অন্ধবিশ্বাসঃ২
অন্ধবিশ্বাসঃ২
প্ৰাচ্য কি পাশ্চাত্য কুসংস্কাৰে সকলোকে ছানি ধৰি ৰাখিছে। অন্ধবিশ্বাস, কুসংস্কাৰ সমূহ অকল নিৰক্ষৰ বা পিছপৰা অঞ্চলত বসবাস কৰা মানুহৰ মাজতেই সোমাই আছে বা ভাৰতীয় সকলহে অকল কুসংস্কাৰী বা অন্ধবিশ্বাসী তেনে নহয়।
১৩ নম্বৰটো অশুভ (Unlucky Thirteen) বুলি গণ্য কৰা হয়। "triskaidekaphobia" অৰ্থাৎ ১৩ সংখ্যাৰ প্ৰতি থকা এক প্ৰকাৰৰ মৰণকাতৰ ভীতি। গ্ৰীকসকলে ১৩ নম্বৰটোক অশুভ বা অমঙ্গলীয়া বুলি ধাৰণা কৰিছিল।
পিছলৈ যীচুখ্ৰীষ্টৰ হত্যাকাণ্ডৰ সতে জড়িত কিছু ঘটনাই ১৩ নম্বৰটোক চিৰদিনলৈ অশুভ কৰি পেলালে। যীচুক ক্ৰুছবিদ্ধ কৰি হত্যা কৰা হৈছিল শুক্ৰবাৰে (Good Friday) আৰু শুক্ৰবাৰৰ আগনিশা অৰ্থাৎ বৃহস্পতিবাৰে ৰাতি যীচুৱে অন্তিম ভোজন (Last Supper) কৰোতে তেৰজন ব্যক্তি/অতিথি উপস্থিত আছিল। তাৰেই তেৰ নম্বৰ জন আছিল জুডাছ্ নামৰ এজন ঈহুদী শিষ্য যাৰ বিশ্বাসঘাতকতা তথা প্ৰৰোচনাৰ ফল স্বৰূপে যীচুক ক্ৰুছৱিদ্ধ কৰা হৈছিল। পিছলৈ খ্ৰীষ্টান সকলৰ লগতে পাশ্চাত্য দেশ বোৰে ১৩ নম্বৰৰটোক অশুভ বুলি মানিবলৈ ললে। অৱশ্যে ইউৰোপৰ ইটালীয়েই এখন দেশ য'ত ১৩ নম্বৰটোক শুভ বুলিহে গণ্য কৰা হয়।
১৩০৭ খ্ৰীষ্টাব্দত ফৰাচী শাসক ফিলিপ (চতুৰ্থ)ৰ শাসনকালত অক্টোবৰ মাহৰ ১৩ তাৰিখ, শুক্ৰবাৰে ১০০ জন নাইটক বন্দী কৰি অবৰ্ণণীয় অত্যাচাৰ কৰি মাৰি পেলাইছিল। এই ঘটনাৰ ফলত ১৩ নম্বৰৰ সতে শুক্ৰবাৰটোও অশুভৰ তালিকাত সংলগ্ন হৈ পৰিল। কালক্ৰমত ১৩ নম্বৰটো আৰু বেছি অমঙ্গলীয়া হিচাপে পৰিগণিত হৈ পৰিল।
শিল্প, সাহিত্য, কলা আদিৰ সতে জড়িত কিছুমান ব্যক্তিয়ে ১৩ নম্বৰটোক শুভ বুলিও গণ্য কৰে। যিকোনো কথা বা বিষয় এটাক শুভ বা অশুভ হিচাপ ভবা দুয়োটাই প্ৰকৃততে কুসংস্কাৰৰ প্ৰতিফলন।
আজিৰ তাৰিখত ভাৰতীয় সকলৰ মাজতো ১৩ তাৰিখটোক অমঙ্গলীয়া বুলি মানিবলৈ লোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে। এই কথাষাৰ সত্যতা প্ৰমাণ কৰিবলৈ বলীউডৰ বোলছবি জগতৰ তাৰকাখিনিলৈ চালেই হব। চিত্ৰজগতৰ সৃজনশীল তথা তথাকথিত সংবেদনশীল লোক সকলৰ মাজত সংখ্যাতত্ব (numerology) আৰু নামৰ বানানক (spelling) লৈ থকা কুসংস্কাৰৰ সতে, নিৰক্ষৰ লোক সকলৰ ডাইনী, ভূত-প্ৰেতক লৈ থকা অন্ধবিশ্বাসেও হাৰ মানিব।
Comments
Post a Comment