ডাবল্ ধামাকা
· ডাবল্ ধামাকা- সঞ্জীৱ মজুমদাৰ
দেওবৰীয়া পুৱা, হেপাঁহ পলুৱাই আৰু অকণ শোৱাৰ আমেজ লওঁ বুলি ভাবি থাকোতেই বন্ধু নৱনীলে আহি মোৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালেহি।
"মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা" আপ্ত বাক্যষাৰক সি যেন চ্যালেঞ্জ হে দিবলৈ আহিল।
"ইমান দেৰিলৈকে শুই আছ ?", বুলি কৈ বিচনাৰ কাষৰ চকীখনত বহি আগদিনাৰ বাতৰি কাকতখনকে মেলি ললে।
: তইনো ইমান ৰাতিপুৱা কি বুলি ওলালি আজি?আঠুৱাৰ সন্মুখৰ মূৰ দুটা খুলি গাৰুটো কোলাত থৈ ৰামদেৱ আসনত বহি লৈ সুধিলো।
সি কিছুসময় মনে মনে থাকিল। তাৰ মুখলৈ চাই গম পালো, নিশ্চয় নতুন কোনো প্ৰেম কাহিনীৰ পাতনি মেলিব এতিয়া মোৰ আগত।
নৱনীল মোৰ অন্তৰঙ্গ বাল্যবন্ধু।
আমি দুয়ো সৰুৰে পৰা খেলাধূলা, পঢ়া-শুনা, স্কুল-কলেজ, কোচিং আদি একেলগে কৰিছো। সম্প্ৰতি সি তিনিআলিৰ চিটিবাছ স্ট্যাণ্ডৰ বিপৰীত দিশত ষ্টেশ্বনাৰী দোকান এখন খুলিছে। গধূলি হলে আমি কেইটামানে তাৰ দোকানৰ সন্মুখতে আড্ডা মাৰো।
মই চিগাৰেটৰ পেকেট আৰু লাইটাৰটো তালৈ আগবঢ়াই দি কলো,
"আৰম্ভ কৰ, তোৰ প্ৰেম কাহিনী!"
সি যেন আকাশৰ পৰাহে পৰিল। কোনোৰকম চিগাৰেটটো জ্বলাই কলে,
"তই কেনেকৈ গম পালি, পাৰ্টনাৰ?"
“তই এই ৰাতিপুৱাখন মোৰ থ'পৰা চাব অহা মানুহ যে নহয়, ভালকৈ জানো? তোৰ মূৰত কেতিয়া ছোৱালীৰ কথা আৰু কেতিয়া ব্যৱসায় ঘূৰি ফুৰে মই চব বুজি পাওঁ দোস্ত। ক' কোন ক'ত কেতিয়া?”
তাৰ পিছত সি কোৱা কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ। তাৰ দোকানলৈ প্ৰায়েই এজনী ছোৱালী আহে কলম, কাগজ, প্ৰেক্টিকেলৰ
নোটবুক আদি কিনিবলৈ। ছোৱালীজনীয়ে চশমা পিন্ধে যদিও ধুনীয়া, শ্বাৰ্প ফেইচ। কিছুদিনৰ পৰা ছোৱালীজনী কলেজলৈ যোৱা সময়ত প্ৰায়েই তাৰ দোকানত সোমাই কিবা নহয় কিবা এটা কিনে তাৰ পিছতহে চিটি বাছত উঠি কলেজলৈ যায়। গতিকে তাৰ দৃঢ় বিশ্বাস, অকল বিশ্বাসেই নহয়, সি প্ৰত্যয় গৈছে যে ছোৱালীজনী তাৰ প্ৰেমত পৰিছে।
চিগাৰটটো তাৰ হাতৰ পৰা লৈ মই তাক ক’লো,"ঠিক আছে, মই বুজি পালো যে তাই তোক ভাল পায়, গতিকে তোৰ সমস্যা কি ? তই তাইক প্ৰপোজ কৰ!"
মই চিগাৰেটৰ ধোঁৱাৰে বনোৱা ৰিংটোৰ ফালে চাই কলে, "এই কামটো মই কৰিব নোৱাৰো, তই ভালদৰে জান!"
"ধোঁৱাৰে ৰিং বনোৱা?"
"বেছি কামুৰিব নালাগে, তোৰ সহায় নহ'লে মই এখোজো আগবাঢ়িব নোৱাৰো, তই ভালদৰেই জান।"
মই লাহেকৈ ক’লো,
"সুন্দৰপুৰৰ কবিতা শইকীয়াৰ লগত "ব্ৰেইক আপ" হ'লেই নেকি?"
"পাৰ্টনাৰ, এইবাৰ মই চিৰিয়াছ। কাইলৈ ৰাতিপুৱা মোৰ দোকানলৈ আহি বৰ্ণালীক এবাৰ চাই ল। তাৰ পিছত তই মোক গাইড কৰ।"
"বৰ্ণালী কোন? নাম ধাম চব গম পালি যেতিয়া মোলৈ কিয় ৰৈ আছ?"
সি একপ্ৰকাৰ মোক দম দি কলে,
"কাইলৈ মুঠতে তই ৰাতিপুৱা চাৰে ন বজাৰ ভিতৰত মোৰ দোকানলৈ আহি যাবি।"
নৱনীল সৰুৰে পৰাই তেনেকুৱা। জোতা, কাপোৰ আদি কিনিবলৈ গ’লেও মোক লৈ যাব, মোৰ পচন্দ হলেহে কিনিব।
তেনেতে নবৌয়ে চাহ-জলপান দি থৈ গ'লহি। পিছদিনা ৰাতিপুৱাই সি মোলৈ ফোন কৰি পুনৰ ৰিমাইণ্ডাৰ দিলে।
নৱনীলৰ দোকানৰ কাউন্টাৰত বহিয়েই বাছ ষ্টেণ্ডত ৰৈ থকা ছোৱালীজনী দেখিলো। তাই বাছত উঠাৰ পিছত, নৱনীলে মোক এনেদৰে সুধিলে যেন মই কোনো এক বিখ্যাত নাৰী বিশেষজ্ঞ হে।
"কেনে দেখিলি? তোৰেই কপাল বেয়া, তাই আজিহে দোকানলৈ নাহিল। তাই বাৰু মোক ভাল পাব নে? ভালদৰে চিন্তা কৰি কচোন!"
নৱনীলৰ স’তে এনেধৰনৰ ঘটনা আগতেও বহুবাৰ ঘটিছে। সি প্ৰেমত পৰে, মোৰ পৰামৰ্শ লয়। আকৌ প্ৰেমত পৰে, আকৌ মোৰেই পৰামৰ্শ লয়।
মই তাক দোকানৰ বাহিৰলৈ মাতি আনি চিগাৰেট এটা জ্বলাই তাৰ ফালে চাই ক’লো, “"ছোৱালীজনী নিসন্দেহে ধুনীয়া। পঢ়াশুনাত চোকা হ’ব।"
সি মোক একপ্ৰকাৰ ৰখাই লৈ একে উশাহে ক’লে, "তই কেনেকৈ গম পালি তাই পঢ়া শুনাত চোকা বুলি, তই চিনি পাৱ নেকি তাইক?"
মোৰ অলপ সময়ৰ কাৰনে এনে লাগিল, ছোৱালীজনী পঢ়াত চোকা হোৱাটো যেন নৱনীলে নিবিচাৰে। চোকা হলেই বিপদ!
মই জ্বলন্ত চিগাৰেটটো তাৰফালে আগবঢ়াই দি ক’লো, "মই কেনেকৈ চিনি পাম? মই আজিহে দেখিছো।"
"তেতিয়াহলে চোকা ছোৱালী বুলি, কেনেকৈ গম পালি?"
মই তাৰ কান্ধত হাতখন দি ক’লো, “প্ৰথম পইন্টটো হৈছে তাইৰ চকুৰ চশমাযোৰৰ পাৱাৰ আৰু চশমাৰ ক'লা ফ্ৰেমটো। দ্বিতীয়তে তাই মূৰত অকণ বেছিকৈ তেল সানি আহিছে আৰু দুয়োফালে বেণী গুঠি অহা ‘লুক’ টো। তৃতীয়তে তাই তোৰ দোকানৰ পৰা প্ৰেক্টিকেলৰ
বহী কিনে মানে তাই বিজ্ঞান শাখাৰ ছোৱালী। গতিকে চোকা হ’বই লাগিব।"
সি একেবাৰে গদগদ্ হৈ পৰিল আৰু মোৰ হাতদুখন লৈ হেণ্ডশ্বেইক্
কৰিবলৈ ল’লে, "পাৰ্টনাৰ, তই ঠিকেই ধৰিছ, তাই কটন কলেজত পঢ়ে। জুল'জীত মেজৰ আছে।"
অকণমান থমকি ৰৈ সি বৰ উদ্বিগ্ন স্বৰেৰে মোক সুধিলে, "চোকা ছোৱালী হোৱা বাবেই, তাই প্ৰেম নকৰিব নেকি?"
তাৰ কথা শুনি মোৰেই মূৰটো ক’ৰবাত যুঁজাই দিম যেন লাগিছিল, "বুৰ্ব্বক, প্ৰেম সকলোৰে জীৱনলৈ মিনিমাম্ এবাৰ নহয় এবাৰ আহেই। চাইন্স বা আৰ্টছ বুলি কোনো কথা নাই। তই মুঠতে লাগি থাকচোন দেখা যাওক, কি হয়।"
কিছুদিন চাকৰিৰ ইন্টাৰভিউ এটাক লৈ ব্যস্ত হৈ আছিলো। হঠাৎ সিদিনা নিশা নৱনীলৰ ফোন আহিল, "বন্ধু, কত আছ তই? ডাঙৰ কথা এটা হ'ল নহয়। আজি বৰ্ণালী মোৰ দোকানলৈ আহিছিল।"
“সদায়েতো আহে তাই। আজি তোৰ কি প্ৰব্লেম হৈছে সেইটো ক?"
"আচলতে তোক এইকেইদিন লগ নাই পোৱা। কিয় জানো মোৰ এনে লাগিছে, তাই যেন মোক সঁচাই ভাল পায়। কাইলৈ দোকানলৈ এবাৰ আহ না! তোৰ হেল্প নহলে মই একো কৰিব নোৱাৰো, তই জানই।"
কিছুসময় কথা পতাৰ পিছত শুবলৈ গ’লো।
পিছদিনা ৰাতিপুৱা যাব নোৱাৰিলো যদিও দুপৰীয়া এপাকত নৱনীলৰ দোকান পালো। দোকানত বিশেষ ভীৰ নথকাত দুয়ো একেলগে মন খুলি কথা পতাৰ পিছত, যিটো গম পালো সেইয়া হৈছে তাই মানে বৰ্ণালী, এইকেইদিন সদায় তাৰ দোকানলৈ এবাৰ নহয় এবাৰ আহিছে। নৱনীলৰ মতে যদি তাই তাক ভালেই নাপায়, তেতিয়াহলে কিয় আহিব?
তাৰ অকাট্য যুক্তি খণ্ডন কৰাৰ মোৰ কোনো সাধ্য নাই।
"পাৰ্টনাৰ, তই মোক এতিয়া শিকাই দে মই তাইক কথাটো কেনেকৈ কলে ভাল হব? নহলে চিঠি এখন লিখি দে তই।"
প্ৰেমত মানুহ যে দুঃসাহসী হৈ পৰে বৰ ওচৰৰ পৰা দেখিলো।
"এই মোবাইলৰ যুগত তই চিঠি দিলে কেছটো বৰ আউটডেটেড নহব নে? তোৰ প্ৰতি মধ্যযুগীয় বুলি ফিলিংচ এটা আহি যাব পাৰে।"
সি একপ্ৰকাৰ হতাশ হৈ মোলৈ বৰ আশাৰে চাই কলে, "তেতিয়াহলে কি কৰা ভাল হব?"
"পাৰ্টনাৰ, বৰ্তমান হৈছে প্ৰপোজৰ যুগ, ইনষ্টেন্ট ৰিজাল্ট পাবলৈ আটাইতকৈ মডাৰ্ণ তৰীকা।"
মই কামোৰ এটা মাৰো বুলি ক’লো, "এটা কাম কৰ, অহাকালি তাই যেতিয়া চিটি বাছৰ বাবে ৰৈ থাকিব। তই হাতত গোলাপ ফুল এপাহ লৈ আঠুকাঢ়ি 'আই লাভ ইউ' বুলি কৈ দিবি। পাৰিলে জিনছ্ পিন্ধি আহিবি নহলে আঠুৰ মাখিছাল ছিগিব পাৰে।"
আগতেই কৈছো নৱনীল গঁড়ৰ ছাল। সি নিৰ্বিকাৰ চিত্তে কলে, "চিটি বাছ ষ্ট্যাণ্ডত বহু মানুহ থাকিব। তাতে ৰাতিপুৱাৰ কলেজ টাইম।”
মই কেনেকৈ ক’ম, কি ক’ম একো নাজানো।"
মই গম পালো তাক এইবোৰ কৈ লাভ নাই। ফাইনেলী তাক মই কেইটামান বাক্য শিকাই কেনেকৈ ক’ব লাগিব বুজাই দিলো। সি প্ৰথমতে ক’বলৈ চেষ্টা কৰি, আউল লগালে। পিছত বৰ আগ্ৰহেৰে বাক্যকেইটা মোৰ পৰা লিখি ল’লে। মই তাক কথাকেইটা মুখস্থ কৰি পিছদিনা ৰাতিপুৱা মোৰ ঘৰলৈ আহিবলৈ ক’লো।
সি ক’লে, "মই আজি নিশা মুখস্থ কৰিম। ৰাতিপু্ৱালৈ তোৰ আগত প্ৰথমতে ক’ম। তই ওকে বুলি ক’লেহে তাৰ পিছত মই তাইৰ আগত ক’ম।"
দুই এদিনৰ ভিতৰত সি সংলাপখিনি আয়ত্ব কৰিব পাৰিব বুলি ভাবিছিলো যদিও প্ৰায় এসপ্তাহ মান লাগি গ'ল। পিছত মই তাক নাটক কৰোঁতে আখৰা কৰাৰ দৰে, প্ৰথমে স্ক্ৰীপ্ট ৰিডিং, তাৰ পিছত ডাইলগ ডেলিভাৰী, মডুলেশ্বন আৰু ফাইনেলী একটিং আটাইবোৰ, ধাপে ধাপে কৰিবলৈ দিলো। মোৰ সেই দিন কেইটা তাৰ নামত উছৰ্গা কৰিলো। ৰাতিপুৱা গধূলি, সি একপ্ৰকাৰ মোৰ শোৱন খাৱন নোহোৱা কৰি পেলালে।
এদিন ৰাতিপুৱাই ঘৰলৈ আহি মোক জনালে যে, সেইদিনা সি ক’বই তাইক মনৰ কথা। কিন্তু দোকানত নহয়, বাছ ষ্টেণ্ডত। মই শুভেচ্ছা জনাই তাক উৎসাহিত কৰিলো আৰু গধুলি তাৰ দোকানলৈ যাম বুলি ক’লো।
বিশেষ কাম এটাত দিনটো ব্যস্ত থাকিলো। ঘৰলৈ আহি গা পা ধুই তাৰ দোকানলৈ যাওঁ মানে দোকান পোহাৰ বন্ধ হ'বৰে হ’ল। কাষৰ দোকানবোৰ বন্ধ কৰিলেই সি মাথোঁ মোলৈ বাট চাই বহি আছে। মুখত তাৰ এপাচি কলীয়া ডাৱৰ।
: কি হ’ল ক দোস্ত?
: কি ক’বি, একো নহ’লগৈ।
: মানে ? লগ নাপালি?
: গ’লো, লগো পালো।
: তেন্তে?
: ক’বহে নোৱাৰিলো।
: ধুৰ…………
মুখেৰে মোৰ বাৰ পাচি অশ্লীল মাত ওলাই আহিল। মোৰ অশ্লীল মাত তাৰ গঁড়ৰ ছালত লাগি ওফৰি পৰিল। কিন্তু সি নাচোৰবান্দা। বৰ্ণালীক সি নিজৰ কৰি পাবই লাগিব। যি কোনো প্ৰকাৰে। আমি বন্ধুবোৰে চবেই জানো, সি য'ত লাগে চীনা জোকৰ দৰে লাগে। যি জনী ছোৱালী মনত ধৰে, গায়ত্ৰী মন্ত্ৰৰ দৰে তাইৰ নাম জপ কৰে। এইকেইদিন তাৰ মুখত বৰ্ণালীৰ নাম শুনি শুনি কাণৰ মাকৰি সৰাৰ উপক্ৰম হল। দোকান খুলিবলৈ যোৱাৰ আগতে কেতিয়াবা ফোনতো সি মই লিখি দিয়া কথা কেইষাৰ শুনাবলৈ ধৰিলে। কাগজখন ইতিমধ্যেই উৱলি যাওঁ যাওঁ হ’ল। তাৰহে একো গতি নলগা হ’ল।
এসপ্তাহমান পিছত এদিন ৰাতিপুৱা পাঁচমান বজাতে নৱনীল আহি আমাৰ ঘৰত হাজিৰ। চিঞৰি বাখৰি মোক বিচনাৰ পৰা উঠাই শিৱ মন্দিৰলৈ লগ ধৰিলে। সিদিনা সোমবাৰ আছিল। সেই দিনটো হেনো তাৰ বাবে বিশেষ দিন কাৰণ সিদিনা সি বৰ্ণালীক প্ৰপোজ কৰিবই বুলি শপত খাই আহিছে। গতিকে এনে এটা শুভকাম কৰাৰ আগতে আৰাধ্য দেৱতা শিৱৰ ওচৰত মুৰ নোদোঁৱাকৈ সি এই শুভকামত আগ নাবাঢ়ে। গতিকেই তাৰ উৎপাতত মইয়ো গা পা ধুই তাৰ লগত ওলালো। মন্দিৰৰ বাহিৰতে ধূপ চাকি কিনি আমি পূজা কৰিবলৈ সোমালো। মোৰ সোনকালেই হ’ল, কিন্তু নৱনীলৰ নহয়হে নহয়। বাহিৰত ৰৈ ৰৈ মোৰ আমনি লাগিবলৈ ধৰিলে। ইফাল সিফাল কৰি মন্দিৰলৈ অহা ধুনীয়া ছোৱালীবোৰ চাই টাইম পাছ কৰিলো। প্ৰায় বিছ মিনিট মানৰ পিছত দেখিলো নৱনীল মন্দিৰৰ পৰা ওলাল। কপালত তিনি চাৰিটা মান ফোঁট, কাণত নিৰ্মালী। মন্দিৰত যিমানবোৰ পুৰোহিত জাতীয় লোক আছে, সকলোৰে পৰা আশীৰ্ব্বাদ লৈ আছে সি। লগতে মন্দিৰ চৌহদত থকা ভিক্ষাৰীবোৰৰ চবকেই খুচুৰা পইচা বিলাই আছে।
হঠাৎ মন কৰিলো এজনী ছোৱালী হাতত পূজাৰ থালী এখন লৈ মন্দিৰৰ চিৰি বগাই আহি আছে। আধা তিতা দীঘল চুলিৰ আৰু মুগাৰ মেখেলা যোৰৰ সতে এক পৱিত্ৰ আৰু স্বৰ্গীয় সৌন্দৰ্য্য যেন খোজকাঢ়ি ফুৰিছে। মই এপলক আভিভূত হৈ চাই ৰলো। ভালেখিনি মান দূৰত্বত যদিও, এনে অনুভৱ হ'ল যুৱতীগৰাকীয়েও মোৰ ফালে এক মূহুৰ্ত্তৰ বাবে চাই আছিল। মোৰ মনটোত এজাক কপৌচৰাইৰ গোজৰণিয়ে হিল্লোল তুলিলে। কান্ধত নৱনীলৰ হাতৰ পৰশ নোপোৱা হলে মই থৰ লাগিলোহেঁতেন।
মোৰ ওচৰ পাইয়েই সি কিবা এটা ক’ব খুজি, মোৰ হাতত খামুচি ধৰিলেহি। তাৰ দৃষ্টিক অনুসৰণ কৰি গম পালো, মন্দিৰ অভিমুখে আহি থকা ছোৱালীজনীলৈ সি বৰ আগ্ৰহেৰে চাইছে। মইও চালো ছোৱালীজনীলৈ,
যদিও মই ধৰিব নোৱাৰি পুনৰ নৱনীলৰ মুখলৈ চালো। নৱনীলৰ মুখমণ্ডলত প্ৰাপ্তি আৰু তৃপ্তিৰ ভিন ভিন ৰঙে খেলা কৰা দেখি সুধিলো,
"কোন?"
: বৰ্ণালী।
: বৰ্ণালী? কোন বৰ্ণালী?
: আহি আছে যে……
মই বৰ্ণালীক চিনি পোৱা নাছিলো, নোপোৱাটোৱেই স্বাভাবিক। অকণমান সময়ৰ বাবে মনটো সেমেকি উঠিল যদিও, মই তাক লাহেকৈ সুধিলো, "তই জানিছিলি নেকি তাই ইয়ালৈ যে আহিব।"
সি ক’লে "নাই নাজানো, এইয়া শিৱ বাবাৰ লীলা।"
মই ক’লো ভালেই হ'ল তই কথাটো ইয়াতে কৈ পেলা। ইয়াতকৈ ভাল ঠাই আৰু সুযোগ তই জিন্দেগীত নাপাবি।"
তাৰ কাণ মূৰ ৰঙা হৈ পৰিছে, বৰ্ণালী আমাৰ ফালে আগবাঢ়ি আহি আছে, লাহেকৈ ক’লে, "ৰহ্, তাই পূজা কৰি আহক।"
নৱনীলৰ ফালে চাই স্মিত হাঁহি এটা মাৰি, মূৰ দুঁপিয়াই আমাৰ কাষেদি পাৰ হৈ, তাই মন্দিৰৰ ভিতৰলৈ সোমাই গ’ল। নৱনীলে মন্দিৰৰ চোতালতে আঠুকাঢ়ি পুনৰবাৰ সেৱা জনালে। মোৰ ওচৰলৈ আহি মই লিখি দিয়া কাগজখন উলিয়াই আওঁৰাবলৈ লওঁতে মই তাক প্ৰচণ্ড ধমকি এটা দিলো।
সি তৎক্ষণাৎ বুজি পালে যে আজি স্ক্ৰীপ্ট নোহোৱাকৈয়েই বচন গাব লাগিব। মই তাৰ পিঠিত থপৰিয়াই, অকণমান সাহস দি, আঁতৰি দিলো।
এটা সময়ত বৰ্ণালী মন্দিৰৰ পৰা ওলাই আহিল। মই দূৰৰ পৰা লক্ষ্য কৰি থাকিলো।
নৱনীলে তাইৰ সতে বৰ ইম্প্ৰেছিভ ভাবে কথা পতা দেখি মোৰ বৰ ভাল লাগি গ'ল। অলপ পিছত তাইক লৈ সি মন্দিৰৰ বাওঁকাষে থকা কংক্ৰীটৰ বেঞ্চখনৰ ওপৰত বহিলগৈ। দূৰৈৰ পৰা তাৰ আও-ভাওৰ পৰা ধৰিব পাৰিলো সি আজি সফল হৈছে। হওক হওক ভাল কথা। মোৰ মনটো বৰ ফৰকাল হৈ পৰিল, যি নহওক, আজিৰ পৰা অন্ততঃ তাৰ কামোৰ নাখালেও হ’ব।
কিছুসময়ৰ পিছত দেখিলো বৰ্ণালী তাৰ পৰা উঠি গ'লগৈ। মই প্ৰায় দৌৰি গ’লো তাৰ ওচৰলৈ। পিঠিত ঢকা এটা মাৰি ক’লো,
: আৰে পাৰ্টনাৰ, তুনে আজ কামাল কৰ দিয়া। চাব্বাচ দোস্ত।
: নহয় অ চব খেলি মেলি হৈ গ'ল।
: কি হল ? তই দেখোন প্ৰ'পজ কৰিলিয়েই! কিয় তাই এনগেজড্ নেকি?
: নহয় অ…
: কি হ'ল ভালকৈ নকৱ কিয়?
: আচলতে সেইজনী বৰ্ণালী নাছিল। বৰ্ণালীৰ ভণীয়েক স্বৰ্ণালীহে আছিল।
:কি??
: উম, মই চব কৈ শেষ কৰাৰ পাছতহে তাই ক’লে, "আপুনি চাগৈ এই কথাখিনি বৰ্ণালীক ক’ব বিচাৰিছিল। মই বৰ্ণালী নহয়, স্বৰ্ণালী হে! আমি দুয়োজনী যঁজা বাই-ভনী”।
হঠাৎ মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা ঘন্টাটো কোনোবাই সজোৰে বজাই দিয়া যেন লাগিল। কেৰাহিকৈ নৱনীললৈ চাই দেখিলো, সি একেবাৰে বানত বিধ্বস্ত হোৱা সৰ্বহাৰা মানুহৰ দৰে বেঞ্চখনত বহি আছে।
কিছুসময়ৰ বাবে নৱনীলৰ কথা ভাবি বেয়া লাগিল যদিও পিছ মূহুৰ্ত্তত মোৰ মনত ক্ষীণ আশাৰ ৰেঙণি এটা উজলি উঠিল। হঠাৎ এক আকাশবাণী যেন মোৰ মনৰ অনাতাঁৰ কেন্দ্ৰত বাজি উঠিল, এইজনী বৰ্ণালী নহয়, এইজনী স্বৰ্ণালীহে, স্বৰ্ণালী, স্বৰ্ণালী, স্বৰ্ণালী........।
(সমাপ্ত)
Comments
Post a Comment