জীৱাশ্ম ইন্ধনৰ ইতিহাস (History of Fossil Fuel):
* জীৱাশ্ম ইন্ধনৰ ইতিহাস (History of Fossil Fuel):* বায়ু , পানী , মাটি , সূৰ্যৰ তাপ আৰু খনিজ পদাৰ্থ আদি প্রকৃতি প্ৰদত্ত সেয়েহে ইয়াক প্রাকৃতিক সম্পদ বুলি কোৱা হয়। প্রাকৃতিক সম্পদক অক্ষয় (renewable) আৰু ক্ষয়শীল (non-renewable) নামৰ দুটা ভাগত ব্যাপকভাবে শ্রেণীৱদ্ধ কৰি পাৰি। অক্ষয় প্রাকৃতিক সম্পদ প্রকৃতিৰ বুকুত সীমাহীন ভাবে উপস্থিত থাকে আৰু মানুহৰ কার্যকলাপৰ দ্বাৰা প্ৰভাৱিত নহয়। যেনে সূর্যৰ পোহৰ আৰু বতাহ। ক্ষয়শীল প্রাকৃতিক সম্পদৰ পৰিমাণ সীমাৱদ্ধ আৰু এবাৰ নিশেষ (exhaust) হ ' লে পুনৰ পাব নোৱাৰি। এই সম্পদবোৰ যেনে বন , বন্যপ্রাণী , খনিজ , কয়লা , খাৰুৱা তেল , প্রাকৃতিক গেছ ইত্যাদি। ভূগর্ভত থকা শিলাখণ্ড সমূহৰ তৰপৰ ভিতৰত সুদীর্ঘকাল ধৰি প্রাকৃতিক উপায়েৰে সংৰক্ষিত অথচ আজিৰ পৃথিৱীত লুপ্ত হৈ পৰা প্ৰাণী বা উদ্ভিদৰ সামগ্রিক বা আংশিক ভাবে প্রস্তৰীভূত অৱস্থা অথবা তাৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয় । কয়লা , প্রাকৃতিক গেছ আৰু খাৰুৱা তেল এই তিনিওবিধ মৃত জৈৱিক পদাৰ্থৰ পৰা প্ৰাকৃত...