নাৰীৰ দৃষ্টিত পুৰুষৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় ব্যক্তিত্ব


নাৰীৰ দৃষ্টিত পুৰুষৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় ব্যক্তিত্ব:

"দৌর্দণ্ড প্রতাপী পুৰুষৰ পৃথিৱীত আত্মহননৰ মধুৰ স্বাদ 
তেজত বহন কৰি 
লুপ্ত-লীন হৈ, অশ্রু আৰু তেজৰ কণিকাৰে লিখিছো
মাথোঁ পুৰুষৰ বাবেই কবিতা। পুৰুষাধিপত্যবাদী তিমিৰাচ্ছন্ন শব্দপুঞ্জৰে অৱগুন্ঠিতা আৰু
দুৰু দুৰুকৈ বুকু কপি উঠা বৈৰীতাৰ মাজতো 
স্বতন্ত্র, স্বাভিমান আৰু স্ব-নিয়ন্ত্ৰন বিচাৰি চলাথ কৰিলোঁ নিজৰ সার্বভৌম এলেকা
যদিও জানো প্রায় অসম্ভৱ এই পুৰুষ বিশ্বত। 
তাৰ পিছতো পুৰুষৰ পীড়নৰ কথা লিখিবলৈ গৈ 
পুনঃপীড়িত হোৱাৰ কামনাৰে প্ৰতি পলে পৰিছো পুৰুষৰ প্রেমত।’ 

সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে নাৰীক প্রকৃতিৰ সৌন্দৰ্য্যৰ সতে তুলনা কৰি বহু প্রেম-পীৰিতিৰ গদ্য আৰু পদ্য লিখা হৈছে। প্রকৃতিয়ে নিজৰ দুই অকৃত্ৰিম সৃষ্টি, নাৰী আৰু পুৰুষক দিছে দুটা ভিন্ন শাৰীৰিক অৱয়ব তথা কায়িক আৰু আত্মিক মিলনৰ এক অনন্য মাধ্যম।

নাৰী আৰু পুৰুষৰ মাজত থকা সম্পৰ্কৰ এক যুগান্তকাৰী ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত পুৰুষ শাসিত জগতত নাৰীৰ অভিজ্ঞতা আৰু অনুভূতিৰ উচিত মূল্যায়ন আজিকোপতি হৈ উঠা নাই।  
ব্যক্তি আৰু সমষ্টিৰ সংজ্ঞা নিৰূপনৰ তাগিদাত একাকাৰ হৈ পৰা সামাজিক বৈষম্যৰ সক্রিয়তাৰ মাজত নাৰীমনৰ চাহিদাৰ ব্যাখ্যা আজিৰ তাৰিখতো এক ৰূপক হৈয়েই আছে।

এতিয়ালৈকে নাৰীৰ দেহ বল্লৰী কেনে 'লে পুৰুষৰ বাবে অধিক আকর্ষণীয় ' এই ধৰনৰ বহু  জল্পনা-কল্পনা, চিন্তা-চৰ্চা নানা মহলত হৈ আহিছে। কবি সাহিত্যক সকলে সমগ্ৰ বিশ্বৰ সৌন্দর্যৰ আধাৰ বিচাৰি পাই আহিছে নাৰীৰ মাজত। শিল্পীয়ে নিজৰ তুলিকাৰে, কবিয়ে কবিতাৰ ছন্দত পুৰুষ সমাজৰ হেপাঁহ পলুৱাই যোৱাকৈ নাৰীক অংকন কৰিছে৷ অৱশ্যে ইয়াৰ বাবে প্রকৃতিৰ অৱদানৰ কৃতিত্ব অসীম, কাৰন প্রকৃতিয়েও নাৰীকহে সৌন্দৰ্য্যৰ মূর্ত প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে। 

নাৰী আৰু পুৰুষৰ সৌন্দর্যক লৈ সমাজে নিৰ্ণয় কৰা প্রচলিত অৱধাৰণাৰ পৰা পুৰুষৰ দৰে নাৰী সকলেও ওলাই আহিছে। যদিও নাৰীৰ মনৰ দৰেই, নাৰীৰ ভাল লগা-নলগা বিষয়টো বৰ ৰহস্যময় আৰু জটিল। বিশেষকৈ পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱাৰ ক্ষেত্রত বাহ্যিক আৰু মানসিক এই দুয়োবিধ সৌন্দর্যৰ সমন্বয়ৰ কামনা কৰে যদিও দূৰ্ভাগ্যজনক ভাবে ইয়াৰ কোনো আদর্শভিত্তিক মানদণ্ড নাই।

সামাজিক বাস্তৱতাৰ বাবে নাৰীয়ে নিজৰ মনৰ কথা প্রকাশ কৰিব পৰা নাছিল বা বিচৰা নাছিল, সেয়ে ইমান দিনে পুৰুষৰ সৌন্দর্যৰ বিষয়ে নাৰীৰ মনৰ কথা জনাৰ কোনো অৱকাশ নাছিল। কিন্তু তাৰ পিছতো বর্তমানৰ নাৰীসকলে বহু বিষয়ত, যিবোৰ এটা সময়ত নাৰীৰ বাবে নিষিদ্ধ বিষয়বস্তু হিচাপে গণ্য কৰা হৈছিল, এনেধৰণৰ বহুতো কথা খোলামেলা ভাবে আৰু যথেষ্ঠ ইতিবাচক দৃষ্টিভংগী সহ  আলোচনা কৰাৰ উপৰিও নিজা বক্তব্য ৰাখিবলৈ লৈছে।

কিন্তু পুৰুষৰ প্ৰকৃত সৌন্দর্য কি?
গল্প, কবিতা বা সাহিত্যত এজন পুৰুষৰ দৃষ্টিত নাৰীৰ সৌন্দর্যৰ বর্ণনা নানান ভাবে কৰা হৈছে। কিন্তু ইয়াৰ বিপৰীতে অর্থাৎ নাৰীৰ চকুত পুৰুষৰ আকর্ষণীয় দিশবোৰৰ ব্যাখ্যা এতিয়াও অহা নাই বা আহিলেও খুবেই কম। সেইবুলি ইয়াৰ অৰ্থ এইটো নহয় যে, পুৰুষক নিৰ্বাচন কৰাৰ ক্ষেত্রত নাৰী সকলৰ কোনো পছন্দ-অপছন্দ বুলি কথা এটা নাই। নিশ্চয় আছে কিন্তু সেয়া নিশ্চিত ভাবে প্ৰতি গৰাকী নাৰীৰ পছন্দ বিভিন্ন।


নাৰী জীৱনৰ বাস্তৱতা, মনোজগত আৰু আত্মমূল্যায়নৰ দ্বাৰা পুৰুষ সম্পর্কীয় নিজস্ব অভিজ্ঞতা আৰু অনুভূতিৰ পম খেদি প্রচলিত সামাজিক কাঠামোৰ বিপৰীতে নাৰীমনৰ কিছু গোপনীয় তথ্য  আৰু সত্য হৃদয়ঙ্গম কৰিবলৈ এক প্ৰয়াস কৰা হৈছে। পুৰুষৰ ফালে যেতিয়া এগৰাকী নাৰীয়ে দৃষ্টি নিক্ষেপ কৰে পোণ প্ৰথমতে পুৰুষৰ কিছু গুণৰ কথা উল্লেখ কৰা হৈছে যিবোৰে সাধাৰণতে নাৰীক আকৃষ্ট কৰে।

ইতিহাস, ধর্ম গ্ৰন্থ সমূহত পুৰুষ সম্পৰ্কে বর্ণনা আছিল যে পুৰুষ মানেই, সুঠাম দেহ-শক্তিশালী-সাহসী ইত্যাদি, ঠিক যিদৰে নাৰীক অবলা আৰু সৌন্দর্যৰ ক্ষেত্রতো কেৱল বাহ্যিক দিশটোৰ বিষয়ে বর্ণনা কৰা হৈছিল। 

অতীজৰে পৰা নাৰীয়ে বীৰৰ প্ৰতি  আকৰ্ষিত হৈ আহিছে সেইয়া ৰামায়ণৰ শ্ৰীৰাম, লক্ষ্মনৰ পৰা মহাভাৰতৰ শ্ৰীকৃষ্ণ, অৰ্জুন আদিৰ প্ৰতি নাৰী জাতি আকৰ্ষিত হৈ আহিছে। ইতিহাসৰ এই খ্যাতিমান বীৰ সকল পৌৰুষৰ প্ৰতীক বা প্ৰতিনিধি আছিল। খ্যাতি সকলোৰে বাবে কাঙ্খিত বিষয়! কিন্তু সেইবুলি সকলোৱে জনপ্রিয় তাৰকা ' লাগিব, তেনেকুৱাও নহয়। কিন্তু তাৰ পিছতো যি সকল পুৰুষ সামাজিক ভাবে জনপ্রিয় বা কোনো এটা বিষয় পাৰদর্শিতা বা খ্যাতি অৰ্জন কৰে, সেই সকল পুৰুষৰ নাম নাৰীৰ পছন্দ তালিকাত শীর্ষস্থানত অৱস্থান কৰে।

সৌন্দৰ্য এটা নান্দনিক বিষয় যদিহে আপুনি তাক উপভোগ্য কৰি তোলাৰ উপস্থাপনা বুজিবলৈ সক্ষম হয়। প্ৰকৃততে যিকোনো বিষয় বা বস্তুৰ সৌন্দর্য নির্ভৰ কৰে প্রাসঙ্গিকতাৰ ওপৰত।

এজন পুৰুষক কেতিয়া ধুনীয়া বা সুন্দৰ বুলি কোৱা '! ছিক্স প্যাক বডী নে ছিক্স ফিট হাইট! বিশ্বায়নৰ পুঁজিবাদী তত্ত্ব যিদৰে নাৰীৰ সৌন্দর্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে, একেদৰেই পুৰুষৰ  সৌন্দর্যৰ সংজ্ঞাও নিয়ন্ত্ৰণ কৰিছে। এই সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলত আজি কালি চহৰে নগৰে গঢ়ি উঠিছে জিমবোৰ। পুৰুষসুলভ সুঠাম দেহৰ অধিকাৰী হোৱাৰ প্ৰয়াসেৰে উঠি পৰি লাগিছে আজিৰ তৰুণ প্ৰজন্ম।

তেতিয়া 'লে যিজন যুৱক বা পুৰুষৰ "ছিক্স প্যাক" নাই সেইজনক সুন্দৰ বুলি গণ্য কৰা নহ' নেকি? ছিক্স ফিট হাইট নথকা, মূৰত চুলি যাৰ কম! সেইজনক সৌন্দর্যৰ এই প্ৰতিযোগিতাত পৰাজিত বুলি বিবেচনা কৰা ' নেকি? আচলতে পুৰুষৰ সৌন্দর্যকি বা কেনেকুৱা, এজন পুৰুষ কিদৰে সুন্দৰ ' পাৰে? এই প্রশ্নৰ উত্তৰ স্বৰূপে, পুৰুষৰ যে পুৰুষসুলভ সৌন্দর্যক লৈ আমি কথা পাতো সেইয়া প্ৰকৃততে কি?

প্রত্যেক মানুহে নিজক অইনৰ ওচৰত আকর্ষণীয় কৰি তুলিব বিচাৰে। কিন্তু আমাৰ বহুতৰে ধাৰণা, নিজক আকর্ষণীয় কৰি ৰখাৰ বিষয়টো কেৱল নাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু এইটো সম্পূর্ণ ভুল ধাৰণা। বৰ্তমানৰ পুৰুষ সকলো অতি সৌন্দর্য সচেতন। বেছিভাগ পুৰুষে নিজক ব্যতিক্ৰমীভাবে উপস্থাপন কৰি, নাৰী দৃষ্টি আকর্ষণ কৰিবলৈ নিজৰ যত্ন লবলৈ লৈছে। সকলোৱে নিজৰ ব্যক্তিত্বক বিশেষ ভাৱে উপস্থাপন কৰিবলৈ বিচৰাটো স্বাভাৱিক। 

সুখী জীৱন প্ৰত্যেক মহিলাৰ বাবে কাম্য। বিশেষকৈ আর্থিক নিৰাপত্তা নাথাকিলেমহিলাৰ মনৰ মানুহ হৈ উঠা বৰ কঠিন। এটা কথাৰ ওপৰত কাৰো দ্বিমত থকা উচিত নহ' যেবেছি ভাগ মহিলাই বিলাসবহুল জীৱনযাপন পছন্দ কৰে আৰু সেইবাবেই আঢ়্যৱন্ত পুৰুষ সদায় মহিলাৰ প্রথম পছন্দ।তাৰ পিছতো নাৰীৰ বাবে পুৰুষৰ কিছু আকর্ষণীয় বিষয় আছে। 
পুৰুষৰ কিছু অদ্ভুত বিষয় আছেযিবোৰ নাৰীৰ ওচৰত অধিক আকর্ষণীয়। কিন্তু বহুতো পুৰুষে এই কথাবোৰ বুজি নাপায় আৰু জানিব নিবিচাৰে। সৰহভাগ পুৰুষৰ ধাৰণানাৰীৰ ওচৰত আকর্ষণীয় 'বলৈ হলে বিত্তবান ' লাগিব। আৰু বহুতেই ভাবে যে নাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ 'লে দেখনিয়াৰ ' লাগিব। সুন্দৰ চেহেৰাটকা ইচাৰে নাৰী হৃদয় জয় কৰা কেতিয়াও সম্ভৱ নহয় যদিহে কিছু সাধাৰন গুণ পুৰুষৰ মাজত উপস্থিত নাথাকে। 

পুৰুষৰ সৌন্দর্য হৈছে এক প্ৰকাৰৰ মানুহৰ মাজত পৰিলক্ষিত এক বৈশিষ্ট্যৰ সমাহাৰ। পুৰুষ প্রাকৃতিকভাবে দৃঢ় আৰু শক্তিশালী। এই শক্তিয়ে পুৰুষক দিছে সমগ্ৰ অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰতিবাদী সাহস। নিজৰ লগতে অন্য লোকৰ সতে অস্তিত্ব ৰক্ষাৰ ক্ষমতামূলতএই ৰক্ষনাত্মক অভিবৃত্তিই হৈছে পুৰুষসূলভ সৌন্দর্য।

জিম বা ব্যায়ামৰ ফলত পুৰুষে আয়ত্ত কৰা যি সৌন্দর্য সেইয়া মূলতশাৰীৰিক সৌন্দর্য। কিন্তু পুৰুষসূলভ সৌন্দর্য লুকায়িত হৈ থাকে পুৰুষৰ সাহসিকতা আৰু শক্তিমত্তাৰ মাজত আৰু এই কথা আজিৰ সমাজৰ এগৰাকী নাৰীৰ বাহিৰে কোনোৱেই ভালদৰে বুজি নাপায়। এই ক্ষেত্ৰত বহুতৰ মনত প্রশ্নৰ উদ্ৰেক ' পাৰেযে জিমলৈ গৈ  অর্জন কৰা শাৰীৰিক সৌষ্ঠৱৰ কোনো মূল্য নাই নেকিঅবশ্যেই আছে। 

কিছুমানৰ বাবে পুৰুষৰ ওখচাপৰ'লা বা বগা যিয়েই নহওক কিয় যদি তেখেতৰ শৰীৰৰ ফিটনেছ সম্পৰ্কে যত্নৱান হয় আৰু নিজকে ফ্যাশ্বনেবল বুলি উপস্থাপন কৰিব পাৰৰিলেহে তেওঁলোকৰ প্রতি আকৃষ্ট হয়। কিন্তু তাৰ পিছতো এগৰাকী পুৰুষ তেতিয়াহে সুন্দৰ বুলি বিবেচিত ' যেতিয়া তেওঁৰ মানসিকতা ' ধনাত্মক প্ৰকৃতিৰ। যি গৰাকী পুৰুষে নিজৰ লগতে নিজৰ আশপাশে থকা সকলোকে সম্মান কৰিব' ' নিজৰ শক্তি প্রদর্শন নকৰিববৰং অন্যায়ৰ বিৰুদ্ধে নিজৰ শক্তি প্রয়োগ কৰিবতেওঁৰ সাহসিকতা দেখি মানুহ উদ্বুদ্ধ ' আৰু তেতিয়াহে সুন্দৰ 'অকল আকর্ষণীয় শৰীৰ বনালেই সুন্দৰ ' নোৱাৰি। বৰং সৌন্দর্য থাকে এজন পুৰুষৰ দৈনন্দিন জীৱনত সকলোৰে সতে কৰা সুন্দৰ ব্যবহাৰৰ ওপৰত।


তাৰ পিছতো সৰহভাগ নাৰীৰ বাবে পুৰুষৰ সৌন্দর্য মানে মানুহ জনৰ পৰিচ্ছন্নতাসেইয়া শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰত প্ৰযোজ্য। 

বহুক্ষেত্ৰত দেখা যায় যে চেহেৰা পাতিত দেখনিয়াৰ পুৰুষ এজন হয়তো আপাত দৃষ্টিত সকলো নাৰীৰ বাবে কাম্য ' পাৰে কিন্তু নাৰীৰ বাবে শৰীৰ আৰু মন দুয়োটাৰে পৰিচ্ছন্নতাই এক ধৰণৰ সৌন্দর্য। 

কিছুমান নাৰীৰ অদ্ভূত পছন্দ আছে যেনে কিছু মহিলাই কেঁচা-পকা চুলিৰ পুৰুষক পছন্দ কৰে। কিছুমানৰ বাবে চুলি নথকা তপা হলেও সমস্যা নাই কিন্তু তপা মুৰটোৰ তালুখন চিকচিকিয়া অৰ্থাৎ ফু মাৰি ভাত খাব পৰা ' লাগিব। 

কিছু মহিলাই আকৌ এনেধৰণৰ পুৰুষক পছন্দ কৰে যিজন বাহ্যিক ভাবে কিছু পৰিমাণে বিশৃংখল কিন্তু মনৰ ফালৰ পৰা নিয়ন্ত্ৰিত প্রকৃতিৰ।

কিছু নাৰীয়ে আকৌ খুব গতানুগতিক ধৰনৰ পুৰুষক পছন্দ নকৰে। পুৰুষৰ প্রতি নাৰীৰ পছন্দৰ পৰিসৰ আগতকৈ বহুগুণে বিস্তাৰ কৰিছে। এইক্ষেত্রত চলচ্চিত্ৰবৈদ্যুতিন আৰু সামাজিক মাধ্যমে এক বিশেষ ধৰনৰ ভূমিকা গ্ৰহণ কৰিছে।


নিজৰ লগতে নাৰীক ক্যাৰিয়াৰ সম্পৰ্কে উৎসাহ যোগোৱা তথা নাৰীৰ ক্যাৰিয়াক গুৰুত্ব দিব জনা পুৰুষ সকলক অধিক দায়িত্বশীল বুলি ভাবে আৰু পছন্দ কৰে।
যিসকল পুৰুষ নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে সতর্ক থাকে নাৰীয়ে সেইধৰনৰ পুৰুষক পছন্দ কৰে। সেয়েহে  মনৰ মতন মানুহজনী পাবলৈ 'লে নিজৰ ক্যাৰিয়াৰ সম্পৰ্কে সচেতন ওক।

কিছু নাৰীয়ে সৃজনশীলআত্মবিশ্বাসী লগতে শাৰীৰিক সামৰ্থ্য তথা বাচনভঙ্গী সম্পৰ্কে সচেতন পুৰুষক পছন্দ কৰে।পুৰুষৰ প্রতি আকর্ষণ বোধ কৰিবলৈ বেছিভাগ নাৰীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাসাজপাৰৰ ৰুচিবোধমার্জিত আচৰণ আৰু কথা বতৰা মাজত পৰিলক্ষিত চেন্স অব হিউমাৰ অৰ্থাৎ ৰসবোধক বেছি গুৰুত্ব দিয়ে। 

প্রচলিত ধাৰণা অনুসৰি প্রাণ খুলি হাঁহিব জনা মানুহবোৰক বিশাল হৃদয়ৰ অধিকৰী হিচাপে গণ্য কৰা হয়। আকৌ প্ৰতিটো কথাতে কাৰনে-অকাৰনে হঁহা মানুহৰ ৰসবোধ যে খুব সূক্ষ্ম নহয় এইয়া সকলোৱেই জানে। নাৰীয়ে পুৰুষৰ হাঁহিৰ আধিক্য সহজভাৱে নলয় অৰ্থাৎ এই ধৰণৰ পুৰুষক চেলেপু বুলি ধাৰণা কৰে। 

কিন্তু ৰসবোধ নথকা পুৰুষৰ প্ৰতি সাধাৰণতে নাৰী কেতিয়াও আকৃষ্ট নহয়। আচলতে ৰসবোধক বুদ্ধিমত্তাৰ নিদর্শন হিসেবে গণ্য কৰে নাৰীয়েনাৰীয়ে পুৰুষৰ কথা বতৰাৰ মাজত বুদ্ধিমত্তা বিচাৰে। অকল এয়েই নহয়চেন্স অব হিউমাৰ নাথাকিলে নাৰীৰ মন নগলে। যি কোনো প্রশ্নৰ বুদ্ধিদীপ্ত উত্তৰে নাৰীক বৰ সহজে আকর্ষণ কৰে। তাৰোপৰি যিসকল পুৰুষৰ হাঁহি বেচ আন্তৰিক তথা প্ৰাণোচ্ছল তেনেবোৰ পুৰুষক নাৰীয়ে অধিক পছন্দ কৰে। পুৰুষৰ এটা প্ৰানোজ্জ্বল হাঁহিয়েনাৰীক প্রেমত পেলাবলৈ এক অমোঘ অস্ত্ৰ হিচাবে কাম কৰে। প্ৰয়োজনতকৈ বেছি গহীণ অথবা কাৰনে অকাৰনে হাঁহি থকা পুৰুষক নাৰীয়ে বৰ এটা পছন্দ নকৰে। পৰিমিত সুন্দৰ হাঁহিৰ গৰাকী যিকোনো পুৰুষে নাৰীৰ মন জয় কৰিবলৈ সক্ষম হয়।

তাৰোপৰি পুৰুষ গৰাকী কিমান সপ্ৰতিভঅইনক সম্মান জনায় বা কিমান প্রাণৱন্ত এই সকলোবোৰৰ এক বিশেষ ভূমিকা থাকে।সকলোৰে উৰ্দ্ধত পুৰুষৰ সুন্দৰ মানসিকতাক নাৰী সকলে মুখ্য বুলি গণ্য কৰা দেখা যায়।


অধিক সংখ্যক নাৰীৰ বাবে   পুৰুষৰ উচ্চতা আৰু কণ্ঠস্বৰৰ প্ৰতি এক বিশেষ আকৰ্ষণ থাকে।  তাৰোপৰি পোছাকৰ সতে সামঞ্জস্য ৰাখি কিধৰনৰ জোতা পিন্ধিছেতাৰপৰাও পুৰুষৰ ৰুচি তথা ব্যক্তিত্বৰ উমান লোৱাৰ চেষ্টা কৰা দেখা যায়। বেছিভাগ নাৰীয়ে পুৰুষৰ মাজত থকা "কেয়াৰিং মেন্টালিটি" বেছি জৰুৰী হিচাপে গণ্য কৰা দেখা যায়। যি পুৰুষে নাৰী সঙ্গীৰ সৰু সৰু কথাবোৰৰ যত্ন লয় নাৰীৰ বাবে তেনে পুৰুষতকৈ আকর্ষণীয় আৰু আবেদনময় আৰু একোৱেই ' নোৱাৰে।

কিছু সংখ্যক নাৰীয়ে এজন পুৰুষৰ বাহ্যিক সামৰ্থ্য আৰু সৌন্দৰ্য্যৰ উপৰিও তেখেতৰ কথাবার্তাৰ ধৰণদায়িত্বশীলতাসমাজ তথা বিশ্বৰ প্ৰতি থকা দৃষ্টিভঙ্গী আৰু মানুহৰ প্রতি থকা সম্মানবোধক বেছি গুৰুত্ব দিয়ে।

পুৰুষৰ সৌন্দর্যৰ ওপৰতসমাজত প্ৰচলিত কিছুমান সংজ্ঞা আছে যেনে "টল-ডার্কহ্যান্ডসাম", এই বিষয়বোৰো সকলো নাৰীৰ বাবে গ্ৰহণযোগ্য নহয়। এই ধৰনৰ ধ্যান-ধাৰনা সমূহ এতিয়া আৰু নাই। এটা আশাবাঞ্জক কথা এই যে আজিৰ নাৰীয়ে এই বিষয়ে মুক্ত ভাৱে কথা পাতিবলৈ আৰু নিজৰ পছন্দ-অপছন্দ সম্পৰ্কে কথা পাতিবলৈ লৈছে।


এজন পুৰুষ নাৰীৰ পছন্দযোগ্য হোৱাৰ ক্ষেত্রত মুঠ তিনিটা বিষয় বৰ গুৰুত্বপূৰ্ণপ্রথম হৈছে পুৰুষৰ কণ্ঠ তথা বাচনভঙ্গীদ্বিতীয়তে কথা কোৱাৰ বিষয়বস্তু তথা বিষয়ৰ গভীৰতা আৰু তৃতীয়তে কিছুমান সাধাৰন চলা ফুৰাৰ আদব কায়দা। যেনে খোৱাৰ সময়ত কোনো ধৰণৰ শব্দ নকৰানাকৰ ভিতৰত আঙুলিৰে ৰুকি ৰুকি শুকান শেঙুণ বিচাৰি চলাথ নকৰা। 

এটা অপ্ৰিয় সত্য এই যে সাধাৰণতে নাৰীৰ সুন্দৰ চেহাৰা দেখিয়েই অধিকাংশ পুৰুষ প্রেমত পৰেকিন্তু নাৰীয়ে ইমান সহজে কোনো পুৰুষৰ প্রেমত নপৰে। নাৰীয়ে পুৰুষৰ মাজত বহুতো কিবাকিবি সন্ধান কৰে। যদি তালে মানে মিলি যায় তেতিয়াহে প্রেমত পৰেবহুতো পুৰুষে ভাবে বছ টকা থাকিলেই নাৰীয়ে তেখেতক পছন্দ কৰিবকিন্তু এইয়া সত্য নহয়। কিছু সৰু সৰু বিষয় আছে যিবোৰ নাৰীয়ে প্রথম দেখাৰ পৰাই পুৰুষৰ মাজত বিচাৰি ফুৰে।   

যিকোনো নাৰীৰ শিক্ষাসচেতনতা অথবা নাৰীৰ স্বাধীনভাবে মত প্রকাশৰ সুযোগ থকা বা নথকাৰ স্থিতি আদিৰ দ্বাৰা এগৰাকী নাৰীৰ ব্যক্তিত্ব গঢ় লৈ উঠে গতিকে এই বিশেষ পৃষ্ঠভূমিৰ পৰা ওলাই অহা নাৰীসকলৰ ৰুচিবোধ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। গতিকে পুৰুষ সম্পৰ্কে বয়স-ভেদে প্রতিগৰাকী নাৰীৰ সৌন্দৰ্যবোধদৃষ্টি কোন আদি বৈচিত্র্যময় হোৱাটো নিতান্তই স্বাভাৱিক কথা।কম বয়সীয়া নাৰীৰ প্ৰতি থকা পুৰুষৰ দূৰ্বলতাৰ বিপৰীতে নাৰীয়ে সাধাৰণতে নিজতকৈ বেছি বয়সৰ পুৰুষক পছন্দ কৰে। কাৰন এইসকল পুৰুষ পর্যাপ্ত অর্থ উপাৰ্জনকাৰী আৰু লগতে জীৱন সম্পৰ্কে যথেষ্ট অভিজ্ঞ বুলি  নিৰ্ভৰশীল সঙ্গী ' বুলি বিবেচনা কৰে। এই ধৰনৰ মানসিকতাক নাৰী গৱেষক সকলে ‘জর্জ ক্লুনী এফেক্ট’ নাম দিছে। হলিউডৰ বিখ্যাত অভিনেতা জৰ্জ ক্লুনীয়ে  ষাঠি বছৰ বয়স অতিক্ৰম কৰাৰ পিছতোনিজতকৈ বহু কম বয়সীয়া যুৱতীৰ সতে প্রেম কৰি বিবাহ কৰা বাবে গবেষকসকলে এই নাম দিছে!

আমাৰ দেশত পুৰুষে নিজৰ শক্তিমত্তা দেখুৱাবলৈ বাটে পথে কাজিয়া কৰা বা ছোৱালী জোকোৱা আদি ঋণাত্মক আচৰণ কৰে আৰু এইধৰনৰ হীন মানসিকতা সম্পন্ন এজন পুৰুষক নাৰীয়ে কেতিয়াও সুন্দৰ বুলি গণ্য কৰিব নোৱাৰে।

পোছাক-পৰিচ্ছদৰ নিৰ্বাচনৰ ক্ষেত্ৰত নাৰী পুৰুষতকৈ বহু আগবঢ়া পুৰুষৰ বাবে এইয়া ব্যক্তিগত স্বাচ্ছন্দ্য আৰু অন্যটো হৈছে পৰিবেশগত স্বাচ্ছন্দ্য। পুৰুষৰ সাজ-পোছাকো এনে হোৱা উচিত যাতে আপোনাৰ আশ পাশে থকা মানুহক দৃষ্টিত বিৰক্তিৰ সৃষ্টি নকৰে। এই ধৰক কোনো ব্যক্তিবিশেষে যদি ধ্ৰুপদী সংগীতৰ অনুষ্ঠানলৈ গোলাপী ৰঙৰ শ্বার্ট আৰু বেঙুনীয়া ৰঙৰ প্যান্ট পিন্ধি যায়সেইয়া নিশ্চয় পৰিৱেশ সাপেক্ষ নহ'ব। কিন্তু ডিস্কো পার্টিত এইধৰণৰ সাজ নিশ্চয় পিন্ধিব পাৰি। এই ধৰণৰ চেতনাবোধ নথকা পুৰুষ সকল নাৰীৰ পূতৌৰ হে পাত্ৰ। পুৰুষৰ সাজ পোছাক খুব দামী হোৱাৰ প্রয়োজন নাইকিন্তু ৰুচিসন্মত হোৱা উচিত। ৰুচিসম্মতভাৱে  সাজ-পোছাক পৰিধান কৰা পুৰুষৰ প্রতি সহজে আকৃষ্ট হয় নাৰীসকল। সাজ-পোছাক  মাজত ৰুচিবোধ আৰু ফ্যাশ্বনদুয়োটাই যদি উপস্থিত থাকে তেনেহলে নাৰী অধিক আকর্ষিত হয়। যেনে বগা শ্বার্টৰ সতে ডীপ কালাৰৰ প্যান্ট পিন্ধা পুৰুষৰ সৌন্দর্য নাৰীৰ ওচৰত বহু বেছি আকর্ষণীয় কৰি তোলে। দীঘল হাতৰ চোলা কিলাকূটিলৈ কোচাই ললে নাৰীৰ দৃষ্টি আকর্ষণ হয়। তাৰোপৰি নাৰীয়ে পুৰুষৰ মাজত এক আবেদনময় সৌন্দর্য বিচাৰি পায় আৰু তেনে পুৰুষ অইন দহজনতকৈ বেলেগ বুলি প্ৰতিপন্ন হয়।

পুৰুষৰ সৌন্দর্যক লৈ আমাৰ সমাজত কিছুমান ভ্রান্তিমূলক ধাৰণা আছে। চিগাৰেট খোৱা বা মদ খাই বৰ মতা দেখুৱাই ফুৰা আদি যে কোনো পুৰুষালি আচৰণ নহয় এই কথা সমাজৰ লগতে নাৰী সকলেও বুজিবলৈ শিকিছে। 

নাৰীয়ে সেইগৰাকী পুৰুষক সুন্দৰ দেখেযিগৰাকী পুৰুষে নাৰীক আয়ত্ত নকৰে কিন্তু জয় কৰিব জানে। আত্মবিশ্বাসী পুৰুষসকলক নাৰীয়ে বহু বেছি পছন্দ কৰে। পুৰুষৰ কথা পতাৰ ধৰন দেখিয়েই বুজিব পাৰে পুৰুষ গৰাকী কিমান আত্মবিশ্বাসী। আনহাতে অত্যধিক আত্মবিশ্বাসী পুৰুষক নাৰীয়ে নিৰ্ভৰযোগ্য বুলি নাভাবে সেয়ে তেনে পুৰুষৰ পৰা আতঁৰিহে ফুৰে।

অতি বেছি সুদর্শন পুৰুষ সকল বৰ আত্মকেন্দ্ৰিকনিজকলৈ অধিক সচেতন আৰু অহংকাৰী প্ৰকৃতিৰ হয়। কিন্তু নাৰীয়ে বিচাৰে যে তেওঁৰ সঙ্গী পুৰুষগৰাকী তেওঁৰ ওচৰত নমনীয় হৈ থাককতেঁওক যেন বিশেষভাৱে গুৰুত্ব দিয়কঅকল নিজৰ অহমিকাক নহয়

পুৰুষৰ দৈহিক ভঙ্গিমাৰ ভাষা বা বডী ল্যাঙ্গুয়েজ হৈছে পুৰুষ মনৰ আইনা আৰু আইনাৰ সতে অতি নিবিড় সম্পৰ্ক থকা যিকোনো নাৰীয়ে এই ভাষা বুজিবলৈ এপলকো নালাগে আৰু এই কথা নতুনকৈ কোৱা নিষ্প্রয়োজন।

আশাপাশে থকা মানুহৰ সতে কৰা ব্যৱহাৰ লক্ষ্য কৰি নাৰীয়ে এজন পুৰুষৰ মানসিকতাৰ উমান লয়।
পুৰুষ গৰাকীয়ে কোন ফালে চাই আছে। সাধাৰন ভাবে যি কোনো অপৰিচিত পুৰুষৰ ফালে চালে নাৰীয়ে পুৰুষৰ দৃষ্টিৰ ওপৰত নজৰ দিয়ে। কোনজন পুৰুষৰ দৃষ্টিকোন ফালে নিৱদ্ধ হৈ আছেসেইটোৰ প্ৰতিও নাৰীৰ চোকা নজৰ থাকে। পুৰুষৰ নজৰৰ ওপৰত নজৰ ৰাখি নাৰীয়ে পুৰুষৰ মানসিকতাক অনুধাৱন কৰিবলৈ সক্ষম হয়। এগৰাকী পুৰুষে তেখেতৰ আশে-পাশে থকা মানুহৰ পথে বা বন্ধু বৰ্গৰ পথে কিধৰনৰ ব্যবহাৰ কৰিছে অথবা কোন মানুহৰ সতে মিলামিছা কৰিছে বা কাৰ সতে কিদৰে কথা কি ধৰনে কথা কৈছে— সেইটো পুৰুষৰ মানসিকতাৰ এক  বিৰাট পৰিচায়ক।

নাৰীয়ে দীর্ঘদেহী পুৰুষ পছন্দ কৰে সচাকিন্তু উচ্চতাই শেষ কথা নহয়। গুৰুত্বপূর্ণ কথাটো হৈছে এগৰাকী পুৰুষে নিজক কিদৰে উপস্থাপন কৰিছে। আচল কথাটো ' নাৰীয়ে অনুধাৱন কৰিব বিচাৰে যে এজন পুৰুষে নিজৰ যত্ন ওতে সফল অৰ্থাৎ ফিটফাট থাকিব পাৰিছে নে নাই। নাৰীয়ে ভাবেযি পুৰুষে নিজে নিজৰ যত্ন ' নোৱাৰে বা নাজানেতেওঁ নো মোৰ কি যত্ন ' ?

কিছু পুৰুষসূলভ গুণে নাৰীক আকর্ষণ কৰেপুৰুষৰ প্রতি দুর্বল কৰি তোলে। সেইয়া কিন্তু সকলো সময়তে উচ্চতাগাৰ বৰণ বা বাহ্যিক সৌন্দর্য নহয়। কাঙ্ক্ষিত পুৰুষৰ মাজত আৰু বহু কিবাকিবি আশা কৰে আৰু বিষয়টো সম্পূৰ্ণ ৰূপে মনো-দৈহিক। দৈহিকৰ কথা তো আছেইতাৰোপৰি থাকিব লাগিব আবেগ-অনুভূতিও।

বহল কান্ধৰ পুৰুষৰ মাজত নাৰীয়ে নিৰিপত্তা আৰু উষ্ণতা বিচাৰি পায়। অধিকাংশ নাৰীয়ে বহল কান্ধ বিশিষ্ট পুৰুষক বেছি পছন্দ কৰে। সাধাৰনতে নাৰীয়ে পুৰুষক নিজৰ মানসিকক অবলম্বন হিচাপে পাবলৈ আকাঙ্খা কৰে। এজন বহল কান্ধৰ পুৰুষে মহিলাৰ  নিৰ্ভৰশীলতাৰ এই ভাৱনাক আৰু বেছি মজবুত কৰি তোলে। নাৰীৰ অবচেতন মনে পুৰুষৰ বহল কান্ধৰ যোগেদি নিজকে সুৰক্ষিত অনুভৱ কৰে।

সৰহ ভাগ নাৰীৰ বাবে আদর্শ পুৰুষ হৈছে তেখেতৰ পিতৃকাৰন পিতৃৰ যত্নশীল পৰশত জীপাল হৈ উঠে নাৰীৰ আত্মবিশ্বাস আৰু গঢ়ি উঠে নিৰ্ভৰশীলতা। সেয়ে নাৰীয়ে যিকোনো পুৰুষৰ সতে প্রেমত পৰাৰ আগে ভাগে সঙ্গী পুৰুষৰ মাজত প্রথমেই নিজৰ পিতৃৰ দৰে এজন দায়িত্বশীল আৰু যত্নবান পুৰুষৰ সন্ধান কৰে।

নাৰীয়ে প্রচুৰ মহিলা বন্ধু থকা পুৰুষক সাধাৰণতে জীৱনসঙ্গী কৰাৰ ক্ষেত্রত এৰাই চলিব বিচাৰে। আচলতে সৰহ ভাগ মহিলাই বিচাৰেতেখেতৰ সঙ্গী মাথোঁ তেখেতৰ প্ৰতিহে আকৃষ্ট হৈ থাকিব আৰু অইন কোনো মহিলাক মনৰ মন্দিৰত ঠাই নিদিব।

নিতৌ বাটে-ঘাটে অহা যোৱা কৰোঁতে অজস্র অচিনাকী পুৰুষৰ সতে দেখা সাক্ষাৎ হয় নাৰীৰ। তাৰ মাজতে কোনোবা কোনোবাই কিছুমান বিশেষ কাৰণৰ বাবে নাৰীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। লুকাই চুৰকৈ উক বা , পোনপটীয়াকৈয়েই উক— তেতিয়া সেই পুৰুষক নোচোৱাকৈ থাকিব নোৱাৰে। কিন্তু নাৰীয়ে যেতিয়া কোনো পুৰুষৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে তেতিয়া আচলতে পুৰুষৰ মাজত থকা কোনবোৰ দিশৰ প্ৰতি নজৰ দিয়ে

*পুৰুষ সকল উপকৃত ' পৰাকৈসকলো পুৰুষৰ জ্ঞাতাৰ্থে কিছুমান নাৰীৰ ঈপ্সিত পুৰুষৰ আকৰ্ষণীয় শাৰীৰিক সৌন্দৰ্য্য আৰু ব্যক্তিত্বৰ  তালিকা এখন আগবঢ়োৱা 'মন কৰক:*

পুৰুষে চশমা পিন্ধিলে বেছি বুদ্ধিদীপ্তসৰল আৰু আবেদনময় হৈ উঠেসেইবাবে চশমা পিন্ধা পুৰুষৰ প্রতি নাৰীৰ আকর্ষণ সদায় বেছি। চশমাৰ উপৰিও দীঘল আৰু ঘন চকুৰ পতাৰ অধিকাৰী পুৰুষৰ  প্রতি নাৰীৰ আকর্ষণ সদায় বেছি আৰু এই পাপৰিৰ বাবেই বেছিভাগ নাৰীয়ে প্রেমত পৰে।

পুৰুষৰ হাত ভৰিৰ সৌন্দর্য নাৰীৰ ওচৰত এক আকর্ষণীয়  বিষয়। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু নখ কাটি চিকুনাই ৰখা হাত-ভৰিৰ পুৰুষক নাৰীয়ে এক বিশেষ ভাৱে মৰ্য্যদা দিয়ে।

গভীৰ কণ্ঠস্বৰৰ অধিকাৰী পুৰুষ সকলক নাৰীয়ে গম্ভীৰ প্ৰকৃতিৰ বুলি গণ্য কৰে আৰু সেইয়ে নাৰীৰ বাবে অধিক আকর্ষণীয়।


সুন্দৰ সুবাস নিশ্চয় সকলোৰে পছন্দৰ বিষয়। দেহৰ দুর্গন্ধ নথকা পুৰুষ সকল যথেষ্ঠ আত্মবিশ্বাসী আৰু সাৱলীল ' পাৰে। গতিকে পুৰুষে মৃদু সুঘ্ৰাণযুক্ত পাৰফিউম ব্যৱহাৰ কৰি নাৰীৰ নৈকট্য প্ৰাপ্তি কৰাত সফল ' পাৰে।

দাঢ়ি-গোঁফ থকা পুৰুষ নাৰীৰ বাবে আকর্ষণীয় কিন্তু নিয়ন্ত্রণাধীন আৰু পৰিপাটিকৈ ৰখা দাঢ়িহে নাৰীৰ পছন্দ। আচলতে দাঢ়ি-গোঁফ থকা পুৰুষক বহু বেছি পৰিণত বুলি নাৰীয়ে গণ্য কৰে আৰু পৰিণত পুৰুষৰ প্রতি বেশি আকর্ষণ অনুভৱ কৰে। প্ৰকৃততে নাৰীৰ বাবে পৰিচ্ছন্নতা সকলো সময়তেই এক গুৰুত্বপূৰ্ণ বিষয়।


পুৰুষৰ পেশীবহুল বাহু টি-শ্বার্টৰ মাজেদি যেতিয়া জিলিকি উঠে বহুতো নাৰীৰ দৃষ্টি স্থিৰ হৈ পৰে। পেশীবহুল পুৰুষনাৰীৰ বাবে সদায়েই প্ৰিয় কিন্তু কৃত্রিমভাবে তৈয়াৰ কৰা অস্বাভাবিক পেশী বেছিভাগ নাৰীয়ে পছন্দ নকৰে। 

ধুনীয়া ওঠ অকল নাৰীৰেই আকর্ষণীয় ' তেনে কোনো কথা নাইপুৰুষৰ ওঠ দুপাৰিও নাৰীৰ বাবে আকর্ষণীয় আৰু মিঠা ' পাৰে। বেছিভাগ নাৰীয়ে পাতল ওঠৰ অধিকাৰী পুৰুষক বেছি পছন্দ কৰে। ধূম্ৰপান নকৰা ওঠ নাৰীৰ প্রথম পছন্দ।

অযতন মলিয়ন সাজ-পোছাকবিশৃংখল দাঢ়ি-চুলিদীঘল তথা মলিৰে পৰিপূৰ্ণ নখমৌজাৰ দুৰ্গন্ধজধলা শ্বার্ট বা লেতেৰা জিনছ প্যান্ট পিন্ধি জহুদ মাৰ্কাৰ উদাসী কবি বা হিপ্পীৰ ভাও দিয়া দিন শেষ। আজিৰ যুগৰ নাৰীয়ে এইবোৰ একেবাৰেই পছন্দ নকৰে। নাৰীৰ মন পাবলৈ 'লে এইবোৰ বাহুল্য আজিয়েই এৰক।

খুব ওখ নহলেওবেছিভাগ নাৰীয়ে নিজতকৈ চাপৰ পুৰুষক জীৱন সঙ্গী হিচাবে পাবলৈ বাঞ্ছা নকৰে। একেদৰেই তপা পুৰুষৰ নাম নাৰীৰ বাতিল তালিকাত প্রথমতেই  থাকে। এই দুয়োটা বিষয় প্রত্যেক গৰাকী নাৰীয়ে প্রথম দর্শনতেই লক্ষ্য কৰি বৰ অনুধাৱন কৰে।

নাৰীয়ে পিন্ধা জোতা যোৰ কিমান পৰিষ্কাৰ তাৰ প্ৰতিও সজাগ দৃষ্টি ৰাখে। সাজ-পোছাকৰ দৰেই মানুহৰ জোতা যোৰেও ব্যাক্তি গৰাকীৰ বিষয়ে বহু কথা উন্মোচন কৰে। জোতা যোৰৰ পৰাই নাৰীয়ে মানুহ জনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অথবা বৰ্তমানৰ আৰ্থিক স্থিতিৰ লগতে বহুতো কথাৰ উমান ' পাৰে।

এজন পুৰুষ কিমান মনোযোগী শ্রোতা এই কথাটো যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰে। যি পুৰুষে অইনৰ কথা শুনিবলৈ অনীহা কৰেতেনে পুৰুষে নাৰীৰ হৃদয় কেতিয়াও জয় কৰিব নোৱাৰে কাৰন প্ৰত্যেক গৰাকী নাৰীৰ বাবে তেওঁৰ সঙ্গী জন এক উত্তম শ্ৰোতা হোৱাটো কামনা কৰে।

পুৰুষ এগৰাকী কিমান খৰছী বা মিতব্যয়ী এই ধৰণৰ কথাবোৰশ্বপিং ' আদি মার্কেটত বজাৰ কৰি থকা ব্যস্ততাৰ মাজতেই এগৰাকী নাৰীয়ে বুজিবলৈ সক্ষম হয়। সকলো সময়তে বেছি খৰছী পুৰুষকেই যে নাৰীয়ে বেছি পছন্দ কৰিব তেনেকুৱাও নহয়। চাই-চিতি খৰছ কৰা পুৰুষৰ বিবেচনাবোধ বেছি বুলিহে বেছিভাগ নাৰীয়ে ধাৰণা কৰে আৰু তেনে পৰিণত পুৰুষক আন্তৰিকতাৰে পছন্দ কৰে।  

নাৰীৰ বিচাৰ্য তালিকাৰ ভিতৰত পুৰুষৰ সৌজন্যতাবোধশিষ্টাচাৰবয়োজ্যেষ্ঠ লোকৰ প্ৰতি শ্ৰদ্ধাকন্ঠস্বৰকথা ওতে কৰা শব্দৰ উচ্চাৰণশব্দচয়ণস্বৰস্বৰগতি ইত্যাদি বহুতো সুক্ষ্ম সুক্ষ্ম কথাবোৰ সন্নিৱিষ্ট হৈ আছে। অৱশেষত  অপেক্ষা কৰিম সেই দিনটোলৈ যিদিনা আধুনিক নাৰীয়ে পুৰুষক লৈ সৃষ্টি কৰিব জগতৰ আটাইতকৈ সুন্দৰ আৰু প্রেমৰ মহাকাব্য আৰু বাজিব কেৱল প্রেমৰ ভৈৰবী সুৰ। 


Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা