গজল আৰু শ্বায়েৰী: সঙ্গীতৰ যাদুকৰী পৰশ
"গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ" ঊৰ্দু ভাষাৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে। শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল মূলতঃ আৰবী ভাষাৰপৰা উদ্ভৱ হোৱা শব্দ আৰু গজলৰ অৰ্থ হৈছে “নাৰীৰ সৈতে কথা পতা”। ঊৰ্দু ভাষাৰ উপৰিও আজিকালি ভাৰতীয় প্ৰায়বোৰ ভাষাতেই গজল লিখা হয়। গজলৰ পৰিভাষা বুজিবলৈ গজলৰ সৈতে জড়িত কিছু সংখ্যক শব্দৰ সৈতে পৰিচয় হোৱাটো অতি আৱশ্যক। এই শব্দবোৰ হৈছে শ্বে’ৰ, মিশ্ৰা, কাফিয়া, ৰদীফ্, মতলা, মক্তা, তখল্লূছ ইত্যাদি। এই শব্দবোৰৰ বেছিভাগেই পাৰ্চী তথা উৰ্দু শব্দ। এই আলোচনাত গজলৰ লগত জড়িত শব্দবোৰৰ সৈতে পৰিচয় হ’বলৈ এটা শুদ্ধ গজল উদাহৰণ ...