জামুন কা পেড়-কৃষণ চন্দৰ
কৃষণ চন্দৰ চোপ্ৰা ভাৰতীয় সাহিত্যজগতৰ এক প্ৰথিতযশা নাম। ১৯১৪ চনত অবিভক্ত ভাৰতবৰ্ষৰ ৱজিৰাবাদত (বৰ্তমান পাকিস্থান) জন্মগ্ৰহণ কৰা কৃষণ চন্দৰ এগৰকী উৰ্দু আৰু হিন্দী সাহিত্যৰ উজ্জ্বল ভোটাতৰা। বৃটিছ ভাৰত তথা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাক তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰিবলৈ তেওঁ লিখিছিল ৰাজনৈতিক আৰু সামাজিক প্ৰহসন সাহিত্য। পৰৱৰ্তী কালত তেখেতৰ বেছিভাগ ৰচনাই বহু দশক ধৰি পাঠকৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এক কথাত তেখেতক ভাৰতৰ মাৰ্ক টোৱেন বুলিব পাৰি। চৰকাৰী কাম-কাজৰ শামুকীয়া গতি, ৰঙা ফিটাৰ মেৰপাক আদি সকলো দিশ সামৰি লিখা "জামুন কা পেড়" নামৰ গল্পটো পঢ়িছিলো স্কুলীয়া ছাত্ৰাৱস্থাত থাকোতে আশীৰ দশকত। এই গল্পটোৱে মোৰ কুমলীয়া বয়সৰ বিবেকক জোকাৰি যোৱা বাবেই হয়তো পৰৱৰ্তী কালত ২০০০ চনত এই গল্পটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ "বিড়ম্বনা" নামৰ এখন একাঙ্কিকা নাটক ৰচনা কৰিছিলো। নাটকখন ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত এখন নাট প্ৰতিযোগিতালৈ বুলি নিৰ্বাচিত হৈছিল। মোৰ নাটকখন চোৱাৰ পিছত এজন দৰ্শকৰ পৰা গম পাইছিলো যে যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰেও এই গল্পটোৰ ...