বুর্জোৱা আৰু সৰ্বহাৰা


মার্ক্সীয় চিন্তাধাৰাত সঘনাই উচ্চাৰিত দুটা শব্দ আছিল বুর্জোৱা (Bourgeois) আৰু সৰ্বহাৰা (Proliteriate)। অষ্টাদশ আৰু ঊনবিংশ শতিকাত ফ্রান্সৰ মধ্যবিত্ত শ্রেণীটোক বুর্জোৱা বুলি কোৱা হৈছিল। উচ্চবিত্ত অৰ্থাৎ অভিজাত শ্ৰেণী আৰু সৰ্বহাৰা অৰ্থাৎ দৰিদ্ৰ শ্ৰেণীৰ মধ্যস্থানত অৱস্থান কৰা এই মধ্যবিত্ত শ্ৰেণীটোক কাৰ্ল মাৰ্ক্সে সুবিধাবাদী শ্ৰেণী হিচাবে বিবেচনা কৰিছিল। মাৰ্ক্সে কৈছিল কোনোধৰনৰ মহান বিপ্লৱ অথবা ব্যাপক সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক পৰিৱৰ্তন এই সুযোগসন্ধানী বুৰ্জোৱা শ্ৰেণীৰ দ্বাৰা কেতিয়াও সম্ভৱ নহব। যিকোনো ধৰনৰ বিপ্লৱ তথা পৰিৱৰ্তন প্রলিতাৰিয়েত্ অৰ্থাৎ খাটিখোৱা মানুহ, সৰ্বহাৰা সকলৰ দ্বাৰা‌হে সম্ভৱ হব । আজিৰ তাৰিখত মাৰ্ক্সবাদ এক অপ্ৰাসঙ্গিক বিষয় যদিও মাৰ্ক্সে কোৱা কথাখিনি আজিৰ পৰিস্থিতিতো প্ৰযোজ্য বুলি অনুভৱ কৰিলো।
বৰ্তমানৰ পুঁজিবাদী ব্যৱস্থাত মধ্যবিত্ত সকল বিশেষকৈ ব্যাৱসায়িক শ্ৰেণীৰ মানুহখিনি হৈছে বুৰ্জোৱা তথা সুবিধাবাদী শ্ৰেণী। ২০১৪ ৰ নিৰ্বাচনৰ পিছত মোডীজীক মূৰত তুলি নচা এই ব্যাৱসায়িক গোষ্ঠীৰ লোকসকলেও পৰিৱৰ্তনৰ (নিজৰ) সপোন দেখিছিল। আতংকবাদ আৰু দূৰ্নীতি নিৰ্মূলকৰন, আতংকবাদী প্ৰতিবেশী পাকিস্থানক উচিত শিক্ষা দিয়া আদি বিষয়ক লৈ এই লোক সকল আছিল অতি উচ্চাকাঙ্খী। কিন্তু দেশলৈ পৰিৱৰ্তনৰ জোঁৱাৰ আনিবলৈ মোডীজীয়ে গ্ৰহণ কৰা প্ৰক্ৰিয়াবোৰক সমৰ্থন কৰি নিজৰ ক্ষতি কৰাৰ কাৰো সদিচ্ছা নাই। বিমূদ্ৰাকৰণৰ সময়ত তিনি-চাৰি ঘন্টা বেঙ্কৰ সন্মুখত শাৰী পাতিবলগীয়া হ‌ওঁতেই মোডীজীক গালি পৰা আৰম্ভ কৰিলে।
সাধাৰন জনতাই আগতেও বিক্ৰী কৰ দিছিল আৰু এতিয়াও দি আছে। কিন্তু জি এচ টি হোৱাৰ আগলৈ, গৰিষ্ঠ সংখ্যক ব্যাৱসায়ীয়ে এই বিক্ৰী কৰ সমূহ চৰকাৰী খাতাত জমা নকৰি আত্মসাৎ কৰি দেশৰ অৰ্থনীতিক দূৰ্বল কৰি ৰাখিছিল। অত বছৰে ব্যাৱসায়ী সকলে কৰ ফাঁকি দি ৰাইজৰ ধন আত্মসাৎ কৰি এই ধন তেওঁলোকৰ প্ৰাপ্য যেন অনুভৱ কৰি আহিছে। অনলাইন জি এছ টি বলবৎ হোৱাৰ পিছত ব্যাৱসায়ী সকলৰ এই অসৎ আয়ৰ পথ বন্ধ হৈ পৰাৰ লগে লগে মোডজী বেয়া মানুহ হৈ পৰিল।
বেছি সংখ্যক ভাৰতীয় মানুহৰ এইয়াই হৈছে প্ৰকৃত চৰিত্ৰ। আইন কানুন কাঢ়া হব লাগে, দূৰ্নীতি বন্ধ হব লাগে, নিয়ম শৃঙ্খলা অটুট থাকিব লাগে, আতংকবাদ বন্ধ হব লাগে আদি কথাবোৰ সকলোৱে বিচাৰে কিন্তু এইবোৰ বেলেগৰ বাবে প্ৰযোজ্য হ‌ওঁক, বেলেগে পালন কৰক কিন্তু নিজৰ ক্ষেত্ৰত হব নালাগে, নিজে নিজৰ ইচ্ছা অনুযায়ী চলি থাকিব পাৰিব লাগে।
সম্প্ৰতি পাঁচখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ পৰাজয় হোৱাৰ মূল কাৰন হৈছে এই ধৰনৰ দূৰ্নীতিপৰায়ণ লোকৰ মেৰুকৰণ। ৰাজস্থানৰ ফলাফললৈ লক্ষ্য কৰক, এই ব্যাৱসায়িক গোষ্ঠীৰ লোক সকল সৌ সিদিনালৈ মোডীৰ "হাৰ্ডকোৰ" সমৰ্থক আছিল অথচ বিমুদ্ৰাকৰণ (বিমুদ্ৰাকৰণৰ সফলতাকলৈ বহুতৰ মনত থকা সন্দেহ দূৰ কৰিবলৈ লিখনি এটা ম‌ই আগবঢ়াম।) আৰু জি এচ টি বলবৎ হোৱা বাবে অসৎ আয়ৰ পথ বন্ধ হৈ পৰিল গতিকে মোডীক আতঁৰাবলৈ এই আধুনিক বুৰ্জোৱা সকল উঠি পৰি লাগিছে।
কিন্তু ভাৰতবৰ্ষৰ "সৰ্বহাৰা" ৰাইজ এতিয়া যথেষ্ট পৰিপক্ক। জাতি, ধৰ্ম্ম, বৰ্ণৰ ঠেক গণ্ডীৰ পৰা নিজকে মুক্ত কৰি এই সকলোবোৰৰ উৰ্দ্ধত চিন্তা কৰিব পৰাকৈ বৰ্তমানৰ এই দুখীয়া অশিক্ষিত মানুহখিনি সম্পূৰ্ণৰূপে শিক্ষিত।
এই আধুনিক প্ৰলিতাৰিয়েত্ সকল মোডীজীৰ সততা, দূৰদৰ্শিতা, দক্ষতা, নিকা ভাবমূৰ্তি আৰু ৰাজনৈতিক সদিচ্ছাৰ লগতে মোডীজীয়ে গ্ৰহণ কৰা নীতিৰ সতে অতি সুন্দৰভাবে পৰিচিত। এতিয়ালৈ মোডীজীয়ে গ্ৰহণ কৰা নীতি সমূহৰ পৰা আটাইতকৈ উপকৃত হৈছে দেশৰ দুখীয়া শ্ৰেণীৰ লোকসকল, গতিকে এই "সৰ্বহাৰা" লোকসকলে মোডীজীৰ সতে বিশ্বাসঘাতকতা কেতিয়াও নকৰে আৰু সৰ্বাহাৰা ৰাইজে দেশলৈ বৈপ্লৱিক পৰিবৰ্তন আনিব মোডীজীৰ নামত ভোট দি। কাৰ্ল মাৰ্ক্সে কৈ যোৱা কথাষাৰ নিশ্চয় ফলিয়াব। সুবিধাবাদী বুৰ্জোৱা সকলৰ প্ৰয়োজন নাই, সৰ্বহাৰাৰ আন্তৰিক সমৰ্থনেই যথেষ্ট।

Comments

Post a Comment

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা