ডাঙিব নোৱাৰা শিল- "অসমৰ বিদেশী সমস্যা"


এক মূলুকত এগৰাকী বুঢ়া মানুহ আছিল। এদিনাখন আলিবাটৰ দাঁতিত পৰি থকা, বহু পূৰণি প্ৰকাণ্ড শিল এটাৰ ওপৰত বুঢ়াজন বহি আছিল। গাঁৱৰ ডেকা লৰা কেইজনমান সেইফালেদি পাৰ হৈ যাওঁতে মাত লগালে,
"দাইটি ভাল নে, আপোনাৰ দেহা কেনেকুৱা ?"
বুঢ়াঃ  ভালে আছো ' বোপাইহঁত। দেহা অৰ্থাৎ বল-শক্তি মোৰ সদায় সমান, এতিয়াও আগৰ দৰেই আছে।
ডেকা 'ৰাঃ আপোনাৰ বয়স ', তাৰ পিছতো বল-শক্তি আগৰ দৰেই আছে ! মানে কথাটো নুবুজিলো।
বুঢ়াঃ মানে ডেকা বয়সত মোৰ গাত যিমান বল আৰু শক্তি আছিল, এতিয়াও মোৰ গাত সিমানেই বল-শক্তি আছে
(আটাইকেইজনৰ হাঁহি উঠিল)
ডেকা লৰাঃ আপুনি নো কথাটো কিদৰে গম পালে, দাইটি?
বুঢ়াঃ এইযে মই শিলটোত বহি আছোঁ, এই শিলটো মই আজি ডাঙিব পৰা নাই আৰু তাহানিও ডাঙিব পৰা নাছিলোঁ।
বিশেষ দ্ৰষ্টব্যঃ এই লিখনিটোত ডাঙিব নোৱাৰা শিলটো হৈছে "অসমৰ বিদেশী সমস্যা" আৰু বুঢ়াজন হৈছে "অগপ দল"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা