তুনহাৰ চতলত ভৰি দিলিয়েই


তুনহাৰ চতলত ভৰি দিলিয়েই
মোৰ বুকখান হমাৎ হমাৎ কে 
উঠে দেখু ৰংমালা।
বাৰীৰ কাষৰ গপ্তাইদি 
' ছাইৰবা যাংতে 
তুমি ইফ্ৰাম খাই খাই 
মোৰ দেখি জিংকে চাই আইছলা
আজিক লেগিন পাহেৰবা 
পাৰা নাই ৰংমালা।
আইটাৰ কাষত বগ্ৰী খাই গুটিটু 
মোক লেগিন ইলে 
কি কথা কবা বিচেৰছিলা 
আজিও জাইনবা মন যায় ৰংমালা।
সভাৰ দিনা জিল্পেৰ 
ঠহাটো তোমাক দিবা 
এৰি মাইকণক দিয়াত 
তুমি মোক নাম্তা দিছলা,
নত আছে না ৰংমালা?
মাইকন আৰু তুনহাৰ ঘৰৰ 
দোঘ্ৰাটোত তোমাৰ হাত দুখান 
সামতা মাই ধৰা কথাটো মনত 
ইৰলি, বুকখান আজিও 
হান্ মাইৰ ধৰে দুখু ৰংমালা।
গাৱৰ ছলিৰ লগত বিয়া নেদাং বুলি 
গুৱেটীৰ চাক্ৰি কৰা ছলিৰ লগত 
বিয়া দিবা খোজাংতে তোমাক পলে 
আনি বিয়া ইল্লু 
আৰু কি যি ভুল ইল্লু 
কাক ' কুনি ইতাব বাপাহাৰে।
বিয়াৰ পিছত যি 
তুমি ইমান বদ্লি যাবা 
আগতে জানা 'লি 
কেইতানো বিয়া নকইল্লু হৈ ৰংমালা।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা