বাতৰি কাকতৰ গণিত


অঙ্ক বা গণিতো ঈশ্বৰৰ দৰেই স্বয়ং সম্পূৰ্ণ। গণিতে কেতিয়াও ভুল নকয়। দুই যোগ দুইৰ উত্তৰ সদায় চাৰিয়েই হয়।
আমি সৰু থাকোতে বাতৰি কাকত বুলি 'লে "দৈনিক অসম" খন বুলিয়েই জানিছিলোঁ। "দৈনিক অসম" প্ৰকাশ হৈছিল ১৯৬৫ চনত। পৰৱৰ্তী কালত কেবাখনো বাতৰি কাকতে আত্মপ্ৰকাশ কৰিলে।
পৰৱৰ্তী কালত দৈনিক অসমৰ লগতে জনমভূমি, আমাৰ অসম, অগ্ৰদূত, নতুন দৈনিক, আজিৰ বাতৰি, অসমীয়া খবৰ ইত্যাদি আৰু বহুতো বাতৰি কাকতবোৰে এক গঠনমূলক স্থিতি গ্ৰহণ কৰি, অসমৰ জনজীৱনক সুস্থভাবে প্ৰভাৱিত কৰি আহিছে।
"টূপীদিন" কাকতখনে জন্মলগ্নৰে পৰা ব্যাৱসায়িক মুনাফা লুটিবলৈ সদায় চৰকাৰবোৰক (কি কংগ্ৰেছ, কি অগপ, কি বিজেপি) অযথা সমালোচনা কৰি ব্যতিব্যস্ত কৰি আহিছে। এই কাকতখনে অসমৰ জনজীৱনক সদায় অযথা বিতৰ্কৰ সতে ব্যতিব্যস্ত কৰি বিকাশ আৰু প্ৰগতিক পণবন্দী কৰি সমাজক ভুল বাৰ্তা দি আহিছে।
অতি জাতীয়তাবাদ (ভুৱা) স্লোগান দি অসমীয়া ৰাইজক আৰু একে সময়তে চৰ-চাপৰি অঞ্চলৰ বিশেষ সম্প্ৰদায়ৰ মুখ-পাত্ৰ স্বৰূপে (অকল ব্যাৱসায়িক স্বাৰ্থৰ বাবে) জিগিৰ তুলি কাকতখনৰ "টি আৰ পি" বঢ়াই নিজ স্বাৰ্থ পূৰণৰ বাবে ধ্বংসাত্মক সমালোচনা কৰি অসমখনক সদায় অস্থিৰ কৰি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।
অকল ব্যৱসায়ৰ কথা মূৰত ৰাখি মালিক পক্ষ বৰ্তমান এই কাকতখনৰ লগতে বৈদ্যুতিন মাধ্যমটোও, বাঁওপন্থী আৰু মৌলবাদীৰ হাতৰ ক্ৰীড়ণক কৰি পেলাইছে।
১৯৯৫ চনত ভূমুকি মৰা দুখন বাতৰি কাকত হৈছে "আমাৰ অসম" আৰু "অসমীয়া প্ৰতিদিন"।আজিৰ তাৰিখত "আমাৰ অসম" দৈনিক সংস্কৰণ ৭০৪৩৪ খন  আৰু "অসমীয়া প্ৰতিদিন" দৈনিক সংস্কৰণ হৈছে ১৭৮১৬২ খন। আপাত দৃষ্টিত বাতৰিকাকতখনৰ জনপ্ৰিয়তা যেন লাগিলেও এইয়া এক সুপৰিকল্পিত অঙ্ক হে। এই অঙ্কটো বুজিবলৈ অকণমান চেষ্টা কৰক।
) "আমাৰ অসম" আৰু "অসমীয়া প্ৰতিদিন" দুয়োখন বাতৰিকাকতৰ মাজত এই ব্যাপক ব্যাৱধানৰ কাৰন কি?
) কাকতখনৰ বিক্ৰী বঢ়াবলৈ বুলি, অকল কোনবোৰ মানুহক "খুচ" কৰিবলৈ এই কাকতখনে বাতৰি পৰিবেশন কৰে?
) ব্যাৱসায়ৰ এই সৰল অঙ্কটো সকলোৱে বুজি পোৱা উচিত। কাৰন গণিতে কেতিয়াও ভুল নকয়।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা