তুনহাৰ চতলত ভৰি দিলিয়েই


তুনহাৰ চতলত ভৰি দিলিয়েই
মোৰ বুকখান হমাৎ হমাৎ কে 
উঠে দেখু ৰংমালা।
বাৰীৰ কাষৰ গপ্তাইদি 
গ'ৰ ছাইৰবা যাংতে 
তুমি স‌ইফ্ৰাম খাই খাই 
মোৰ দেখি জিংকে চাই আইছলা
আজিক লেগিন পাহেৰবা 
পাৰা নাই ৰংমালা।
আইটাৰ কাষত বগ্ৰী খাই গুটিটু 
মোক লেগিন দ‌ইলে 
কি কথা কবা বিচেৰছিলা 
আজিও জাইনবা মন যায় ৰংমালা।
সভাৰ দিনা জিল্পেৰ 
ঠহাটো তোমাক দিবা 
এৰি মাইকণক দিয়াত 
তুমি মোক নাম্তা দিছলা, ম
নত আছে না ৰংমালা?
মাইকন আৰু তুনহাৰ ঘৰৰ 
দোঘ্ৰাটোত তোমাৰ হাত দুখান 
সামতা মাই ধৰা কথাটো মনত 
প‌ইৰলি, বুকখান আজিও 
হান্ মাইৰ ধৰে দুখু ৰংমালা।
গাৱৰ ছলিৰ লগত বিয়া নেদাং বুলি 
গুৱেটীৰ চাক্ৰি কৰা ছলিৰ লগত 
বিয়া দিবা খোজাংতে তোমাক পলে 
আনি বিয়া ক‌ইল্লু 
আৰু কি যি ভুল ক‌ইল্লু 
কাক ক'ম কুনি প‌ইতাব বাপাহাৰে।
বিয়াৰ পিছত যি 
তুমি ইমান বদ্লি যাবা 
আগতে জানা হ'লি 
কেইতানো বিয়া নক‌ইল্লু হৈ ৰংমালা।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা

বৃক্ষ ৰোপন আঁচনি ‌