বুর্জোৱা আৰু সৰ্বহাৰা
মার্ক্সীয় চিন্তাধাৰাত সঘনাই উচ্চাৰিত দুটা শব্দ আছিল বুর্জোৱা (Bourgeois) আৰু সৰ্বহাৰা (Proliteriate)। অষ্টাদশ আৰু ঊনবিংশ শতিকাত ফ্রান্সৰ মধ্যবিত্ত শ্রেণীটোক বুর্জোৱা বুলি কোৱা হৈছিল। উচ্চবিত্ত অৰ্থাৎ অভিজাত শ্ৰেণী আৰু সৰ্বহাৰা অৰ্থাৎ দৰিদ্ৰ শ্ৰেণীৰ মধ্যস্থানত অৱস্থান কৰা এই মধ্যবিত্ত শ্ৰেণীটোক কাৰ্ল মাৰ্ক্সে সুবিধাবাদী শ্ৰেণী হিচাবে বিবেচনা কৰিছিল। মাৰ্ক্সে কৈছিল কোনোধৰনৰ মহান বিপ্লৱ অথবা ব্যাপক সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক পৰিৱৰ্তন এই সুযোগসন্ধানী বুৰ্জোৱা শ্ৰেণীৰ দ্বাৰা কেতিয়াও সম্ভৱ নহব। যিকোনো ধৰনৰ বিপ্লৱ তথা পৰিৱৰ্তন প্রলিতাৰিয়েত্ অৰ্থাৎ খাটিখোৱা মানুহ, সৰ্বহাৰা সকলৰ দ্বাৰাহে সম্ভৱ হব । আজিৰ তাৰিখত মাৰ্ক্সবাদ এক অপ্ৰাসঙ্গিক বিষয় যদিও মাৰ্ক্সে কোৱা কথাখিনি আজিৰ পৰিস্থিতিতো প্ৰযোজ্য বুলি অনুভৱ কৰিলো। বৰ্তমানৰ পুঁজিবাদী ব্যৱস্থাত মধ্যবিত্ত সকল বিশেষকৈ ব্যাৱসায়িক শ্ৰেণীৰ মানুহখিনি হৈছে বুৰ্জোৱা তথা সুবিধাবাদী শ্ৰেণী। ২০১৪ ৰ নিৰ্বাচনৰ পিছত মোডীজীক মূৰত তুলি নচা এই ব্যাৱসায়িক গোষ্ঠীৰ লোকসকলেও পৰিৱৰ্তনৰ (নিজৰ) সপোন দেখিছিল। আতংকবাদ আৰু দূৰ্নীতি নিৰ্মূলকৰন, আতংকবাদী...