ৰামলীলা পাৰ্টীবোৰ বৰ জনপ্ৰিয়। গাৱে ভূঞে চহৰে নগৰে ভ্ৰমি ফুৰি ৰামলীলা পাৰ্টি সমূহৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে হনুমানজী। আনকি ৰামৰ চৰিত্ৰতকৈয়ো হনুমানৰ ডিমাণ্ড বেছি। ৰামলীলা পাৰ্টিৰ অভিনেতা সকলে হনুমানজীৰ চৰিত্ৰটো পাবলৈ হেতা ওপৰা কৰে আৰু পালে গৌৰৱান্বিত অনুভৱ কৰে। হনুমানজীৰ চৰিত্ৰটো সঁচাকৈয়ে আকৰ্ষণীয় আৰু সেয়ে সকলোৱেই কৰিবলৈ বৰ হেপাঁহ কৰে। বহু সময়ত ৰামলীলা পাৰ্টি বোৰত হনুমানজীৰ চৰিত্ৰটোৰ চাহিদা ইমানেই বেছি হৈ পৰে যে চৰিত্ৰটো ভাগত নপৰা প্ৰতিদ্বন্দীবোৰ পোৱাজনৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ পৰে।
তেনেকুৱাই এখন ৰামলীলা পাৰ্টিৰ হনুমানজীৰ প্ৰথম এন্ট্ৰীৰ দৃশ্যটো বৰ চমকপ্ৰদ আছিল। বেকগ্ৰাউণ্ডত হনুমান চালিছা গাই থাকে আৰু হনুমানজন আকাশৰ পৰা উৰি অহাৰ দৰে মঞ্চত প্ৰৱেশ কৰে। এই ধৰণৰনৰ দৃশ্য দেখি সাধাৰণ গাৱলীয়া হোজা শ্ৰদ্ধালু দৰ্শক চমকৃত হৈ হাত চাপৰি বজাই উল্লাসিত হৈ পৰে। আচলতে আপ স্টেজৰ আগৰ আৰু পিছৰ ধাম দুডালত শকত ৰছী এডাল বন্ধা থাকে আৰু হনুমানৰ পিঠিত (দৰ্শকে নেদেখাকৈ) বন্ধা বেলেগ এডাল ৰছীৰ সহায়ত ফাঁচী গাঁঠি লগাই শকত ৰছীডালৰ পৰা উৰি অহাৰ দৰে চুচূঁৰি আহি স্ব নিয়ন্ত্ৰিত গতিত আহি মঞ্চত উপবিষ্ট হয়।দৰ্শক সকলে এই দৃশ্যটো দেখি আনন্দত আত্মহাৰা হৈ পৰে। এই অভিনৱ পদ্ধতি অৱলম্বন কৰাৰ পিছত সেই ৰামলীলা দলটো বিখ্যাত হোৱাৰ লগতে হনুমানজনো প্ৰায় চেলিব্ৰেটীৰ দৰে হৈ পৰিছিল।
হনুমানজনৰ এই জনপ্ৰিয়তা এজন অভিনেতাৰ সহ্য নহৈছিল। সেইগৰাকী অভিনেতা হনুমান চৰিত্ৰটোৰ দাবীদাৰ আছিল কিন্তু পৰিচালকে নিদিলে আৰু বেচেৰাই মাৰীচৰ ৰোলটোতে সন্তুষ্ট হ'বলগীয়া হৈছিল।
দিন যোৱাৰ লগে লগে উক্ত প্ৰতিদ্বন্দী জনে হনুমানজনৰ এই জনপ্ৰিয়তা সহ্য কৰিব নোৱাৰি হনুমানৰ উৰি অহা দৃশ্যটো ফ্লপ কৰিবলৈ, শ্বো আৰম্ভ হোৱাৰ আগে আগে কোনো নথকাৰ সুযোগ লৈ, শকত ৰছীডাল কটাৰীৰে ৰেপি ৰেপি প্ৰায় আধাখিনি কাটি থৈ দিয়ে।
যথাসময়য শ্বো আৰম্ভ হ'ল, হনুমান সদায় অহাৰ দৰে ৰছীৰ সহায়ত উৰি আহি থাকোতেই, আধা কটা ৰছীডাল ছিঙি হনুমান জন হামখুৰি খাই মঞ্চত পৰিল। দৰ্শক সকলে হনুমানৰ এই ব্যাতিক্ৰমী এন্ট্ৰী দেখি দুগুণ আমোদ পালে আৰু হাত চাপৰি বজাই সমস্বৰে চিঞৰি উঠিল, "আ গইল! হনুমান আ গইল!"
ইফালে হনুমানৰ অৱস্থা তথৈবচ। ককাঁল, বুকু,পিঠি, নাক, মুখ আদি কৰি দুখ নোপোৱা জাগা একো বাকী নাই। মঞ্চৰ পৰা কোনোৰকম কেকাঁই কেকাঁই উঠি, দৰ্শক সকলৰ পিনে লক্ষ্য কৰি অবাইচ মাত এষাৰ মাতি ক'লে, "হনুমান তো আ গইল, শ্বচুৰা, ৰচ্ছী কোন কাটল বা?"
জুবিনেও অবাইচ মাত মাতি কিবাকিবি ক'লে, কিন্তু প্ৰশ্ন হ'ল,
"জুবিনৰ অডিঅ' "ভাইৰেল" কোন কৰল বা ?
Comments
Post a Comment