Posts

Showing posts from January, 2018

মাটিৰ তলৰ তাবিজ

মাটিৰ তলৰ তাবিজ আত্মীয় স্বজন, পৰিয়ালৰ পৰা আঁতৰি থকাৰ যে কি বেদনা সেইয়া মাথো ভুক্তভোগীয়েহে জানে৷ আৰু যদিহে ভুক্তভোগীজন আমাৰ দৰে ডঙুৱা হয় তেতিয়া হলেতো কথাই নাই, ঘৰখনলৈ অন্তত খোৱাৰ সময়ত মনত পৰিবই পৰিব৷ গুৱাহাটীৰ পৰা শিৱসাগৰৰ দুৰত্ব আজিৰ দিনত হয়তো বেছি যেন নালাগিব পাৰে কিন্তু আজিৰ পৰা পঁচিশ বছৰ আগতে যেতিয়া চুবুৰীত এটা মাথো লেণ্ডলাইন ফোন, পিচিঅ’ত দীঘল দীঘল লাইন অথবা পত্ৰৰ মাধ্যমেৰে যোগাযোগ কৰাৰ প্ৰথা তেতিয়াও একেবাৰে শেষ হোৱা নাছিল, সেই সময়ত বৰ দূৰ যেন লাগিছিল৷ সময় কটাবলৈ আজিৰ দৰে স্মাৰ্ট ফোন, ফেইচবুক অথবা হোৱাটছ্এপ্ ইত্যাদি একোৱেই নাছিল৷ ঠিক তেনে এক সন্ধিক্ষণত গুৱাহাটীৰ পৰা আমি তিনিজন বন্ধু চাকৰিৰ নিযুক্তি পত্ৰ হাতত লৈ শিৱসাগৰলৈ বুলি ৰাওনা হৈছিলো৷ জীৱনত প্ৰথমবাৰৰ বাবে অকলে পৰিয়ালৰ আটাইবোৰকে এৰি বাহিৰলৈ যাম, অচিনাকি, নতুন ঠাই, থকা মেলা আদিক লৈ এক মিশ্ৰিত প্ৰতিক্ৰিয়াই মনটো গধুৰ নকৰাও নহয়৷ নতুন ঠাই এখনলৈ গৈ ক’ত কেনেকৈ থাকিম, খোৱা-বোৱা ইত্যাদি নানান চিন্তা মনলৈ আহিল৷ আগতীয়াকৈ সংগ্ৰহ কৰা তথ্য অনুযায়ী গম পালো যে প্ৰথম অৱস্থাত কোম্পানীৰ কোৱাৰ্টাৰ পোৱা নাযাব আৰু কিছুদিন ঘৰ ভাড়...