অসমৰ ৪০ বছৰীয়া বন্ধ সংস্কৃতি
বন্ধৰ কাৰন যিয়েই নহওঁক কিয়, ৪০ বছৰীয়া বন্ধ সংস্কৃতিৰ (১৯৭৯-২০১৯) বিপৰীতে সকলো ৰাইজ মাৰবান্ধি থিয় দি বিৰোধিতা কৰাৰ সময় আহি পৰিছে।
২০১৫ চনৰ জুলাই মাহৰ টাইমলাইনত দিয়া পুৰণি আপডেট এটা আজি ডিগবৈৰ মহিলা চিকৎসক গৰাকীক শাৰীৰিক ভাবে অপদস্থ কৰাৰ প্ৰতিবাদ কল্পে পুনৰ দিলোঁঃ
* অসমত চলি থকা বন্ধ-সংস্কৃতি, বন্ধ কৰিব কোনে ?
বিজ্ঞানৰ পিতৃপুৰুষ, বিখ্যাত জোতিৰ্বিদ আৰু পদাৰ্থবিজ্ঞানী, গেলিলিও গেলিলেইক ইটালীৰ ৰোমান কেথলিক চাৰ্চৰ ধৰ্মযাজক সকলে, ১৬৩৩ চনত প্ৰচলিত ধৰ্মবিশ্বাসৰ বিৰোধিতা কৰাৰ অপৰাধত, গৃহবন্দীকৰি ৰাখিছিল । গেলিলিওৰ অপৰাধ আছিল যে তেঁও সূৰ্য্যক সৌৰজগতৰ কেন্দবিন্দু বুলি মত পোষণ কৰিছিল । সূৰ্য্য পৃথিৱীৰ চাৰিওফালে নুঘুৰে বৰং পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ভ্ৰমণ কৰে বুলি তেঁও লিখিছিল ।
ধৰ্ম্মগুৰু সকলে তেওঁৰ, মতবাদ ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল । অনিচ্ছাস্বত্বেও গেলিলিওয়ে কঠোৰ শাস্তিৰ ভয়ত, মতবাদ ভুল বুলি মানি লৈছিল। পৰৱৰ্তী সময়ত গেলিলিওৰ মতবাদৰ নিৰ্ভুলতাৰ কথা দোহৰাৰ প্ৰয়োজন নাই নিশ্চয়।
প্ৰায় ৩৫০ বছৰ পিছত ৰোমান কেথলিক চাৰ্চৰ ধৰ্ম্মগুৰু পোপ জন পল-২য়ে গেলিলিওৰ ওপৰত আৰোপিত সকলো অভিযোগ খাৰিজ কৰাৰ লগতে ৰাজহুৱা ভাবে ক্ষমা বিচাৰে।
আচল প্ৰসংগলৈ আহো । ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা বিখ্যাত অসম আন্দোলনৰ এক বিশেষ অস্ত্ৰ হিচাবে, পোন প্ৰথমবাৰৰ বাবে বন্ধ আহ্বান কৰা প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অহিংস তথা অসহযোগ প্ৰদৰ্শন কৰিবলৈ বন্ধ কাৰ্যসূচী, এটা বৃটিছ বিৰোধী হাথিয়াৰৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল ।
স্বাধীনতাৰ পিছত বন্ধৰ প্ৰচলন, বাওপন্থী ৰাজনৈতিক দল সমূহে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ব্যপকভাবে, প্ৰয়োগ কৰিছিল ।
অসম আন্দোলনৰ সময়ছোৱাত, আছুৱে আহ্বান কৰা বন্ধৰ প্ৰভাব, অসমৰ জনমানসত ইমানেই স্থায়ী ৰূপে ৰৈ গল যে, আজিৰ প্ৰজন্মই 'বন্ধ' শব্দটো "অসম বন্ধ" ৰ পৰ্যায়বাচী শব্দ বুলি বিবেচনা কৰে । অসম আন্দোলনৰ সময়তো, বন্ধৰ দ্বাৰা, মানুহৰ জীৱন যাত্ৰা দুৰ্বিসহ হৈ উঠিছিল, কিন্তু সেই সময়ৰ অসমৰ ৰাইজ, জাতীয় প্ৰেমেৰে ইমানেই বেছি উদ্বুদ্ধ হৈ পৰিছিল যে এশ ঘন্টাৰ বন্ধকো কেৰেপ নকৰিছিল ।
কালক্ৰমে, আছুই বীজৰোপন কৰা বন্ধ সংস্কৃতিয়ে, বিষবৃক্ষৰ ৰূপ ধাৰন কৰিলে। আজিৰ তাৰিখত, অসমৰ বেছিভাগ সংগঠনে আছুৰ পদাংক অনুসৰণ কৰি সময়ে সময়ে বন্ধৰ আহ্বান দি, জাতীয় জীৱন দুৰ্বিসহ কৰি তুলিছে ।
আন এটা মন কৰিবলগীয়া বিষয় হৈছে, আছুকে ধৰি অসমৰ বন্ধ আহ্বান কৰা সংগঠন সমূহে, নিজৰ অস্ত্বিত্বৰ উমান দিবলৈকেহে, মাজে মাজে হকে-বিহকে বন্ধ ঘোষণা কৰিবলৈ ধৰিছে । এই বন্ধ সংস্কৃতিৰ বিৰুদ্ধে অসমৰ জাতি, ধৰ্ম , বৰ্ণ, ভাষা, ৰাজনৈতিক-অৰাজনৈতিক সংগঠন আৰু সংবাদ মাধ্যম নিৰ্বিশেষে সকলোৱে, এককন্ঠে, বিৰোধিতা কৰা উচিত কাৰণ বন্ধ আহ্বান কৰাৰ লগে লগে সাধাৰণ ৰাইজৰ জীৱন যাত্ৰা আৰু অসমৰ প্ৰগতিহে থমকি ৰয় ।
কোনো এটা সমস্যাৰ বিষয়ে ৰাইজক অবগত কৰাৰ বাহিৰে, ইয়াৰ দ্বাৰা কাৰো, বিশেষ একো উপকাৰ সাধন নহয়। বন্ধৰ বিকল্প হিচাবে, প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্যান্য বহুতো গণতান্ত্ৰিক পদ্ধতি আছে।
বন্ধ আহ্বান এতিয়া গণতান্ত্ৰিক অধিকাৰ হিচাবেও গণ্য কৰা উচিত নহয়, যিহেতু একেসময়তে, এই অধিকাৰে অন্য নাগৰিকৰ গনতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি আহিছে।
বন্ধ সংস্কৃতিৰ কুপ্ৰভাবৰ কথা অসমৰ মানুহক নিশ্চয় নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সেয়েহে আৰু কৈ বেছি দীঘলীয়া নকৰো।
গেলিলিওৰ সৈতে হোৱা অন্যায় আৰু ভূলৰ, ৩৫০ বছৰ পিছত হলেও, শুধৰাবলৈ যিদৰে চাৰ্চ কৰ্ত্তৃপক্ষই, ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে, ঠিক সেইদৰে আছুৱে বন্ধ সংস্কৃতিৰ বিৰোধিতা কৰি, ৩৫ বছৰ আগতে আৰম্ভণি কৰা এটা ভুল প্ৰক্ৰিয়াৰ আত্মসমালোচনা কৰি, সমগ্র অসমৰ ৰাইজক এক ভয়াবহ ব্যাধিৰ পৰা মুক্ত কৰিবলৈ, আগভাগ লওক ।
যদিও বৰ্তমান সময়ত, অসমত আছুৰ প্ৰভাব কিমান শক্তিশালী সেইয়াও এক প্ৰশ্ন চিহ্ন, তথাপি এই সমস্যাৰ বাবে যিহেতু আছুৰ পূৰ্বসূৰী সকল নৈতিকভাবে দায়বদ্ধ, গতিকে বন্ধৰ বিৰোধিতা কৰাৰ লগতে, সৰ্বকালৰ বাবে উৎখাত কৰিবলৈ অগ্ৰণী ভূমিকা ভূমিকা গ্ৰহণ কৰি, ৰোমান কেথলিক চাৰ্চৰ দৰে, এক বিৰল নজিৰ স্থাপন কৰক।
অসমৰ ৰাইজলৈ এক গোহাৰিঃ
আপোনাৰ নিজৰ পৰিয়ালৰ সদস্য সকলক এই বন্ধ সংস্কৃতিৰ বিৰোধিতা কৰিবলৈ শিকাওঁক আৰু তাৰ পিছত বন্ধ দিয়াবোৰক এঘৰীয়া কৰক।
Comments
Post a Comment