প্রেমত ঘুৰিছে ভূমণ্ডল
::: প্রেমত ঘুৰিছে ভূমণ্ডল ::: চাকৰি জীৱনৰ প্ৰথম অৱস্থাত গুৱাহাটীৰ ঘৰখনলৈ বৰ মনত পৰি আছিল। বহাগ বিহু আহি পোৱাত মনটো গুৱাহাটীলৈ বুলি উৰা মাৰিলে। গৰু বিহুৰ আগদিনাখনেই দুটা কেজুৱেল লিভ সাঙুৰি , ছুটি লৈ নাইট চুপাৰযোগে ঘৰ পালোহি। গৰু বিহুৰ দিনা চানমাৰীৰ বিহুৰ প্ৰথমদিন। সন্ধিয়া সাজি - কাছি যাব ওলাওতেই শিৱসাগৰৰ পৰা মোৰ ৰূম - মেট প্ৰসেনজিতৰ ফোন আহিল , " কল ' নীত ‘ চি ’ টাইপ কোৱাৰ্টাৰ এটা এলট কৰিছে। " প্ৰায় সাত মাহৰ প্ৰতীক্ষাৰ মূৰত কোৱাৰ্টাৰ ‘ এলট ’ হোৱা বুলি শুনি মনটো ভাল লাগি গ ’ ল। " পিছে এটা প্রব্লেম আছে। ...