কৌতুক -1
পতি : হেৰা শুনচোন, মোৰ বুকুখন বিষাইছে, "হাৰ্ট এটাক" হবও পাৰে, এম্বুলেন্স এখন সোনকালে মাতা ।
পত্নী : হে ভগৱান! কি কৰো এতিয়া , ঘৰতো কোনো নাই ! আপোনাৰ মোবাইল ফোনৰ "পাছৱৰ্ড" টো কওক, মই ফোন কৰো !
পতি : ৰবা, নামাতিলেও হব নেকি, অলপ ভাল পাইছো যেন লাগিছে ।
@@@@@@@@@@@@@@@@@@@@@@@@@@
এক ভয়ংকৰ বিড়ম্বনা
❤ ভাৰতবৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ডাক্তৰ , ইঞ্জিনীয়াৰ আদি পেছাত জড়িত হয়।
❤ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে MBA পঢ়ি adiministrator হৈ প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ মূৰব্বী হৈ নিয়ন্ত্ৰণ কৰে ।
❤ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱখিনিয়ে কতো চাকৰি-বাকৰি নাপায়, ৰাজনীতি কৰি মন্ত্ৰী - বিধায়ক হৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ব্যক্তি সকলক নিয়ন্ত্ৰণ কৰে ।
❤ যিবোৰে উত্তীৰ্ণ হব নোৱাৰে আৰু কতো সুবিধা কৰিব নোৱাৰি, underworld ৰ হৰ্তা-কৰ্তা হৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগ তিনিওকে নিয়ন্ত্ৰণ কৰিবলৈ ধৰে।
❤ আৰু কোনোদিনে বিদ্যালয়ৰ দুৱাৰদলি নেদেখা বোৰে, ধৰ্ম্মগুৰু, বাবা আদি হৈ ওপৰত উল্লেখ কৰা আটাইবোৰক নিয়ন্ত্ৰণ কৰে। গতিকে চিন্তা কৰি চাওক এইখন দেশত দূৰ্নীতি কেনেকৈ মষিমূৰ হব ?
@@@@@@@@@@@@@@@@@@@@@@@@@@@@
পতি : অথনিৰে পৰা ফোন কৰি আছো, প্ৰায় চাৰি ঘন্টাই হব, কলৈনো গৈছিলা ?
পত্নী : শ্বপিং কৰিবলৈ "মল" লৈ গৈছিলো ।
পতি : কি কি ল'লা ?
পত্নী : এডাল "হেয়াৰ বেণ্ড" আৰু ৪৫ খন "Selfie"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
আকৌ নগেন: মাজনিশা নগেন আলিবাটত ৰৈ আছে । মাজবাটত প্ৰকাণ্ড শিল এটাৰ ওপৰত লেম্প এটা জ্বলি আছে ।
হৰেনে দেখি সুধিলে , " ইমান ৰাতিখন তই ইয়াত কি কৰি আছ ? "
নগেন : শিলটোত কোনোবাই খুন্দা খাব পাৰে বুলি, লেম্প টো জ্বলাই থৈছো ।
কথাষাৰ শুনি হৰেনৰ চকুলো বাগৰাৰ উপক্ৰম ।
হৰেন : এই প্ৰকাণ্ড শিলটো কোনেনো ইয়াত থলে?
নগেন : মইয়ে থৈছো ।
হৰেন : তই ?? কেলেই?
নগেন : নহলে লেম্প টো কত থম, আকৌ ।
হৰেন : পাগল, তইনো কিয় ৰৈ আছ ?
নগেন : শিল আৰু লেম্প টো কোনোবাই, যদি লৈ যায়, সেইকাৰনে পৰ দি আছোঁ ।
qqqqqqqqqqqqqqqqqqqqqq
জীৱন মানে কি ? "ফেচবুক" আৰু "হোৱাট্ছআপ" কৰি, ভাগৰি পৰাৰ পিছত, পোৱা আহৰি কণেই জীৱন ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
আজিকালি আমাৰ নগেনে চাকৰি কৰে আৰু নতুনকৈ বিয়া পাতি চহৰতে থাকে।
নগেনে অফিচৰ সহকৰ্মী দাসক কৈছে, "দাসবাবু, মোৰ মানুহজনী বৰ ফুচুৰি, বুজিছে।"
দাস : হয়নে? কেনেকৈ বুজিলে নো ?
নগেন : সিদিনা মই ৰাতিপূৱা সোনকালে অফিচলৈ ওলাই আহিছিলো, কিন্তু ছাবিজোঁতা পাহৰি অহা কাৰণে পুনৰ ঘৰলৈ উভতি গৈ দেখো, যে তেওঁ ৰান্ধনি ঘৰত কিবাকিবি কৰি আছে।
দাস : তাৰ পিছত?
নগেন : মই পিছফালৰ পৰা মই তেওঁৰ চকুদুটা হাতেৰে ঢাকি ধৰিলো । আমাৰ তেও কি বুলি কলে জানেনে ?
দাস : নাজানোঁ । কি বুলিনো কলে?
নগেন: মোৰ হাত দুখন চুই কলে " গাখীৰৱালা "
qqqqqqqqqqqqqqqqqqqqqqqqq
বিয়াঘৰৰ পাৰ্টি চলি আছে । দৰাৰ ভিনিহিয়েকক বেণ্ড পাৰ্টিৰ লীডাৰ জনে সুধিছে, " দাদা, এই লৰাবোৰে, এবাৰ নাচিব ললে, এৰিবই নোখোজে, আমি ৰাতি কেইটাবজালৈকে বজাব লাগিব ?"
ভিনদেউ : তিনি পেগ মানলৈ বজা, তাৰপিছত দেখিবি, জেনেৰেটৰৰ শব্দতো নাচিব।
qqqqqqqqqqqqqqqqq
❤ মনমোহন সিং এ সব্জি কিনিবলৈ গৈছে।
মনমোহন : ভেন্দিৰ দাম কিমান?
সব্জিৱালা : তই মোক কন্দুৱাই হে এৰিবি যেন পাইছো ? এপইছাও দিব নালাগে, তোৰ মাতটো যে শুনিলো, ইমানেই যথেষ্ট ।
qqqqqqqqqqq
আমাৰ নগেনে ফাঁচী বজাৰত, কাপোৰৰ দোকান এখনত কাম পালে ।
ছোৱালী : দাদা, আণ্ডাৰৱেৰ দেখুৱাওক চোন !!!
নগেন: (লাজত ৰঙা চিঙা পৰি) বাইদেউ মই আজি পিন্ধি অহা নাই !!
ছোৱালী জনীয়ে নগেনক চেণ্ডেল খুলি খুউব মাৰিলে।
নগেন: বাইদেউ, আগলৈ এনে ভুল নকৰো । মই আণ্ডাৰৱেৰ সদায় পিন্ধি আহিম । আচলতে, বেছিকৈ গোন্ধাই থকা বাবে ধুই দিছিলো, বাইদেউ।
qqqqqqqqqqqqqqqqqqqqqq
২১ জুন: ইন্টাৰনেশ্বনেল যোগ দিবস পালন।
২২ জুন : যোগাসনৰ কাৰ্যসূচীত অংশগ্ৰহণ কাৰী লাখ-লাখ লোকৰ শৰীৰৰ, নানান অংগ - প্ৰতংগ, পিঠি, ককালৰ বিষ ।
২৩ জুন : থাইলেণ্ড চৰকাৰৰ " আন্তঃৰাষ্ট্ৰীয় মালিছ দিবস " ঘোষনা ।
qqqqqqqqqqqqqqqqqqqq
পিতা: তুমি বিশ্বাস নকৰিবা , আমাৰ সময়ত মাত্র ১০ টকা লৈ বজাৰলৈ গলে দাইল, চাহ-চেনি, শাক-পাছলি, গাখীৰ আদি কৰি চব লৈ আহিছিলো।
পূত্ৰ : এতিয়া আৰু সেই দিন নাই, দেউতা । আজিকালি চব দোকানতে CCTV-Camera লগোৱা থাকে ।
qqqqqqqqqqqqqqqqqqqqqq
পত্নী : তোমাৰ লগত বিয়া নহৈ, এটা ৰাক্ষসৰ লগতো হোৱা হেতেন, মই কিজানি ইমান জুলুম নাপালো হয়।
পতি: কিন্তু , Blood Relation ত যে বিয়া হব নোৱাৰি , পাহৰি গলা নেকি ?
9999999999999999999999999
পতি : হেৰা, এইবোৰ কি, তোমাৰ মূৰ সোপা বনাইছা হে? খাবই নোৱাৰি, কিবা গোবৰ-গোবৰ লাগিছে । পত্নী : হে ভগৱান ! এই মানুহটোৰ পৰা আৰু উপায় নাই। এইজনে পৃথিৱীৰ চব বস্তুয়ে চাখি চাইছে !!!!
qqqqqqqqqqqqqqqqqqqqqqq
৯০ বছৰ বয়সত মৃত্যুৰ পিছত,এজন ককাদেউতাই স্বৰ্গ লৈ গল। স্বৰ্গৰ অপ্সৰা বিলাকৰ নৃত্য দেখি, তেও কান্দিব ধৰিলে । ইন্দ্ৰদেবে সুধিলে, " আপোনাৰ নৃত্য ভাল লগা নাই? ককা: নাই মোৰ খুব ভাল লাগিছে । কিন্তু মই এই কথা ভাবি কান্দিছো, যদিহে মই যোগাসনৰ চক্কৰত নপৰিলোহেতেন, আৰু বহু আগতে ইয়ালৈ আহিব পাৰিলোহেতেন ।
Mmmmmmmmmmmmmmmm
❤ আপুনি বিচাৰে নেকি যে আপোনাৰ কোনো কামৰ সমালোচনা নহওক, তেতিয়া হলে আপুনি ভাৰতৰ যিকোনো ন্যায়ালয়ৰ ন্যায়াধীশ হব লাগিব ।
❤ আপুনি যদি বিচাৰে যে মই যাকে তাকে বিনা কাৰনে মাৰপিট কৰিম আৰু জবাবদিহি ও নহওঁ , তেতিয়া হলে আপুনি পুলিচ হওক।
❤ আপুনি ভাবে যে মই আদালতত সচাই মিছাই কম আৰু মোৰ শাস্তি ও হব নালাগিব , তেতিয়া হলে আপুনি উকীল হওক ।
❤ কোনোবা মহিলাই যদি ভাবে যে মই দেহৰ ব্যাপাৰ কৰিম অথচ মোক কোনেও বেশ্যা বুলিব নোৱাৰিব, তেতিয়া হলে বলীউডৰ নায়িকা হব পাৰে।
❤ কোনোবাই যদি ভাবে যে মই ডকাইতি কৰিম অথচ কোনেও ডকাইত বুলিবও নোৱাৰিব, তেতিয়াহলে আপুনি ৰাজনেতা হওক।
❤ আপুনি যদি ভাবে যে মই নাৰী, মাংস-মদ, সুখ-বৈভৱ উপভোগ কৰিম আৰু কোনেও মোক ভোগী বুলিব নোৱাৰিব , তেতিয়াহলে আপুনি ধৰ্ম্মগুৰু হওক।
❤ আপুনি যদি বিচাৰে যে মই যাকে তাকে সচাঁই-মিছাই বদনাম কৰিম আৰু মোৰ বিৰুদ্ধে কোনেও মাত মাতিব অথবা মোকৰ্দমা কৰিব নোৱাৰিব, তেতিয়াহলে আপুনি সংবাদ মাধ্যমত ৰিপোৰ্টাৰ হৈ যাওক। বিশ্বাস কৰক, আপোনাৰ চুলি এডালো বেকা কৰিব নোৱাৰে ।
❤ ভাৰতবৰ্ষ এখন এনে দেশ যত সকলোধৰনৰ বেয়া কাম কৰিবলৈ আইনগত ভাবে কিছুমান পেছা আৰু পদবী উপলব্ধ আছে । গতিকে মোৰ ভাৰত মহান ।
qqqqqqqqqqqqqqqqqqqqqqq
হিমাদ্ৰী: ৰীতু, তুমি বাচন ধুবলৈ কি ব্যৱহাৰ কৰা?
ৰীতু : মই Vim পাউদাৰ ব্যৱহাৰ কৰো। তুমি ?
হিমাদ্ৰী : মই মানে, আমাৰ এখেতকেই ব্যৱহাৰ কৰো ।
qqqqqqqqqqqqqqqqqqqqqq
চামেলি : বাইদেউ , আপোনাৰ শাৰী খন লওক, মই আপোনাৰ শাৰী আৰু, কেতিয়াও নিপিন্ধো ।
বাইদেউ : কিয়, শাৰীখন দামী তো, মই এদিন কি দুদিন হে পিন্ধিছো।
চামেলি : সেই কাৰণে নহয়, বাইদেউ ।
বাইদেউ : তেতিয়া হলে কাৰণ কি?
চামেলি : আপোনাৰ শাৰী খন পিন্ধি কাম কৰি থাকোতে, চাৰে মোক আপুনি বুলি ভাবিয়েই নেকি, মোৰ কাষেই নচপা হ'ল।
বাইদেউ : তোৰ ইমান সাহস, তই এতিয়াই ঘৰৰ পৰা ওলা।
চামেলি : ৰব, আৰু এটা কথা কোৱাই নাই, কিয় জানো শাৰী খন পিন্ধাৰ পিছত আপোনালোকৰ, ড্ৰাইভাৰ টোৱে কিন্তু মোক চিকূট মাৰি দিছিল।
বাইদেউ : (থত মত খাই) হব বাৰু, কাইলৈ, মই তোলৈ নতুন শাৰী এখন আনি দিম। তই এতিয়া বহ, মই চাহ বনাও।
qqqqqqqqqqqqqqqqqqqqqqq
এই পৃথিৱীত মাত্র তিনিটা প্ৰাণী আছে যিয়ে নেকি প্ৰচণ্ড ঠাণ্ডাতো হেলাৰঙে পাৰ কৰিব পাৰে।
১. পোলাৰ বিয়াৰ বা মেৰু ভালুক
২. পেংগুইন
qqqqqqqqqqqqqqqqqqqqqqqqq
"প্ৰত্যেক জন সফল ব্যক্তিৰ পিছত এগৰাকী মহিলা থাকে" কথাষাৰ ১০০% সচাঁ, কাৰন মহিলাই, অসফল ব্যক্তিৰ পিছত কেতিয়াও নুঘুৰে ।
qqqqqqqqqqqqqqqqqqqqq
গান্ধীজীয়ে কৈছিল ঘোচ লোৱাটো "অন্যায়"। কিন্তু , আমাৰ কিছুমান নেতা আৰু চৰকাৰী বিষয়া সকলে কথাটো
"অন্য আয়" বুলিহে বুজিলে।
qqqqqqqqqqq
অপাৰেশ্বনৰ পিছত ৰোগী জনে সুধিলে, "ডাক্তৰ বাবু, এতিয়া মোৰ বেমাৰ ভাল হৈ যাব নে?" উত্তৰ আহিল, "বোপা, ডাক্তৰ বাবু পৃথিৱীতেই থাকি আহিল, মই চিত্ৰগুপ্ত হে ! "
qqqqqqqqqqqqqqqqqqqqqqq•
ৰোগীক ডাক্তৰ জনে বুজাইছে যে অপাৰেশ্বন কৰাটো কিমান জৰুৰী । কিন্তু, ৮ লাখ টকা লাগিব বুলি শুনাৰ লগে লগে, ৰোগীয়ে হাত ডাঙি দিলে।
ডাক্তৰ : ঠিক আছে এটা কাম কৰক, এতিয়া ২ লাখ নগদ জমা কৰক বাকী টকা, মাহে ২৫০০০ হাজাৰকৈ কিস্তি হিচাবে দি দিব।
ৰোগী : কথাষাৰ এনেকুৱা লাগিছে যে, মোৰ চিকিৎসা নহৈ যেন, গাড়ী এখন হে কিনিম।
qqqqqqqqqqqqqqqqqqq
ৰোগীক ডাক্তৰ জনে বুজাইছে যে অপাৰেশ্বন কৰাটো কিমান জৰুৰী । কিন্তু, ৮ লাখ টকা লাগিব বুলি শুনাৰ লগে লগে, ৰোগীয়ে হাত ডাঙি দিলে।
ডাক্তৰ : ঠিক আছে এটা কাম কৰক, এতিয়া ২ লাখ নগদ জমা কৰক বাকী টকা, মাহে ২৫০০০ হাজাৰকৈ কিস্তি হিচাবে দি দিব।
ৰোগী : কথাষাৰ এনেকুৱা লাগিছে যে, মোৰ চিকিৎসা নহৈ যেন, গাড়ী এখন হে কিনিম।
ডাক্তৰ : ঠিকেই ধৰিছে কিন্তু গাড়ী আপুনি নহয়, মইহে কিনিম।
qqqqqqqqqqqqqqqqqqqqq
এই পৃথিৱীত দুটা বস্তু পৰমাণু বোমাতৈয়ো মাৰাত্মক।
১. ঘৰৰ মানুহজনীৰ চকুলো আৰু . . . . . . . . . .
২. প্ৰতিবেশিনীৰ মোলায়েম হাঁহি ।
qqqqqqqqqqqqqqqqq
ৰীমা : জীনা, লৰাবোৰে নিজৰ মাজত কি কথা পাতে অ' ?
জীনা : কিনো পাতিব আৰু, আমি যিবোৰ পাতো, সিহঁতিও তাকেই পাতে চাগে ।
ৰীমা : ইছ ৰাম , লৰাবোৰ ইমান অসভ্য নে ?
qqqqqqqqqqqqqqqq
আমাৰ চুবুৰীলৈ নতুনকৈ মানুহ এঘৰ আহিল। আবেলি ফুৰি থাকোতে মানুহজনক লগ পাই মাত লগালো।
মই : নমস্কাৰ , ফুৰিবলৈ ওলাইছে ?
মানুহজন : নমস্কাৰ, হয়, ওলাই আহিলো, নকব আৰু এনেয়ে থকাতকৈ ।
মই : আপুনি কি কৰে?
মানুহজন : সৰু-সুৰা চাকৰি এটা কৰো, এহ্ নকব আৰু এনেয়ে থকাতকৈ ।
মই : সৌটো মোৰ ঘৰ, কেতিয়াবা পাক এটা মাৰিব।
মানুহজন : আহিম বাৰু কেতিয়াবা এনেয়ে থকাতকৈ ।
মই : এতিয়া ঘৰলৈ গৈ কি কৰিব ?
মানুহজন : ভাতখোৱাৰ আগলৈকে টিভি চাম, এহ্ নকব আৰু এনেয়ে থকাতকৈ ।
মই : অ' আপোনাৰ লৰা ছোৱালী কেইজন?
মানুহজন : মোৰ লৰা-ছোৱালী পোন্ধৰটা, এহ্ নকব আৰু এনেয়ে থকাতকৈ ।
qqqqqqqqqqqqqqqqqqqqqqq
চলন্ত ট্ৰেইনৰ ফাৰ্স্ট ক্লাছ কম্পাৰ্টমেন্টৰ দৃশ্যঃ
চাহাব : এটেণ্ডেন্ট, শুনা তুমি আৰু এশ টকা লোৱা, মোক আৰু অলপ বৰফ আনি দিয়া, মই লাস্ট পেগ এটা লম।
এটেণ্ডেন্ট : কিন্তু চাৰ, এতিয়া বৰফ আনিব নোৱাৰিম।
চাহাব : কিন্তু এতিয়ালৈকে তো আনিয়েই আছিলা ?
এটেণ্ডেন্ট : চাহাব, বৰফ দি অনা ডেড্ বডী টো আগৰ স্টেশ্বনত নমাই লৈ গল।
qqqqqqqqqqqqqqqqqq
চিনেমা হলৰ ভিতৰত চিনেমা চলি আছে। দুগৰাকী মহিলাই, অনৰ্গল ইমানেই কথা পাতিছে যে ওচৰত বহা দৰ্শক এজনে কলে, "হেৰি , আপোনালোকে চিনেমা চাবলৈ আহি, কিনো ইমান কথা পাতিছে হয়, আমি একোৱেই শুনিব পোৱা নাই । মহিলা এগৰাকীয়ে কলে, " আপোনালোকে শুনিয়েই বা কি কৰিব, আমি কিবা ঘৰুৱা কথাহে পাতিছো।"
qqqqqqqqqqqqqqqqqqqqqqqqqqq
দুজন কাণেৰে কম শুনা (কলা) মানুহে কিদৰে কথা পাতিছে মন কৰিব ।
দাস: বৰাদেউ, বোলো বজাৰলৈ যায় নেকি?
বৰা : নাই, বজাৰলৈ হে যাও।
qqqqqqqqqqqqqqqqq •
এইবাৰৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহ খুবেই আকৰ্ষনীয় আছিল । কিছুমান লৰা-ছোৱালীৰ নম্বৰ শতকৰা ৯৯.২ অথবা ৯৮.৬, শুনিলেই কিবা, ভাল লাগি যায়। আমাৰ কিছুমানৰ মোবাইল চাৰ্জ কৰিলেও সিমান % চাৰ্জ নহয়গৈ।
qqqqqqqqqqqqqqqqq
জোৱাইৰ মৰম এবাৰ এগৰাকী শাহুৱেকে তেওঁৰ তিনজন জোৱাইকৰ ভিতৰত কোনে বেছি ভাল পায় প্ৰমাণ চাবলৈ নৈ এখনত জাপ মাৰি দিয়াত, এজন জোৱাইয়ে তেওক বচাই আৰু শাহুৱেকে জোৱাইজনকএখন চাৰিচকীয়া বাহন উপহাৰ দিয়ে। কিছুদিন পিছত দুই নম্বৰ জোৱাইজনক পৰীক্ষা লবলৈ, পূনৰ তেও নদীত জাপ মাৰে আৰু জোৱাইজনে বচোৱা বাবে, মটৰ চাইকেল এখন উপহাৰ হিচাবে পায়। এইবাৰ তিনি নম্বৰ জোৱাইজনৰ পৰীক্ষা লবলৈ শাহুৱেকে পুনৰ নদীত জপিয়াই, কিন্তু জোৱাইজনে ভাবিলে যে প্ৰথম জনে চাৰিচকীয়া কাৰ আৰু দ্বিতীয় জনে মটৰ চাইকেল পালে , এইবাৰ নিশ্চয় চাইকেল হে দিব, গতিকে নবচালে আৰু শাহু আই মৰি থাকিল । কিন্তু তথাপিও জোৱাইজনে এখন মাৰ্চিডিজ গাড়ী পালে। কোনে দিলে গম পালে নে? . . . . . . . . . . শহুৰেকে দিলে।
qqqqqqqqqqqqqqqq
• সৰু থাকোতে মায়ে কৈছিল তই এইবোৰ একো নুবুজিবি। মাজবয়সত পত্নীয়ে কলে আপুনি একো বুজি নাপায়। বুঢ়া বয়সত সন্তানে কয়, আপুনি একো বুজি নাপাব। পুৰুষ মানুহে বুজি পোৱাৰ বয়স কোনটো, সেয়াহে নুবুজিলো ।
qqqqqqqqqqqqqqqqqq
পাৰ্ক এখনত, এজন ডেকা লৰা, তেওৰ বান্ধৱীৰ সৈতে গছ এজোপাৰ আৰঁত বহি আছিল । বয়সস্থ মানুহ এজনে দেখি , ডেকাজনক কলে , "বোপা, এইয়া আমাৰ সংস্কৃতি নে ?"
ডেকা : নহয়, এও মোৰ ঘৰৰ ওচৰৰ, শইকীয়া খুৰাৰ ছোৱালী পল্লৱী।
qqqqqqqqqqqqqqqqqqqqqqq
খোবা-খোবীৰ নিশা:
পতি : তুমি ইমান ধুনীয়া । বিয়াৰ আগতে চাগে তোমাৰ বহুত বয়ফ্ৰেণ্ড আছিল ন' ?
পত্নী : আছিলে ! আজিকালিতো চবৰে কিবা নহয় কিবা থাকেই । (এইবুলি পত্নীয়ে এটা এনভেলপ আৰু এখন ১০০ টকীয়া নোট উলিয়ালে)
পতি : কি এয়া ?
পত্নী : মোৰ যেতিয়াই নতুন বয়ফ্ৰেণ্ড হৈছিলে, মই তেতিয়াই , এনভেলপত এটা এটা চাউল ভৰাই গৈছিলো ।
পতি : (খুলি চাই) মাত্ৰ তিনিটা চাউল ! মই ভয়েই খাইছিলো ১০টা মান হব বুলি ! পিছে ১০০ টকাটো কিহৰ ? ... . . . .
পত্নী : ১০০ টকাতো তাৰেই চাউল ২ কেজি বিক্ৰি কৰি পোৱা টকা আকৌ ! অকৰাটো ক'ৰবাৰ!
qqqqqqqqqqqqqqqqqqqq
সেই দিনবোৰ জানো ঘুৰি আহিব?
❤ তাহানি, সকলোৰে হাতত ঘড়ী নাছিল কিন্তু সময় সকলোৰে হাতত আছিল ।
❤ মানুহবোৰে কথা-বাৰ্তা শুদ্ধ অসমীয়াতেই পাতিছিল, ইংৰাজী কেৱল পানী অকন খালেহে ওলাইছিল।
❤ ফিল্মৰ নায়িকা সকলে কম পইচা পাইছিল কিন্ত কাপোৰ পূৰা পিন্ধিছিল ।
❤ চাইকেল থাকিছিল , এসাজ গৰম ভাত খাই ললে ২০ - ৩০ কি:মি: অনায়াসে পাৰ কৰিছিল।
❤ চাইকেল নাথাকিলে পদযাত্ৰা কৰিছিল কিন্তু পদ পাবলৈ পদযাত্ৰা কোনেও নকৰিছিল।
❤ চিঠি পত্ৰৰ আদান-প্ৰদান চলিছিল , ব্যকৰণৰ ভুল থাকিলেও, আচৰণ কিন্তু শুদ্ধ আছিল।
❤ ৰাস্তা-ঘাটে কোনবা বিপদ বা দুৰ্ঘটনাত পতিত হলে কেমেৰাৰে ৰেকৰ্ডিং কৰিবলৈলৈহে অকল হাতৰ ব্যৱহাৰ নকৰিছিলl
qqqqqqqqqqqqqqqqqqqqqqqqqqq
এই পৃথিৱীত কেইটামান বস্তু শেষ হৈ গলে, সচাকৈয়ে বৰ বেয়া লাগে। যেনে
১. বন্ধুত্ব
২. টকা-পইছা
৩. প্ৰেম
৪. দেওবাৰ আৰু
৫. ইন্টাৰনেট পেক শেষৰটো শেষ হলে একেবাৰে চকুপানী ওলাই যায়, পাই।
qqqqqqqqqqqqqqqqqqqqqqqq
ডাক্তৰৰ চেম্বাৰৰ দৃশ্যঃ
অতি শকত মহিলা : ডাক্তৰ বাবু, আপুনি কৈছিল যে, খেলিলে হেনো মই খীনাম আৰু লাহী হোৱাৰ লগতে, দেখনিয়াৰো হম। আজি চাৰি মাহ ধৰি খেলি আছো, খীনোৱা দুৰৰ কথা , উল্টা শকতহে হৈছো!!
ডাক্তৰ : তেনকুৱা তো হব নালাগিছিল !! আপুনি বাৰু কি খেল খেলি আছে ?
মহিলা : মই ফেচবুকত সদায় Candy Crush খেলো, চাৰ ।
qqqqqqqqqqqqqqqqqqqqq
আচলতে পুৰুষ মানুহবোৰ ভোট জলকীয়াৰ দৰেই চোকা আৰু তেজোৱন্ত, কিন্তু হলে কি হব ? মহিলা সকলে এইহেন চোকা জলকীয়ৰো আচাৰ বনাই হে এৰে।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
::::::এজন দু:সাহসিক পতিৰ কাহিনী:::::::�
পত্নী : (সাজি-কাছি আহি, নিজৰ পতিক উদ্দেশ্যি) মোক দেখিবলৈ কেনে লাগিছে, জানু, এইমাত্ৰ বিউটী পাৰ্লাৰৰ পৰা আহিছো।
পতি : বিউটী পাৰ্লাৰ খন আজি, বন্ধ আছিল নেকি ?
qqqqqqqqqqqqqqqqqqqqqqqq
শহুৰেকে চাহ খাই খাই, বাৰান্দাত বহি বাতৰি কাকত পঢ়ি আছিল । বোৱাৰীয়ে খাালী চাহৰ কাপটো মজিয়াৰ পৰা তুলিবলৈ লওতে, সজোৰে পাদঁ এটা ওলাই যায়। বোৱৰীয়ে লাজতে কাপটো নুতুলি গুচি যাব লওতেই শহুৰেকে সুধিলে , " বোৱাৰী , তুমি ইয়ালৈ অকল পাদিবলৈ হে আহিছিলা ?"
qqqqqqqqqqqqqqqqqqqqqqq
আশী বছৰীয়া বৃদ্ধ এজনৰ ওপৰত ধৰ্ষণৰ মিছা অভিযোগ, আদালতে খন্ডন কৰি, তেখেতক নিৰ্দোষ বুলি ৰায় দিয়ে।
আদালতৰ বাহিৰত ৰৈ থকা সাংবাদিক এজনে বৃদ্ধক সুধিলে , " ককা, আপুনি নিৰ্দোষী হৈও এবাৰো , প্ৰতিবাদ কিয় কৰা নাছিল ?
বৃদ্ধ : বোপা, মোৰ কাৰণে অভিযোগটো ইমানেই ৰোমাঞ্চকৰ আছিল যে, হা কওঁ নে না কও, থিৰাং কৰিব পৰা নাছিলো ।
qqqqqqqqqqqqqqqqqqq
পত্নী : হেৰি, স্বৰ্গত বোলে পতি-পত্নীক একেলগে থাকিব নিদিয়ে , হয়নে ?
পতি : আকৰীজনী, সেইকাৰণেই তো তাক স্বৰ্গ বুলি কোৱা হয় !
qqqqqqqqqqqqqqqqq
অনবৰতে বৰ মতা দেখুৱাই ফুৰা ধৃতিমান নামৰ বিবাহিত মতা এজনে তেওঁৰ বন্ধু এজনক কৈছে , " দোস্ত, আচলতে মোৰ মানুহজনীয়ে মোৰ কথা একেবাৰেই নুশুনে, উচ্চস্বৰ ত কিবা কলে তো কথাই নাই, একেবাৰে মাৰিবলৈ খেদি আহে, কি কৰো ? " বন্ধু জনে ধৃতিমানক কাণে কাণে কিবা শিকাই দিলে। ধৃতিমানৰ ঘৰৰ দৃশ্যঃ
ধৃতিমান: আজিৰ পৰা ঘৰৰ সকলো কাম তুমিয়েই কৰিব লাগিব। মই কেবল আৰাম কৰিম।
পত্নী : উম, হব। ধৃতি: বাচন-বৰ্তন, কানি-কাপোৰ এতিয়াৰ পৰা চব তুমি ধুব লাগিব।
পত্নী : ঠিক আছে, এতিয়াৰ পৰা তুমি নালাগে মই চব কৰিম। (ঝাড়ু পাত জোকাৰি ) আগতে তুমি পালেংৰ তলৰ পৰা ওলাই আহাচোন।
@@@@@@@@@@@@@@@@@
আপুনি ফেচবুকত প্ৰায়েই দেখিব Relationship status. এই ধৰনৰ লোকক দেখুৱাই কৰা অগভীৰ,কৃত্ৰিম আৰু অস্থায়ী সম্পৰ্ক বোৰৰ চাৰিটা পৰ্যায় হৈছে:
১. প্ৰথমতে চিনাকী পৰ্ব , আৰম্ভণি সম্বোধন "জান"
২. লাহেকৈ এখোপ আগবাঢ়ি হবগৈ "জানু"
৩. পাছলৈ কাজিয়া লগাৰ পিছত "জানোৱাৰ"
৪. কাজিয়া চৰম পৰ্যায় পালে হয়গৈ " যা মৰ" q
qqqqqqqqqqqqqqqqqqqqqq
এজন আমেৰিকানে নগেনক পানী নিমিহিলোৱাকৈ (raw) মদ খাবলৈ লোৱা দেখি কলে, "আৰে ভাই, পানী মিলাই লোৱা !! "
নগেন : চাহাব, চিন্তা নকৰিব, ইমানখিনি পানী, ইংলিছ মদ দেখিলেই, মুখৰ ভিতৰত আহিয়েই যায়।
qqqqqqqqqqqqqqqqqqqqqq
বিয়াৰ প্ৰায় ৫ বছৰ পিছত পতিয়ে "ভেলেন্টাইন ডে" ৰ দিনাখন পত্নীক এপাহ বগা গোলাপ উপহাৰ দিলে।
পত্নীয়ে কলে , " এইয়া কি, বগা গোলাপ ? "ভেলেন্টাইন ডে" ত ৰঙা গোলাপ হে দিয়ে !
পতি: ডাৰ্লিং, এতিয়া জীৱনত, প্ৰেমতকৈ শান্তিৰ হে বেছি প্ৰয়োজন বুলি অনুভৱ কৰিছো।
wwwwwwwwwwwwwwwwww
অমৰ আৰু আবুল নলে গলে লগা বন্ধু। দুয়ো দুয়োৰে সুখ- দুখৰ সমভাগী। আৰু ইটোৱ সিটোক সুযোগ পালে "টেঙা" দিবলৈও নেৰে। এবাৰ অমৰে second hand গাড়ী এখন কিনি আনিলে । আবুলে গাড়ীখন চাবলৈ গৈ দেখে যে অমৰে গাড়ীখনত তুলসীপানী ছটিয়াই আছে। আবুলে সুধিলে , "কি হ'ল দোস্ত ? পানী ৰেডিয়েটৰ ত ঢালিব এৰি বনেট ত ঢালিছ যে ? "
অমৰ : (ধেমালি কৰি) গাড়ী খন কাবুলী এটাৰ পৰা ললো, গতিকে তুলসী পানী ছটিয়াই শুদ্ধ কৰিছো। কিছুদিন পিছত আবুলেও second hand গাড়ী এখন লোৱা বুলি শুনি অমৰে খবৰ লব গৈ দেখে আবুল গাড়ীখনৰ তলত সোমাই আছে।
অমৰ : ঐ, তলত সোমাই কি কৰি আছ, গাড়ীৰ ভিতৰত সোমাব এৰি তলত সোমাই আছ যে ?
আবুল : (ধেমালি কৰি) গাড়ী খন মই পূজাৰী এটাৰ পৰা কিনিছিলো, গতিকে silencer ৰ আগটো অলপ কাটি দিলো।
qqqqqqqqqqqqqqqq
• আঠমঙলা খাবলৈ যোৱাৰ আগে আগে আমাৰ নগেনক মাকে কলে, " বোপাই অ, তালৈ গৈ শহুৰ দেউতাৰৰ লগত কথা-বতৰা পাতিবি, নহলে জোৱাই অকৰা বুলি ভাবিব।"
নগেন: তই চিন্তা নকৰিবি, মই জানো নহয় কি পাতিব লাগে।
শহুৰৰ ঘৰ পোৱাৰ পিছত, চাহ জলপান খাই একেবাৰে শহুৰৰ ওচৰত বহি লাগ, smartly সুধিলে, " দেউতা আপুনি বিয়া কৰালে নে ?"
qqqqqqqqqqqqqqqqqqqqqqq
এক সমীক্ষা অনুযায়ী ৫০ শতাংশ পুৰুষ, নিজৰ পত্নীৰ দ্বাৰা পীড়িত বুলি প্ৰকাশ পাইছে আৰু বাকী ৫০ শতাংশই পত্নীৰ ভয়তে হেনো, সমীক্ষাত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।
qqqqqqqqqqqqqqqqqqqqqqqqqq
এজন মদাহী এয়াৰপোৰ্টৰ বাহিৰত ৰৈ আছিল। ওচৰেদি ইউনিফৰ্ম পিন্ধা যুৱক এজন গৈ থকা দেখি মদাহী জনে কলে, " হেৰা, টেক্সী এখন লৈ আহা চোন।"
যুৱক: মই এজন পাইলট, বুজিছে । টেক্সী ড্ৰাইভাৰ নহয় ।
মদাহী: আৰে ভাই খঙ কিয় কৰিছা? যোৱা এখন এৰোপ্লেন কে লৈ আহা ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
বন্ধুৰসকলৰ সতে নিজৰ সমস্যাবোৰ আলোচনা কৰা উচিত। বন্ধুসকলে যে আপোনাৰ সমস্যা সমাধান কৰিব, সেইটো আশা নকৰিব। কিন্তু তেওঁলোকে, এনে কিছুমান সমাধানৰ পথ আপোনাৰ সন্মুখত ডাঙি ধৰিব, আপুনি আচল সমস্যাটো যে পাহৰিব, সেইটো খাটাং ।
qqqqqqqqqqqqqqqqqqqqqqq
শ্ৰীলংকাৰ ক্ৰিকেটাৰ মালিংগাই কৈছে , "মা মা, মই চুলিকেইডাল কাটি আহো "
মাক: উম, সোনকালে আহিবি, আৰু শুন, উভতি আহোঁতে, কটা চুলিখিনি লৈ আহিবি।
মালিংগা : কিয় মা ? মা : বাচন ঘহিবলৈ খুব ভাল কামত আহিব ।
qqqqqqqqqqqqqqqqqqqq
এই পৃথিৱীখন কিমান যে জটিল আৰু আশ্চৰ্যজনক চাওক, য'ত, এগৰাকী মহিলাৰ, আন এগৰাকী মহিলাৰ প্ৰতি, অভিযোগৰ অন্ত নপৰে, ত'ত, এজন পুৰুষে আন এগৰাকী মহিলাৰ, প্ৰশংসা কৰি কৰি, কেতিয়াও ভাগৰি নপৰে। হে পুৰুষ, তুমি সচাকৈয়ে মহান!
qqqqqqqqqqqqqqqqqqq
নতুনকৈ বিয়া পতা মানুহ এজনে, ঘৰৰ সন্মুখত বস্তু বিক্ৰীৰ জাননী এখন আৰি দিছে। জাননী " কম্পিউটাৰ আৰু বিশ্বকোষ (Encyclopedia) বিক্ৰী কৰা হব। "
বন্ধু : বিক্ৰী কিয় কৰিব বিচাৰিছ, কথাটো নো কি ?
নব-বিবাহিত বন্ধু : মোৰ আৰু এইবোৰ কেতিয়াও দৰকাৰ নহব, কাৰণ মই এইকেইদিনতে এটা বস্তু বুজি পাইছো, মোৰ মানুহজনীয়ে, নজনা একো নাই, চব জানে!
qqqqqqqqqqqqqqqq
সাধাৰণতে নগেনে দুই পেগৰ বেছি কেতিয়াও নলয় কিন্তু সিদিনা কি হ'ল জানো, খাই ফিটিং , এখোজ আগুৱাই যদি দুখোজ পিছুৱাই যায়। বন্ধু হৰেনে সুধিলে, হ
ৰেন: ঐ ইমানেই খালি নে? কিমান খালি নো ?
নগেন : পূৰা বটল ফিনিছ্। উ-পা-য় নাছিল দোস্ত ।
হৰেন : পূৰা এবটল ! অকলে ?
নগেন: পূৰা বাই দিলুং । উ-পা-য় নাছিল দোস্ত ।
হৰেন: কিনো বাৰে বাৰে উপায় নাছিল , কৈ আছ?
নগেন : ব-ট-ল-টোৰ সাফৰ খন হে-ৰা-ই থাকিল , আকৌ !
qqqqqqqqq
::::::: দ্বিতীয় বিশ্বযুদ্ধৰ দৃশ্য :::::
জাৰ্মান সৈনিক : চাৰ, চাৰ, শত্ৰ সৈন্যই আমাক চাৰিওফালৰ পৰা বেঢ়ি ধৰিছে।
হিটলাৰ: খুব ভাল কথা। আমি একেসময়তে চাৰিওফালে গুলী চলাব পাৰিম।
qqqqqqqq
হে ভগৱান, তুমি মোক ফেচবুকৰ, এই মৰমীয়াল বন্ধুবোৰৰ সৈতে কিছুদিন জীয়াই থকাৰ সুযোগ দিয়া, মৃত্যুৰ পিছততো, মই তোমাৰ সতে থাকিমেই।
qqqqqqqqqqqq
• সচাঁ মৰম যদি সচাঁকৈয়ে নাছিল, পাহৰিব পৰা নাই বাৰু কিয় ?
জাপি জপি, সাঁচি থোৱা চিঠিবোৰ জ্বলাই নিদিয়া কিয়?
হাতৰ তলুৱাত মোৰ নাম কিয় লিখিছিলা ?
মোৰ যদি ভুলেই হৈছে, মোহাৰি নেপেলোৱা কিয় ?
জাপি জপি, সাঁচি থোৱা চিঠিবোৰ জ্বলাই নিদিয়া কিয়?
এইদৰে মোক আধামৰা কৰাতকৈ, বিষ অকণমান নিজহাতেৰে খুৱাই নিদিয়া কিয় ?
জাপি জপি, সাঁচি থোৱা চিঠিবোৰ জ্বলাই নিদিয়া কিয়?
qqqqqqqqq •
গেলামালৰ দোকানীৰ ডেকা পূতেক বীৰেনে দোকান চম্ভালিছে ।
পমিলী দোকানলৈ আহি কলে, " বীৰেনদা, আজি আপোনাক কিন্তু একদম চলমান খানৰ দৰে handsome লাগিছে পায়।"
বীৰেন : চা পমিলী, মই কিন্তু maggi ৰ পেকেট ঘুৰাই নলওঁ ।
qqqqqqqqq
এখন চলন্ত বাছত এগৰাকী ধুনীয়া নৱ-যুৱতীক বহু দেৰী থিয় হৈ থকা দেখি , সৰু লৰা এটাই থিয় হৈ কলে, " বাইদেউ আপুনি মোৰ ঠাইত বহক।" কথাষাৰ শুনাৰ লগে লগে যুৱতী গৰাকীয়ে লৰাটোক এপাত চৰ মাৰিলে। "আজিকালি কৰোবাৰ ভাল কৰিব যাবই নাপায় দেই " বুলি কৈ সৰু লৰাটো পুনৰ দেউতাকৰ কোচত চুপ-চাপ বহি থাকিল ।
qqqqqqqqqqqqq
কলেজৰ কোঠা এটাৰ সন্মুখৰ ইংৰাজীত লিখা আছেঃ Mr. B. Choudhury, Head of the Deptt. Chemistry
(নগেন কোঠাটো লৈ সোমাই গ'ল।)
নগেনঃ- চাৰ এইটো ছেমিষ্ট্ৰি বিভাগ হয়নে?
অধ্যাপকঃ নহয় এইটে কেমিষ্ট্ৰি বিভাগহে । Ch থাকিলে উচ্চাৰণটে। 'ক' হয় ।
নগেনঃ ইংৰাজী ইমান ভালকৈ নাজানে যে চাৰ । তথাপি ভুলটো শুধৰাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কৌধুৰী চাৰ । বাৰু, এতিয়া মোক অনুগ্ৰহ কৰি কবনে 'কক্ৰৱৰ্তী' আৰু 'কেতাৰ্জী' ছাৰ কত আছে ।
qqqqqqqqqq
এদিন হঠাৎ দুজন পুৰণি বন্ধুৰ দেখাদেখি হ'ল,
প্ৰথম বন্ধু : আজি মা ৰ জন্মদিন আছিল, আমি সপৰিয়ালে বৃদ্ধাশ্ৰমলৈ গৈ মা ৰ জন্মদিন celebrate কৰাৰ লগতে, গোটেই দিনটো আমি তাতে কটালো। বাকী কছোন, তোৰ খবৰ, মা ক তোৰ লগতে ৰাখিছ নে?
দ্বিতীয় বন্ধু : মই তোৰ দৰে ইমান ডাঙৰ মানুহ হব পৰা নাই দোস্ত , যে মাক মোৰ লগত ৰাখিম । মই হে , আজিও মাৰ লগতেই থাকো ।
qqqqqqqqq
এজন লৰাৰ, মৰমৰ প্ৰেমিকাজনীক কবৰ দি ঘুৰি অহাৰ পিছত, প্ৰেমিকাজনীৰ বান্ধৱী এগৰাকীয়ে লৰাটোক কলে, "মই তাইৰ জেগা, পূৰণ কৰিব পাৰিম, জানো ? "
লৰাটোৱে ইফালে-সিফালে চাই কলে, "মোৰ একো আপত্তি নাই, কিন্তু কবৰস্থান কমিটীয়ে, কথাটো, মানি লব জানো ?
qqqqqqqqqq
:::::: ডাক্তৰৰ চেম্বাৰৰ দৃশ্য ::::
ডাক্তৰ : এতিয়া আপোনাৰ মুৰৰ বিষ কেনে আছে ?
ৰোগী : তেওঁতো এতিয়া মাকৰ ঘৰলৈ গৈছে !
qqqqqqqqq
এটা যুগ, এটা সময় আছিল যেতিয়া ছোৱালীবোৰে মেখেলা চাদৰ পিন্ধি কলেজ-ইউনিভাৰ্চিটি লৈ গৈছিল আৰু মাজে মাজে সময় উলিয়াই ওচৰ পাজৰৰ ৪টা লৰাক পঢ়ুৱাই Pass কৰাত সহায় কৰিছিল, কিন্তু এতিয়া জীন্ছ, মিনি আদি পিন্ধি, কলেজ-ইউনিভাৰ্চিটিৰ ৪০টা লৰাক Fail কৰাই হে আহে।
qqqqqqqqq
কি কলে, আপোনাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই? কোনো ছোৱালীয়ে line ও নামাৰে ? আপোনাৰ ঘৰৰ ওচৰৰ কোনো সুন্দৰী মহিলাই আপোনাক পাত্তাই নিদিয়ে ? নৱ-যুৱতী বোৰে আপোনাক খুড়া বা Uncle বুলি মাতে ? ঘৰৰ মানুহজনীয়েও কেতিয়াবা-কেতিয়াবা বুঢ়া বুলি মাতে ? আৰু আপুনি এইবোৰক লৈ, খুব হতাশ হৈ পৰিছে, নহয়নে বাৰু ? এই আটাইবোৰ সমস্যাৰ পৰা মুক্তি পাবলৈ অতি শীঘ্ৰে log in কৰক: . . . . . . . . www.হে প্ৰভূ মাৰি নিয়া.com
qqqqqqqq
::::::::: আদালতৰ দৃশ্য :::::
জজ: আচামী, তুমি আজি দহ বছৰে তোমাৰ পত্নীক দাবী-ধমকি দি নিজৰ অধীনত ৰাখিছা !
আচামী: নহয় হজুৰ, মই ..মই... মানে......
জজ: মোক চাফাই দিব নালাগে, মোক কেৱল কিটিপটোহে লাগে, তুমি এই অসম্ভৱ কামটো কেনেকৈ কৰিলা ? মোকো শিকাই দিয়া না, Please...... .
qqqqqqqqqq
ম'হৰ পোৱলি এটাই নতুনকৈ উৰিবলৈ শিকি খুব ফূৰ্তি পাইছে। বাপেক ম'হে সুধিছে, "হেৰৌ, উৰি কেনে লাগিছে ?"
পোৱালি : নকবি আৰু পিতাই , যেনিয়ে গৈছো তেনিয়ে, মানুহবোৰে খুব হাত চাপৰি বজাই, উৎসাহ দিছে।
qqqqqqqqqq
ভোলাই গৰ্ভৱতী ঘৈণীয়েকক হস্পিতেলৰ লেবাৰ ৱাৰ্ডত যথাসময়ত ভৰ্তি কৰালে । ৰাতি দহমান বজাত ভোলাই নাৰ্চক কলে,
ভোলা: অ চিষ্টাৰ বাইদেউ , মই বাৰান্দাৰ বেঞ্চখনতে শুই আছোঁ । ৰাতিৰ ভিতৰতে লৰা জন্ম হলে, খবৰ দিব দেই ।
নাৰ্চ: কি বুলি খবৰ দিম ?
ভোলা: লৰা হলে গাজৰ হল বুলি কব আৰু ছোৱালী হলে বিলাহী বুলি কব দেই । পুত্ৰ পুত্ৰী শব্দ বোৰ কিবা ভাল নালাগে চোন।
সৌভাগ্যক্ৰমে ৰাতিয়েই ভোলাৰ ঘৈণীয়েকে যঁজা সন্তান প্ৰসৱ কৰিলে । এটা ল'ৰা আৰু এজনী ছোৱালী । নাৰ্চে লৰালৰিকৈ খবৰটো ভোলাক দিলে,
নাৰ্চ: ভোলাকাই উঠক উঠক ।
ভোলা: (খপজপকৈউঠি) কি ? কি জন্ম হল চিষ্টাৰ বাইদেউ ?
নাৰ্চ: হি হি হি ধুনীয়া 'চালাদ' জন্ম হৈছে । কিইইইইইইইইইঈঈঈঈঈ???????? ভোলা বেহুচ !!!!
qqqqqqqqq
আছাম বেটেলিয়ানত, খগেন আৰু বিপুলে ট্ৰেইনিং লৈ আছিল । এনেতে Officer ৰে আহি বিপুলক শুধিলে, বিপুল তোমাৰ হাতত এইটো কি...?
বিপুলঃ “Sir, বন্দুক.....!
Officer: নহয়... এইটো বন্দুক নহয়...! এইটো তোমাৰ সন্মান, অহংকাৰ, গৌৰৱ... তোমাৰ মা হয় মা....! বুজিলা...! .
তাৰ পিছত অফিছাৰে, খগেনক সুধিলে... খগেন, তোমাৰ হাতত এইটো কি ? . . . . .
খগেনঃ “Sir” এইটো বিপুলৰ মাক...! তাৰ সন্মান, অহংকাৰ, গৌৰৱ... আমাৰ খুৰী হয়, খুৰী...!
qqqqqqqqq
এখন গাঁৱৰ প্ৰাপ্তবয়স্ক মহিলাসকলৰ বাবে যুগুতোৱা ইংৰাজী শিক্ষাৰ আচনি অনুযায়ী, মহিলা সকলৰ বাবে সহজবোধ কৰিবলৈ শিক্ষক জনে এক অভিনৱ কিটিপ অৱলম্বন কৰিছে । শিক্ষক জনে মহিলা সকলক শিকাইছে। A= A মানে আশিষৰ মাক
B= B মানে বৰ্ণালীৰ মাক
C= C মানে চন্দনাৰ মাক
D= D মানে দ্বীপৰ মাক
E= E মানে ইলিৰ মাক
F= F মানে ফৰিদাৰ মাক
G= G মানে গোপালৰ মাক
H= H মানে হিমাদ্ৰীৰ মাক ........................ ........................
M= M মানে মৃণালৰ মাক .....................................
S = S মানে সঞ্জীৱৰ মাক ..................................... ইত্যাদি একেবাৰে Z লৈ শিক্ষক জনে শিকালে।
পিছৰ দিনা শিক্ষক জনে, আগদিনা শিকোৱা A B C D ৰ বিষয়ে এজনক সুধিলে আৰু সেই মহিলা গৰাকীয়ে ধুনীয়াকৈ কৈ গ'ল,
A= A মানে আশিষৰ মাক
B= B মানে বৰ্ণালীৰ মাক
C= C মানে চন্দনাৰ মাক
D= D মানে দ্বীপৰ মাক
E= E মানে ইলিৰ মাক
F= F মানে ফৰিদাৰ মাক
G= G মানে গোপালৰ মাক
H= H মানে হিমাদ্ৰীৰ মাক ........................ ........................
M= M মানে মৃণালৰ মাক
S = S মানে সঞ্জীৱৰ মাক .........................
V = V মানে ভৰতৰ মাক
W = W মানে মৃণালৰ মাকে ওপৰলৈ মুখ কৰি শুই আছে ।
qqqqqqqqq
"নাৰী যদি শক্তি , পুৰুষ সহন শক্তি" বন্ধু সকল, আপোনালোক মোৰ সতে একমত নে ?
qqqqqqqqq
(আদহীয়া boss এজনে অত্যাধুনিকা যুৱতী এগৰাকীৰ ইন্টাৰভিউ লৈ আছে )
বছ : আপোনাৰ যোগ্যতা কি?
যুৱতী : মই কম বয়সৰ, কঠোৰ পৰিশ্ৰমী, উচ্চ শিক্ষিতা, ধুনীয়া আৰু কম্পিউটাৰ জানো । Ataitkoi dangar katha Guwahati sahart moi ata FLAT t akole thako.
qqqqqqqqqqq
বন্ধু সেইজন নহয়, যি তোমাক Gift দিয়ে। . বন্ধু হ'ল সেইজন, যি তোমাৰ টি-চার্ট টো নি আৰু ঘূৰাই নিদিয়ে। . ....
qqqqqqqq
ডাক্তৰ : মই বৰ দু:খিত, আপোনাৰ মানুহজনী আৰু মাথোঁ কেইদিনমান হে জীয়াই থাকিব । পতি : আপুনি দুখী কিয় হৈছে ! এইকেইটা দিনো পাৰ কৰিম আৰু যেনে-তেনে ।
qqqqqqqqq
পতি: (ফোনত) ক'ত আছা ?
পত্নী : কিয় , ঘৰতেই আছো ।
পতি : ঠিক আছে, ঘৰত আছা যদি mixer machine টো চলোৱা । পত্নীয়ে mixie টো চলাই দিয়ে, ঘৰ- ঘৰ - ঘৰ-ঘৰ-ঘৰ--ঘৰ- ঘৰ ঘৰ---ঘৰ পতি : ঠিক আছে বাৰু । দ্বিতীয় দিনাখন আকৌ, পতি: (ফোনত) ক'ত আছা ?
পত্নী : কিয় , ঘৰতেই আছো । পতি : ঠিক আছে, ঘৰত আছা যদি mixer machine টো চলোৱা । পত্নীয়ে mixie টো চলাই দিয়ে, ঘৰ- ঘৰ - ঘৰ-ঘৰ-ঘৰ--ঘৰ-
তৃতীয় দিনাখন :
পতি ঘৰলৈ আহি মানুহজনীক নেদেখি, বনকৰা ছোৱালীজনীক সুধিলে ,
পতি : তোৰ, বাইদেউ কেনি গ'ল?
বন কৰা ছোৱালী : কব নোৱাৰো , বহুত দেৰী হ'ল ওলাই যোৱা , কিন্তু চাহাব মই এটা বস্তু নুবুজিলো, লগত mixie টো, কিয় বা লৈ গৈছে ।
qqqqqqqqqqq
সচাঁ প্ৰেম, ভূত-প্ৰেতৰ দৰেই অপাৰ্থিৱ, প্ৰত্যেকেই কয় কিন্তু খুব কম মানুহেইহে ইয়াক, প্ৰত্যক্ষ কৰিছে ।
qqqqqqqqq
ছান্তা সিং ৰ ঘৈণীয়েকে যজাঁ লৰা এহাল জন্ম দিলে। পৰিয়ালৰ সকলো সুখী কিন্তু ছান্তাই ওৰে নিশা চিন্তা কৰি থাকিলে যে ২ নং শিশুটোৰ দেউতাক কোন হব পাৰে ।
qqqqqqqq
ছান্তা সিং: (পত্নীক উদ্দেশি ) অপাৰেশ্বনৰ সময়ত মোৰ যদি কিবা এটা হৈ যায়, তুমি এই ডাক্তৰ জনকে বিয়া কৰাই লবা ।
পত্নী : আপুনি কিয় তেনেকৈ কৈছে ? ছান্তা: তাৰ মানে তুমি , ডাক্তৰ জনক ক্ষমা কৰি দিব কৈছা?
qqqqqqqqq
:::: সচাঁ ঘটনা ::::
মোৰ লৰা অদ্বিতীয়ৰ বয়স চাৰে তিনি বছৰ । ছবিখনত থকা scooty খন কিনিব যাওতে সি মোক কলে যে তাক blue colour scooty হে লাগিব। দোকান খনলৈ গৈ দেখিলো তাত কেৱল সেউজীয়া ৰঙৰ scooty হে আছে । মই দোকানী জনক সুধিলোঁ বেলেগ colour কি কি আছে ?
দোকানীজনে কলে, মোৰ ইয়াত চব green colour scooty হে আছে, এখন pink colour ৰ আছিল, আপুনি অহাৰ অলপ আগত এজনে নিলে। আমাৰ অদ্বিতীয়ই পটককৈ কলে, Pink colour scooty খন নিশ্চয় কোনোবা ছোৱালীয়ে নিলে চাগে । মই সুধিলোঁ তুমি কেনেকৈ গম পালা ? সি কলে, Pink Colour ছোৱালীৰ favourite Colour হয় , মই boy গতিকে green খনেই লম ।
দোকানী জনে কলে, ই ঠিকেই কৈছে, Pink Colour খন এজনী ছোৱলীয়ে নিয়াটো হয় ।
qqqqqqqqq ?
পত্নীৰ সংজ্ঞা কি বাৰু ? :
পত্নী হৈছে সত্য নাৰায়ন পূজাৰ প্ৰসাদৰ দৰে, তুমি মন গলেই একো দোষ উলিয়াব নোৱাৰিবা, ভাল নালাগিলে পেলাবও নোৱাৰিবা, বাধ্যত পৰি, শ্ৰদ্ধা সহকাৰে, খাই পেলোৱাৰ বাহিৰে অন্য উপায় নাই।
qqqqqqqqqq
এবাৰ এটা অঞ্চলৰ পৰা বনভোজ খাবলৈ যোৱা বাছ এখন দূৰ্ঘটনাগ্ৰস্ত হৈ , সকলো যাত্ৰী মৃত্যুমুখত পৰে। ঘটনাক্ৰমে যাত্ৰীসকলৰ আটাইবোৰ বিবাহিত মহিলা আছিল । শোকতপ্ত ৰাইজৰ লগতে পতি সকলে দূৰ্ঘটনাস্থলীত ৰাজহুৱা শ্ৰাদ্ধ আৰু শোকসভা পাতি মৃতক সকলোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দূৰ্ঘটনাস্থলীত কিছুমান পতিক বহুদিনলৈ উদাস হৈ বহি থকা দেখা গ'ল । কিছুদিনৰ পিছত, পৰিস্থিতি সামান্য হোৱাৰ পিছতো, দেখা গ'ল, এজন মতা মানুহ সদায় দূৰ্ঘটনাস্থলী লৈ আহে আৰু ওৰেদিনটো, বহি বহি কান্দি থাকে । মানুহ জনৰ পত্নী প্ৰেমত আভিভূত হৈ ওচৰৰ এজনে সুধিলে , " মহাশয়, আপোনাৰ পত্নীৰ প্ৰতি থকা মৰম সচাঁকৈয়ে প্ৰসংশনীয়, কিন্তু এইদৰে কান্দি থাকিলে কিবা লাভ হব জানো ? মানুহজন : আপুনি কাকো একো নকব। আচলতে , দূৰ্ঘটনাৰ দিনা মোৰ মানুহজনীয়ে অলপৰ কাৰণে বাছখন miss হে কৰিছিল, মই সেইকাৰণেহে কান্দিছো।
qqqqqqqqqqq
প্ৰত্যেক নিশা দেৰীকৈ অহা মদাহী পতিক, শিক্ষা দিয়াৰ মানসেৰে, হাতত ঝাড়ু এপাত লৈ মানুহজনী, পদূলি মুখতে ৰৈ আছে ।
নিশা ২ বজাত মদ খাই টং হৈ অহা গিৰীয়েকে কৈছে , " আই ও সোনজনী, এই নিশাখনো কাম কৰি কৰি মানুহজনী একেবাৰে শুকাই খীনাই গৈছে , পদূলি কাইলৈ সাৰিলেও হব, এতিয়া ভিতৰলৈ বলা, সোণজনী মোৰ "।
qqqqqqqqqq
পত্নী : শুনিবলৈ পাইছো, স্বৰ্গত হেনো, পুৰুষ মানুহ বোৰক, অপ্সৰা আদিৰ যোগান ধৰা হয়। মহিলাসকলে কি পায় বাৰু ? পতি : একো নাপায় । ওপৰৱালাই অকল মাথো, দু:খী আত্মাবোৰকহে , বিনোদনৰ সুযোগ দিয়ে।
qqqqqqqqqqq
পতি আৰু পত্নী দুয়ো বিয়াঘৰলৈ বুলি গৈ থাকোতে, পতিয়ে বাটতে, এখন মিঠা-পাণ কিনি আনি পত্নীক খাবলৈ দিলে ।
পত্নী : হেৰি, আপুনি পাণ নেখালে যে ? পতি : হব নালাগে, মই এনেয়েও মনে মনে থাকিব পাৰো।
qqqqqqqqqqq
দেউতা : মাজনী, ডাঙৰ হৈ তুমি কি কৰিবা ?
মাজনী: মই ডাঙৰ হৈ বিয়া হম, দেউতা ।
দেউতা : নাপায়, মাজনী ! এতিয়াৰে পৰা কাৰোবাৰ অহিত চিন্তা কৰা উচিত নহয় ।
qqqqqqqqqqq
ছান্তা সিং ৰ তপস্যাত ঈশ্বৰ প্ৰসন্ন হৈ দেখা দিলে আৰু সুধিলে , " কোৱা বৎস, তোমাক কি বৰ লাগে ? "
ছান্তা : System কিয় break কৰিছে, প্ৰভূ ? আগতে অপ্সৰা পঠিয়াওক, তাৰ পিছত হে আপুনি আহক !!!
qqqqqqqqq
লৰা : তুমি, ছোৱালী হৈ মদ খাইছা?
ছোৱালী : ২-৪ পেগ্ মদৰ কাৰনে, মই কি লিঙ্গ পৰিবৰ্তন কৰিব লাগিব নেকি?
qqqqqqqqq
যোৱাকালি ছোৱালীজনীক দেখিলো, ইমান গৰমতো তাই নীলা চুৱেটাৰটো এতিয়াও, পিন্ধিয়েই আছে। আচলতে ভুল মোৰেই , চাৰি মাহমান আগতে মই তাইক, সেই চুৱেটাৰটো পিন্ধিলে কেটৰিনা কেঈফ যেন দেখি বুলি কৈছিলো ।
qqqqqqqqq
দিনৰ দিনটো অকলে যিমানেই ঘুৰি নুফুৰক কিয়, ধুনীয়া ধুনীয়া ছোৱালী বোৰ, নিজৰ মানুহজনী লগত থকা সময়তহে চকুৰ আগত ওলাব ।
qqqqqqqqqqqq
পত্নী : আপুনি মোক কিমান ভাল পায়?
পতি : ছাহজাহানতকৈয়ো বেছি ।
পত্নী : মই মৰিলে তাজমহল বনাব নে?
পতি : তাৰ কাৰণে তো বালাজী মন্দিৰৰ ওচৰত মাটিও কিনি থৈছো, তুমিহে মিছামিছি দেৰি কৰি আছা , জান।
qqqqqqqqqqq
পত্নী : কথা এটা কলে মাৰিব নেকি, আকৌ ?
পতি : ধেত্ তেৰি, কি যে কোৱা ? মইনো তোমাক মাৰিব পাৰিম নে, কথাটো কি বাৰু ?
পত্নী : মা, মানে মই মা হবলৈ ওলাইছো ! Nahay mane biyar agate abar ai kathakhar deutak kaote mok khub marisil.
qqqqqqqqqqq
প্ৰতিবেশী: যোৱা ৰাতি আপোনাৰ ঘৰৰ পৰা বৰ চিঞৰ-বাখৰ শুনা যেন লাগিল !
পতি : এহ: নকব বুইছে নে, মানুহজনীৰ ফটো এখন ফেচবুকত আপলোড কৰিবলৈ যাওঁতে ভুলতে OLX তেই আপোলড কৰি পেলালো।
qqqqqqqq
এজন মানুহে পত্নীৰ অন্তিমসংস্কাৰ কৰি ঘৰলৈ উভতি থকাৰ সময়তেই বিজুলী চমক, মেঘৰ গাজনি আৰু পিছলৈ বৰষুণ আহিব আৰম্ভ কৰিলে । শোকাৰ্ত পতিজনে ওপৰলৈ চাই কলে, " খুব সম্ভৱ জেগা পাই গ'ল।"
qqqqqqqqqqq
পতি : সন্মোহন (Hypnosis) মানে কি বাৰু ?
পত্নী : কাৰোবাক বশ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনি, যি মন যায় তেওঁৰ হতুৱাই কৰোৱাকে hypnosis বুলি কয়।
পতি : ধেত্ তেৰি, সেইটোক বিয়া বুলিহে কয়।
qqqqqqqqq Maggi
নামৰ মহিলা গৰাকীয়েই পৃথিৱীত একমাত্র মহিলা আছিল যিয়ে নেকি মাত্র ২মিনিটত তৈয়াৰ হৈছিল । . . . . . . . এতিয়া তেওঁৰ ওপৰতো প্ৰতিবন্ধ লাগি গ'ল।
qqqqqqqq ।
:::: নিৰ্মম সত্য ::::
এই পৃথিৱীত মানুহে কলৰ বাকলিতকৈয়ো ছোৱালী মানুহৰ কথাতহে বেছি পিছল খায় ।
qqqqqqqq
তীখৰ: পাপা, ছান্তা ক্লজ মতা নে মাইকী মানুহ ?
পাপা: মতায়েই হব, মাইকী মানুহে একেযোৰ কাপোৰ পিন্ধি, প্ৰতি বছৰেই ক'ত আহি থাকিলহেতেন?
qqqqqqqqqq
এবাৰ এগৰাকী মহিলা "Comma" ত থাকোঁতে মৰিল বুলি ভাবি ৰাইজে শ্মশানলৈ কঢ়িয়াই নি থাকোতেই স্ট্ৰীট লাইটৰ খুটা এটাত খুন্দা খাই পূনৰ জী উঠিল আৰু প্ৰায় এবছৰলৈ জীয়াই থাকিল । এবছৰ পিছত যেতিয়া তেওঁৰ সচাঁকৈয়ে মৃত্যু হ'ল, মৃতদেহ টো কঢ়িয়াই নি থাকোতে মহিলা গৰাকীৰ পতিয়ে বাৰে বাৰে এটাই কথা কৈ থকা দেখা গ'ল, "লাইটৰ খুটা বচাই নিব - লাইটৰ খুটাত নালাগে যেন "
qqqqqqqqq
:::: পূলিছ থানাৰ দৃশ্য :::
মহিলা : ইন্সপেক্টৰ চাহাব, মানুহ জন আজি দুদিন আগতে বজৰলৈ আলু আনিবলৈ গৈ এতিয়াও ঘুৰি অহা নাই। ইন্সপেক্টৰ : আপুনি এটা কাম নকৰে কিয় , বেলেগ কিবা পাচলিৰে কাম চলাই নিদিয়ে কিয় ? qqqqqq মটৰ দূৰ্ঘটনাগ্ৰস্ত হৈ স্বামী আৰু স্ত্ৰী দুয়োটাই মৰি ভূত হৈ গ'ল। পত্নী : তুমি ইমান সলনি হৈ গৈছা ! পতি : তুমি কিন্তু অলপো সলনি হোৱা নাই, জান ।
qqqqqqqq
বিবাহিত জীৱনটো এনেকুৱা এখন হাবি য'ত ধুনীয়া হৰিণী এজনীয়ে সাহসী সিংহক অনায়াসে বধ কৰে ।
qqqqqqq
হিমাদ্ৰী : আমাৰ তীখৰৰ হাতৰ নখ কামুৰি খোৱা স্বভাৱ এটা আছিল ।
মমী : ইছ ৰাম, তাৰ পিছত কি কৰিলে ?
হিমাদ্ৰী : তাক ৩ মাহৰ বাবে হৰিদ্বাৰৰ বাবা ৰামদেৱৰ আশ্ৰমলৈ পঠিয়াই দিলোঁ ।
মমী : তাৰ পিছত ?
হিমাদ্ৰী : তাৰ পিছত ki haba ! xi atiya bharir nakho kamuriba para hol.
qqqqqqqq ।
:::: আদালতৰ দৃশ্য ::::
উকীল : আপোনালোকৰ তালাক কেতিয়া হৈছিল ?
আমিনা: প্ৰায় ১০ বছৰৰ আ
গতে ।
উকীল : কিন্তু আপুনি কলে যে আপোনালোক দুজনৰ ৫ বছৰীয়া সন্তান এটাও আছে ! এইটো কেনেকৈ সম্ভৱ হ'ল?
আমিনা: মানে মোৰ মানুহজনে তালাকৰ পিছতো মাজে মাজে ক্ষমা খুজিব আহিছিল ।
qqqqqqqq
এগৰাকী ভাল পত্নীয়ে সদায় তেওঁৰ পতিক ক্ষমা কৰিব যদিহে তেওঁৰ নিজৰ ভুল থাকে ।
qqqqqqqqqqqqq
সফল বিবাহিত জীৱনৰ ৰহস্য
১. আপোনাৰ ভুল হ'লে তুৰন্তে স্বীকাৰ কৰক ।
২. আৰু আপুনি যদি শুদ্ধ তেতিয়া হ'লে নীৰৱে থাকক ।
qqqqqqqqq
মই আৰু মোৰ পত্নী প্ৰায় 20 বছৰ মানলৈকে অত্যন্ত সুখী আছিলো আৰু তাৰ পিছতেই আমাৰ দুয়োৰে চিনাকী হৈছিল ।
qqqqqqq
চান্তা: বান্তা, মই ছমাহৰ বাবে বাহিৰলৈ গৈ আছোঁ , তই মোৰ পৰিয়ালৰ খা-খবৰ লৈ থাকিবি। বিশেষকৈ মানুহজনীৰ ওপৰত নজৰ দিবি , কিবা অঘটন দেখিলেই মোলৈ phone কৰিবি
বান্তা : বন্ধু , তই চিন্তা নকৰিবি মইতো আছোৱেই। (5 মাহ 25 দিন যোৱাৰ পিছত বান্তাই), চান্তালৈ phone কৰি কৈছে )
বান্তা : বন্ধু , বৰ ডাঙৰ কথা এটা হৈছে, তই যোৱাৰ পিছৰে পৰা, তোৰ ঘৰলৈ সদায়-সদায় অহা ডেকা ল'ৰাটো যোৱাৰাতি অহা নাই, কিন্তু !
qqqqqqqqq
যোৰহাটৰ আদালতত witness box ত দ্বীপ বৰা
উকীল: আপোনাৰ নাম ?
দ্বীপ : মোৰ নাম দ্বীপ বৰা ।
উকীল : আপোনাৰ বয়স?
দ্বীপ : দুকুৰি উকীল : আপুনি বিবাহিত ?
দ্বীপ : হয়, মোৰ এগৰাকী মহিলাৰ সৈতে বিয়া হৈছে ।
উকীল : ( খঙত) মহিলাৰ সৈতে নহয় কিবা পুৰুষৰ লগত হব নেকি ?
দ্বীপ : (সেমেনা-সেমেনিকৈ ) নহয় মানে মোৰ ভন্টীৰ বিয়া এজন পুৰুষৰ লগত হৈছিল আকৌ।
qqqqqqqqqqqqq•
দ্বীপ বৰাই সৰু scooty এখন চলাই আহি ওচৰ পোৱাত মৃণাল দাই সুধিলে ।
মৃণাল : নতুনকৈ ললে নেকি?
দ্বীপ : নতুনকৈ নাই লোৱা, যোৱাকালি বৰ ডাঙৰ ঘটনা এটা হ'ল নহয়!
মৃণাল : কওকচোন কি হ'ল?
দ্বীপ : এজনী বৰ ধুনীয়া ছোৱালীয়ে মোক তাইৰ scooty খনত বহুৱাই নিৰ্জন ঠাই এডোখৰলৈ নি কলে, " মোৰ সকলো বস্তু এই মূহুৰ্তত আপোনাৰ , আপোনাৰ যি মন যায় লব পাৰে ! "
মৃণাল : (সেপ ঢুকি) আপুনি কি কৰিলে?
দ্বীপ: তাইৰ কাপোৰ যোৰ দামী আছিল যদিও, মই ভাবিলো, ছোৱালী মানুহৰ কাপোৰ মোৰ নো কি কামত আহিব, গতিকে বহু চিন্তাৰ মূৰত scooty খনকে লৈ আহিলো আৰু !
মৃণাল : ধেৎ তেৰি কা !
qqqqqqqqqqq
আজবগড়ৰ নবাবৰ বেগম ঢুকুউৱাৰ পিছত নবাবে গোটেই দিনটো বিছনী এখন লৈ বেগমৰ কবৰটোৰ কাষত বহি বিছি থাকে ।
এদিন-দুদিন কৈ কেবাদিনো যোৱাৰ পাছত বহু চিন্তা কৰি উজীৰে নবাবক কবলৈ বাধ্য হ'ল।
উজীৰ: হুজুৰ, আপুনি এইয়া কি কৰি আছে , একেজনী মানুহৰ কথা ভাবি ইমান উদ্বাউল হোৱাৰ কি অৰ্থ আছে? আপুনি নবাব, আপোনাৰ এটা মাথো ইংগিতত ছোৱালীৰ line খাৰা কৰি দিম।
নবাব : উজীৰ, কি ক'ম দুখৰ কথা , মৰাৰ আগেয়ে বেগমে মোক শপত দি কৈ থৈ গ'ল যে, " মোৰ কবৰৰ মাটি নুশুকুউৱালৈকে আপুনি বিয়া নকৰায় যেন।"
উজীৰ : বৰ্তমান সমস্যা কি, হুজুৰ ?
নবাব : কবৰটো শুকাব লয় হে, আৰু কোনোবা বদমাছে আহি ৰাতি ৰাতি পানী ঢালি তিয়াই থৈ যায় ।
qqqqqqqqqqqq
::: বেটা নম্বৰী বাপ দছ নম্বৰী :::
বেটা: দেউতা , ডাক্তৰে কৈছে বদ- অভ্যাস ৰ যিকোনো এটা বাদ দিবই লাগিব হেনো !
বাপ: Problem কি?
বেটা: Decide কৰিব পৰা নাই মদ এৰো নে ছোৱালী ?
বাপ: হেৰৌ বুৰ্বক, মদ বুঢ়া বয়সতো খাবলৈ পাৰিবি !!
qqqqqqqqqqq
:::: খোবাখোবীৰ নিশাৰ দৃশ্য ::::::
দৰা: সোণজনী, তুমিয়েই মোৰ জীৱনৰ পূজা - অৰ্চনা, কামনা - বাসনা ............
কইনা : সোনটো, তুমিও মোৰ মৃণাল দা, আশীষ দা, দীপ বৰা দা, সঞ্জীৱ দা..........
qqqqqqqqqq
বন্ধু আৰু পত্নীক পতিয়ন নিয়াবলৈ কেতিয়াও চেষ্টা নকৰিব কাৰণ বন্ধুয়ে আপোনাক কেতিয়াও সন্দেহ নকৰে আনহাতে পত্নীক আপুনি কিয় ভগবানেও পতিয়ন নিয়াব নোৱাৰে ।
qqqqqqqqq
চাৰি-আলিৰ দাঁতিত থকা পাৰ্ক খনৰ ওচৰত হিন্দী ভাষী মানুহ এজনে অনতিদূৰত ৰৈ থকা পূলিছ জনক সুধিলে : ভাইচাহাব, ইহা পেচাব কৰনে চে পূলিছ পক্ ৰেগা কেয়া ?
পূলিছ: (খঙত) পূলিছ কিউ পকৰেগা ??? তুম খুদ পকৰ নহী চকতা হায় কেয়া ?
qqqqqqqq
এবাৰ খিৰিকীত বহি কুকুৰা এজনীয়ে মালিক আৰু মালিকনীৰ কথা-বতৰা শুনি আছিল ।
মালিক : মোৰ গাটো ভাল লগা নাই ।
মালিকনী: (কপালত হাত দি) জ্বৰ উঠিছে যেন লাগিছে , আজি ৰাতি কুকুৰা জনী মাৰি জালুকৰ জাল দি বনাম বাৰু, ভাল হৈ যাব ।
কথা শুনি কুকুৰাৰ জীৱ উৰি গ'ল আৰু কলে :
" বাইদেউ আগতে Paracetamol এটা দি চাওক না "
qqqqqqqqqqqqq
এই পৃথিৱীখন কিমানযে জটিল , ইমানবোৰ খেল থকাৰ পিছতো মানুহে মানুহৰ মন, আবেগ-অনুভূতিক লৈ খেলিবলৈ নেৰে
qqqqqqqqqqqq
আজিকালি পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিৰোধিতা কোনো ৰাজনৈতিক ব্যক্তি বা ৰাজনৈতিক দল সমূহে কৰা দেখা নাযায় , কিয় ?
qqqqqqqqq
তোমাক প্ৰথম দেখাৰ পিছতেই অনুভৱ কৰিছিলো জীৱনটো সচাঁকৈয়ে দুদিনীয়া ।
qqqqqqqqqqqqqqqqqqqq
এহাল যুৱক-যুৱতীৰ মাজত কেৱল whatsapp chatting কৰিয়েই প্ৰেম হ'ল আৰু প্ৰেমৰ পৰিণতিত 'বিবাহ' ৷
'মধুচন্দ্ৰিকা' ৰ ৰাতি যুৱকে যুৱতীৰ ওৰণি উঠাই ক'লে, " তুমি সঁচাই বৰ ধুনীয়া ! কি গিফট্ লাগিব কোৱা?
মিচিকিয়া হাঁহিৰে যুৱতীৰ উত্তৰ: অহা তপ্তাহত তিলং তাবলৈ তাবা নেকি??? .......................হা: হা: পালে মজাতো ! ষ্টেটাচ্ দিয়ে, "whatsapp only" এতিয়া যা, তিলং তাবলৈ ..!!!
@@@@@@@@@@@@@@@@@@
লৰালৰিকে ঘৰলে যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল:
হেৰি শুনিছেনে?? মই হঠাৎ ঘৰলে যাব লগা হ’ল;
কেনেকে যাম, কিহত যাম, সেইবোৰ কথা চিন্তা কৰিব নেলাগে, কেৱল তলৰ কথা কেইটা মনত ৰাখিব..........
১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলে দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে।
২। আগতেও কৈছো, আমাৰ নিউজ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-চ্ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই।
৩। আলমাৰীৰ সোফালে আপোনাৰ গেঞ্জি আৰু আণ্ডাৰৱেৰ আছে, বাওফালে ল’ৰাটোৰ। যোৱাবাৰৰ দৰে ভুলকে পিন্ধি অফিচলে গৈ ইচাট বিচাট কৰি আছিল বুলি গম পালে কিন্তু কথা বেয়া হব।
৪। নিজৰ চচমাজোৰ ভালকে ৰাখিব, যোৱা, ফ্ৰিজটো শাক পাচলি মাছ আদিৰ কাৰণেহে কিনিছো। বাথৰূমলে যাওতে মোবাইলটো লৈ নেযাব। মই এইবাৰ আকৌ চাবোনৰ কেচৰ পৰা মোবাইল বিছাৰি উলিয়াই দিব নোৱাৰো।
৫। বন্ধু বান্ধৱ বেছিকে গোটাব নেলাগে, চোফাৰ কুচনৰ মাজৰ পৰা বাদামৰ বাকলি আৰু চিকেনৰ হাৰ্ডি ওলালে কিন্তু মই ডমেষ্টিক ভায়লেন্স বুলি কেছ দি দিম।
৬। মই নাই বুলিয়েইও গেলাসোপা নোপোৱাই পোৱাদি নেখাব। মোক মিছা কথা কৈ লাভ নাই, খালি বটল দেখিলেই গম পাই যাম। আৰু আপোনাৰ যে বটলবোৰ লুকুৱাই পেলাবলৈ বুদ্ধি আৰু উৎসাহ নাই, সেইটো মই জানো।
৭। ফোনটো অন ৰাখিব, গধূলি সাত বজাতে মিছ ইউ জান বুলি কৈ অলপ সময় চুইচ অফ কৰি, পিছত ৰাতি ৩ টা বজাত হোৱাটচ আপত "লাষ্ট চিন" বুলি গম পালে আপোনাক গোটেই অফিচৰ মানুহসোপা মিলিও বচাব নোৱাৰিব।
৮। মই এদিন বাহিৰত খাই আহো বুলি ক’লে আপোনাৰ বাজেট নাইকিয়া হয়, আৰু মই নেথাকিলে সদায় কে এফ চি, মেক ডি!!এইবোৰ নচলিব, ঘৰত সদায় ভাত ৰান্ধি খাব। মোক মিছা কথা ক’লেও মই আপোনাৰ পেটৰ চাইজ দেখিয়েই বুজি যাম।
৯। ঘৰত কেইবাজোৰো হাৱাই চেণ্ডেল কিয় ৰখা হৈছে সেই কথাটো অলপ মনত ৰাখিব; একেজোৰ চেণ্ডেলেৰেই বজাৰ কৰা, গা ধোৱা, গোঁসাই চাকি দিয়া, ভাত ৰন্ধা, এই সকলো কাম কৰিছে বুলি গম পালে কি অৱস্থা হব আপুনি জানেই।
১০। শেষত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আকৌ সোঁৰাই দিছো:
ক) অফিচৰ পৰা অহাৰ পাছত লংপেণ্টটো খুলি ডাইনিং টেবুলৰ ওপৰত থব নেলাগে, সেইখন ভাত খোৱা ঠাই হে!! তিয়নি কাপোৰ কেইটা গা ধোৱাৰ পাছত বাহিৰৰ ডাং ডালত মেলি দিলে কাৰো হাড় নেভাগে
খ) টিভি ত অকল ইংৰাজী চিনেমাৰ চেনেলেই নাই, বেলেগ কিবা বস্তুও ওলাই তাত। ৰাতিপূৱা পাৰিলে সংস্কাৰ চেনেলটো চাব।
গ) ভাত খাই উঠি বাচন কেইটা বেচিনত সদায় জমা কৰি গলে, বেচিনটো ব্লক হৈ যায়, তেতিয়া আকৌ প্লাম্বাৰ মাতিব লাগে। বেচিনটো বাচন ধুবলেহে দিছে, শাক পাচলিৰ বাকলি আৰু চেকনিৰ চাহপাত পেলাবলে নহয় ।
ঘ) আঠুৱা লগাই শোৱাৰ বাবে আজিলেকে কোনো উশাহ বন্ধ হৈ মৰা নাই।
ঙ) পিছফালৰ দূৱাৰখন দুফাল কৈ মেলি থ'লে, আগফালে প্ৰকাণ্ড তলা এটা মৰাৰ কোনো অৰ্থ নাই। অকে বাই, দেৰিয়েই হ’ল ..........
বি. দ্ৰঃ- এইখন পঢ়ি যে আপুনি ফুৰ্তিত জপিয়াই উঠিছে, মই গম পাইছো। বেছি ফুৰ্তি নকৰিব, কাৰণ মই তিনিদিনৰ পিছতে ঘুৰি আহি আছো I
@@@@@@@@@@@@@@@@@@
আমাৰ ছাৰৰ ফোনটো এহ্ কৰি থাকোতে টয়লেটৰ ভিতৰত পৰি গ‘ল ৷ ছাৰে কি কৰিব কি নকৰিব ভাবি থাকোতেই টয়লেটৰ ভিতৰৰ পৰা 'টয়লেট দেৱী'ৰ আৱিৰ্ভাৱ হল ৷
ছাৰক দুখ মনেৰে বহি থকা দেখি দেৱীয়ে সুধিলে,
দেৱী: কি হ'ল বাছা? কিয় দুখমনেৰে আছা?
ছাৰ: দেৱী মোৰ ফোনটো পৰি গল ৷ মই এতিয়া কি কৰো?
দেৱী: চিন্তা নকৰিবা, মই এতিয়াই আহিছো ৷
এই বুলি কৈ দেৱী টয়লেটৰ ভিতৰলৈ সোমাই গ'ল আৰু এটা সোণৰ ফোন লৈ ওলাই আহিল ৷ সোণৰ ফোনটো দেখি ছাৰৰ খৰিকটীয়াৰ সাধুটো মনত পৰি গল ৷ আৰু ছাৰে লগে-লগে মাত লগালে,
ছাৰ: মোক সোণৰ ফোন নালাগে ৷ মোক মোৰ আচল ফোনটোৱেই লাগে ৷
তেতিয়া দেৱীয়ে ক'লে, . . . . . . 'গাধ, এইটোৱেই তোৰ ফোন, ধুই ল'......
@@@@@@@@@@@@@@
1) এজন বন্ধুৰ যোৱা ৭ দিনৰ পৰা এটাই ষ্টেটাচ্: driving তেঁও নিশ্চয় ইমান দিনে গৈ আফগানিস্তান পালেগৈ !
2) আন এজনৰ ষ্টেটাচ্: urgent calls only ভাব হয়, এইজন নিশ্চয় মিলিটেৰী, পুলিচ নাইবা ফায়াৰ বিগ্ৰেডৰ মানুহ হ'ব !
3) এজনৰ যোৱা এমাহৰ পৰা এটাই ষ্টেটাচ্: sleeping সন্দেহ হৈছে এইটো কেনেবাকৈ কুম্ভকৰ্ণৰ নম্বৰ নহয়টো !
4) আন এজনৰ কেইবাদিনৰ পৰা একেটাই ষ্টেটাচ্: happy এইজন নিশ্চয় স্বৰ্গতে settle হ'ল !
5) এজনৰ কেইবা মাহৰ পৰা এটাই ষ্টেটাচ্: available আৰে বন্ধু, এনেকুৱা মূল্যবৃদ্ধিৰ দিনতো একো কাম-বন নকৰাকৈ থাকিব পাৰিছা যে !
6) আন কেইবাজনৰো ষ্টেটাচ্: Hei there! I am using whatsapp হেৰা বন্ধুহঁত, এইটোনো আকৌ ক'ব লগা কথানে ! Whatsapp ব্যৱহাৰ কৰা বাবেইতো মোৰ whatsapp listত ওলাইছা !
7) আটাইতকৈ বিচিত্ৰ ষ্টেটাচ্: Can't talk, whatsapp only
qqqqqqqqqqq
আজি নতুনকৈ অসমীয়া লিপিত লিখিবলৈ শিকি মনটো ভাল লাগি আছে ।
Comments
Post a Comment