ভাৰতৰ যাযাবৰ ৰোমানী সম্প্ৰদায়


:: ৰোমানী জাতি ::



 

ষষ্ঠ শতিকাৰ পৰা একাদশ শতিকাৰ এই কালছোৱাত উত্তৰ ভাৰতৰ পঞ্জাৱ, ৰাজস্থান আৰু সিন্ধু প্ৰদেশৰ পৰা কিছুমান যাযাবৰ সম্প্ৰদায়ৰ মানুহ মধ্য এছিয়া, ইউৰোপ, আমেৰিকা, ৰাছিয়া, লেটিন আমেৰিকালৈ ব্যাপক ভাবে প্ৰব্ৰজিত হৈছিল। এই জাতিটোৰ নাম হৈছে ৰোমা বা ৰোমানী। গোটেই পৃথিৱীত প্ৰায় চল্লিছখন দেশত বৰ্তমান এই ৰোমানী জাতিৰ জনসংখ্যা প্ৰায় দুই কৌটি। শেহতীয়াভাবে ভাষিক তত্ত্ব (linguistic theory) আৰু  কিছু লোকৰ ওপৰত ডিএন পৰীক্ষা কৰি নিশ্চিত হোৱা গৈছে যে এই লোকসকলৰ ভাষা ইণ্ডো-আৰ্য্য পৰিয়ালৰ আৰু বংশগতিৰ ফালৰ পৰা ভাৰতীয় মূলৰ বুলি। এই ৰোমানী সকল দ্বিভাষিক, নিজ নিজ দেশৰ ৰাষ্ট্ৰভাষাৰ উপৰিও নিজৰ মাজত ৰোমানী ভাষাত কথা পাতে। অৱশ্যে সৌ সিদিনালৈকে যাযাবৰী জীৱন কটোৱা এই ৰোমানীসকলৰ নিজা লিপি বা বৰ্ণ নাই। ৰোমাণী সকলৰ ভাষা সংস্কৃত বা ভাৰতীয় মূলৰ ভাষাৰ সতে সাদৃশ্য মন কৰিবলগীয়া। এইভাষাত ব্যৱহাৰ হোৱা শব্দ মন কৰক - এক, দুই, তৃন, ষ্টাৰ, পাঞ্চ.., লোণ, চোৰ, ছুৰী, দিৱস, সাপ, শাৰদ, গাৱঁ, পানী, বৰ, আঁখ, চুমা, কান, নাক আদি কৰি প্ৰায় দুহেজাৰ ভাৰতীয় মূলৰ শব্দ বুলি চিনাক্ত কৰা হৈছে
উনৈছ শতিকাৰ শেষ ভাগলৈকৈ ভিন ভিন দেশত অশেষ যন্ত্ৰণা তথা অকথ্য দুৰ্দশাৰ সন্মুখীন হোৱা ৰোমানী সকলৰ জীৱনলৈ কিছু সুচলাৱস্থা অহাৰ ফলশ্ৰুতি স্বৰূপে, কুৰি শতিকাত বহুতো ৰোমানী লোকে বিভিন্ন দেশত ৰাজনীতি, সাহিত্য, কলা, সংস্কৃতি, ফুটবল, চলচিত্ৰ আদি ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে। সৰ্বকালৰ জনপ্ৰিয় অভিনেতা আৰু পৰিচালক চাৰ্লি চ্যাপলিন, পপ গায়ক এলভিছ প্ৰীছলী, মাদাৰ টেৰেজা এই ৰোমানী সম্প্ৰদায়ৰ মানুহ





Comments